নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা সবলীকৰণৰ আহ্বান মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ

আমাৰ দিনতেই উজলিছে হিমা–ৰীমা–লাভলিনা–শিবাংগীঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ নাৰীসকলক সামাজিকভাৱে সবল আৰু আর্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ২০১৮ চনৰ ১৩ এপ্রিলত আৰম্ভ কৰা ‘কনকলতা মহিলা সবলীকৰণ আঁচনি’ৰ দ্বিতীয় পর্যায়ত মহিলা আত্মসহায়ক গোটলৈ ঘূর্ণীয়ামান পুঁজি বিতৰণৰ বাবে মহিলা সমাৰোহৰ আয়োজন কৰে৷ গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত মহিলা সমাৰোহখনত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে বর্তমানৰ চৰকাৰৰ লক্ষ্যই হৈছে প্রতিগৰাকী মহিলাৰ মর্যাদা বৃদ্ধি কৰা৷ পূর্বৰ চৰকাৰৰ কার্যকালত উপেক্ষিত হৈ ৰোৱা ৰাজ্যৰ মহিলা সমাজক উপযুক্ত সন্মান আৰু মর্যাদা প্রদানৰ বাবে অসম চৰকাৰে পদক্ষেপ লৈছে৷ ইতিমধ্যে ৰাজ্যৰ প্রথমগৰাকী মহিলা উপাচার্য হিচাপে যোৰহাটস্থিত ৰাজ্যিক মহিলা বিশ্ববিদ্যালয়ত ড০ মালিনী গোস্বামীক নিযুক্তি দিয়া হৈছে৷ ৰাজ্যৰ প্রথমগৰাকী মহিলা মুখ্য সচিব হিচাপে বর্তমানৰ চৰকাৰৰ কার্যকালতে নিযুক্তি দিয়া হৈছে৷ বর্তমানৰ চৰকাৰৰ কার্যকালতে সাংস্কৃতিক ক্ষেত্রত ৰীমা দাস, ক্রীড়া ক্ষেত্রত হিমা দাস, লাভলীনা বৰগোহাঁই, যমুনা বড়ো, অংকুশিতা বড়ো, শিৱাংগী শর্মা আদিয়ে অসমীয়া নাৰী সমাজৰ সাফল্যৰ ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে৷ ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে মহিলা আজি মহাশক্তি৷ মহিলা আজি মূল শক্তি৷ মাতৃ অবিহনে পৃথিৱীৰ সৃষ্টি হ’ব নোৱাৰে৷ এখন সমাজৰ মহানতা নির্ভৰ কৰে মাতৃৰ প্রতি প্রদর্শন কৰা শ্রদ্ধাৰ জৰিয়তেহে৷ ঋকবেদতো উল্লেখ আছে য’ত নাৰীক পূজা কৰা হয়, তাতে ঈশ্বৰে বাস কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মেদীয়ে বেটী বচাও বেটী পঢ়াও, উজ্জ্বল যোজনা, স্বচ্ছ ভাৰত অভিযান আদিৰ জৰিয়তে মহিলাসকলৰ মর্যাদা সমাজত বৃদ্ধি কৰিছে৷ প্রধানমন্ত্রীৰ আদর্শৰে অনুপ্রাণিত হৈ অসম চৰকাৰে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ মাধ্যমেৰে গাঁও আৰু চহৰ অঞ্চলৰ মহিলাক স্বাৱলম্বী কৰিবলৈ পদক্ষেপ লৈছে৷

 

