নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্ৰতা নকৰাকৈ নিৰ্বাচন খেলিলে মুখ থেকেচা খাব বিকল্প দলেঃ তৰুণ গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰত্যাহ্বান

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ মিত্ৰতা নকৰাকৈ আছুৰ বিকল্প দলে নিৰ্বাচনী যুদ্ধত অকলে অৱতীৰ্ণ হ’লে মুখ থেকেচা খাব আৰু বিকল্প দলতকৈ অধিক আসন পাব কংগ্ৰেছে বুলি মন্তব্য় কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কিন্তু কংগ্ৰেছে বিকল্প দল হোৱাটো বিচাৰে বুলিও মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। বিকল্প দলৰ কুছকাৱাজ চলি থকা সময়তে কংগ্ৰেছে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল কিন্তু কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰা পিছতেই এই প্ৰত্যাহ্বান জনালে তৰুণ গগৈয়ে।                আনহাতে এই সন্দৰ্ভত বদৰুদ্দিন আজমলে কয় যে আমাৰ সম্পূৰ্ণ সহযোগ আছে নতুন দলৰ লগত। আমি আদৰণি জনাইছো নতুন দল হ’লে অসমৰ বাবে ভাল হ’ব।