নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাঙত বাঘৰ আক্ৰমণত আহত এজন

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ টিংখাঙৰ ১ নং শালমাৰীত বাঘৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। আহত যুৱক জন হৈছে ১ নং শালমাৰী গাঁৱৰ কোলেন ফুকন। গাঁৱৰে এঘৰ লোকৰ ঘৰৰ চাহ বাগিচাত কাম কৰিবলৈ যাওঁতে হঠাৎ বাঘে আক্ৰমণ কৰে। সম্প্ৰতি বাঘৰ আক্ৰমণত মূৰ , ডিঙি আৰু পেটত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ কোলেন ফুকন নাহৰণি প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে,প্ৰকাণ্ড নাহৰফুটুকীৰ আক্ৰমণত কেইবাটাও পশুধনৰ মৃত্যু হৈছে । ঘটনাৰ পাচতে অঞ্চলজুৰি বাঘৰ আতংকই বিৰাজ কৰিছে।

You might also like