                      অসম চৰকাৰে মহিলাৰ মর্যাদা বৃদ্ধিৰ বাবে অৰুন্ধতী আঁচনি, ইন্দিৰা মিৰি বিধৱা পেন্সন আঁচনি, শ্বহীদ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনিৰ দৰে পদক্ষেপ গ্রহণ কৰাৰ কথা মুখ্যমন্ত্রী সোণোৱালে উল্লেখ কৰি কয় যে ৰাজ্যৰ মহিলা সমাজক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু ৰাজনৈতিকভাৱে সৱল কৰিব লাগিব আৰু এই দিশত অসম চৰকাৰে পদক্ষেপ লৈছে৷ কোনো কাৰণতে যাতে ৰাজ্যত কর্ম সংস্কৃতি আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট নহয় তাৰ বাবে নাৰী সমাজে জাগ্রত প্রহৰীৰ ভূমিকা পালন কৰিব লাগিব৷ ছাত্র–ছাত্রীসকলে গভীৰভাৱে অধ্যয়ন কৰিলে পৰিয়াল, সমাজ আৰু ৰাষ্ট্রলৈ গৌৰৱ কঢ়িয়াই আনিব আৰু এইক্ষেত্রত আদিগুৰু হিচাপে মাতৃসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব৷ ৰাজ্যত সকলো পৰিস্থিতিতে যাতে শান্তি, সম্প্রীতি, একতা আৰু বন্ধুত্বৰ ভাব অটুট থাকে তাৰ বাবে নাৰী সমাজে সংকল্প ল’ব লাগিব৷ ভুৱা প্রচাৰত যাতে কোনো ব্যক্তি ভোল নাযায় তাৰ বাবে নাৰীসকলে চোকা দৃষ্টি ৰাখিব লাগিব৷ মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে ৰাইজক অন্ধকাৰত ৰাখি অসম চৰকাৰে কোনো কাম নকৰে৷ অসম চৰকাৰ গঠন হৈছে ৰাজ্যৰ জাতি–জনগোষ্ঠীসমূহ লৈ৷ এইখন খিলঞ্জীয়াৰ চৰকাৰ আৰু খিলঞ্জীয়াৰ স্বার্থত সদায় কাম কৰি যাব৷ অসম চৰকাৰে ৰাজ্যৰ ভাষা, কৃষ্টি–সংস্কৃতি আৰু পৰম্পৰাগত ৰীতি–নীতি সুৰক্ষাৰ বাবে দৃঢ়তাৰে কাম কৰি গৈছে৷

                   এইক্ষেত্রত কোনো কাৰণতে ৰাজ্যবাসী শংকিত হ’ব নালাগে৷ এখন দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসবাদমুক্ত, প্রদূষণমুক্ত আৰু বিকশিত অসম নির্মাণ কৰাটো ৰাজ্য চৰকাৰৰ লক্ষ্য৷ সেই লক্ষ্যত উপনীত হ’বৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে৷ এই প্রসংগত মুখ্যমন্ত্রী সোণোৱালে শেহতীয়াকৈ স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কথা উল্লেখ কৰি কয় যে এই শান্তি চুক্তিয়ে ৰাজ্যৰ এক দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলালে আৰু ৰাজ্যলৈ ইতিবাচক বার্তা কঢ়িয়াই আনিছে৷ তদুপৰি চলিত বর্ষত অসম চৰকাৰে প্রত্যক্ষ আৰু পৰোক্ষভাৱে প্রায় ১ লাখ যুৱক–যুৱতীক কর্ম সংস্থাপন প্রদানৰ ব্যৱস্থা গ্রহণ কৰিব বুলিও উল্লেখ কৰে৷ অনুষ্ঠানত ভাষণ দি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱ কুমাৰ দলেই কয় যে কনকলতা মহিলা সৱলীকৰণ আঁচনিখন ২০১৭–১৮ চনৰ বার্ষিক বাজেটত ঘোষণা কৰি ২৫০ কোটি টকা ধার্য কৰা হৈছিল৷ এই আঁচনিৰ অধীনত ১ লাখ আত্মসহায়ক গোট গঠন কৰি ১০ লাখ পৰিয়ালক উপকৃত কৰাৰ পদক্ষেপ অসম চৰকাৰে গ্রহণ কৰিছিল৷ এই আঁচনিৰ অধীনত প্রতিটো মহিলা আত্মসহায়ক গোটক ঘূর্ণীয়মান পুঁজি হিচাপে ২৫ হাজাৰ টকাৰ অনুদান আগবঢ়োৱা হৈছিল৷ বর্তমানলৈ এই আঁচনিখনৰ অধীনত ৰাজ্যৰ ১৮ লাখ পৰিয়াল আৰু ১,৭৮,৭২০টা আত্মসহায়ক গোটক সামৰি লোৱা হৈছে৷

 

                      আঁচনিখনে গ্রামীণ অঞ্চলৰ মহিলাসকলৰ জীৱিকা নির্বাহৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা ল’বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি অনুষ্ঠিত এই কার্যসূচীৰ জৰিয়তে আঁচনিখনৰ অধীনত ৰাজ্যৰ ২০ হাজাৰ আত্মসহায়ক গোটলৈ প্রায় ৩০ কোটি টকাৰ ঘূর্ণীয়মান পুঁজি আগবঢ়োৱা হৈছে৷ এই মহিলা সমাৰোহত অসম চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী যোগেন মহন, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া, বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে ভাষণ দিয়ে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্রধান সচিব জে বি এক্কাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা আজিৰ অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, বিশিষ্ট সমাজ কর্মী ফণীন্দ্র নাথ শর্মা, ডি এন পি লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামী, অসম পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা, অসম গ্রামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালিকা উৎপলা শইকীয়া প্রমুখ্যে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like