নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতি মাহে আহে লাখটকীয়া বিদ্যুত বিল : হতভম্ব গ্ৰাহক

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ এটা অথবা দুটা লাইটৰ বাল্ব জ্বলোৱাৰ বাবত কিমান টকাৰ বিদ্যুতৰ বিল আহিব পাৰে ? সেয়া হয়তো আপোনাৰ বাবে সহজেই অনুমেয় । পিচে কাছাৰ জিলাৰ উধাৰবন্দ শক্তি বিভাগৰ অধীনত থকা আৰকাটিপুৰৰ শশ গ্ৰাহকৰ বিদ্যুতৰ বিল দেখি আপোনাৰো চকু কপালত উঠিব । এই এলেকাৰ প্ৰতিটো ঘৰৰ বাবদ এতিয়া আহিছে ২০ হাজাৰৰ পৰা ৩ লাখ টকা পৰ্যন্ত বিল । যোৱা এটা সপ্তাহত এই বিদ্যুত বিল দেখাৰ পাচতেই এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

স্থানীয় ৰাইজে জনোৱা অনুসৰি প্ৰতিমাহেই বিদ্যুত বিল পৰিশোধ কৰি আহিছে এইসকল লোকে । যোৱা মাহত ৮০০ টকা বিল দিয়া এটা পৰিয়ালৰ এইমাহৰ বিল আহিছে আঢ়ৈ লাখ টকা (২.৫০ লাখ) । এনে বৃহত পৰিমাণৰ বিল পৰিশোধৰ বাবে অপাৰগ এইসকল লোকে অভিগোগ কৰে যে, তেওঁলোকৰ ঘৰত এনে কোনো কল-কাৰখানা নাই যে যি কল-কাৰখানাৰ বিল প্ৰতিমাহে হ’ব লক্ষাধিক টকা ।

এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন কৰি অহাৰ পাচতো কোনো গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । ইফালে, বিভাগটোৰ এছ এম আৰ ভাস্কৰ নন্দিয়ে কয় যে, যি পৰিমাণৰ বিল আহিছে সেয়া পৰিশোধ কৰিবই লাগিব গ্ৰাহকসকলে । বিষয়াজনৰ এনে কাণ্ডৰ পিচতেই স্থানীয় ৰাইজে ঘেৰাও কৰে ভাস্কৰ নন্দিক । এই ঘেৰাও কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰে কৰে ভাস্কৰ নন্দি নামৰ এইজন বিষয়াই । এজন চৰকাৰী বিষয়া এনে কাণ্ডত এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

You might also like