নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ টাটা মেম’ৰিয়েলৰ জৰুৰীকালীন নিৰ্দেশনা

আগতীয়াকৈ ফোন কৰিহে মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত ল'বলৈ আহ্বান

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতাল কৰ্তৃপক্ষৰ জৰুৰীকালীন নিৰ্দেশনা। অসমৰ পৰা যাবলগীয়া সকলো কৰ্কটৰোগীৰ এপইণ্টমেণ্ট সাময়িকভাৱে বাতিল কৰা হৈছে।জৰুৰীকালীনভাৱে যাবলগীয়া ৰোগীসকলে প্ৰথমে 9819744446,9987111471,022-27810888 নম্বৰকেইটাত ফোন কৰিহে মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত ল’বলৈ আহ্বান জনাই হাস্পতাল কৰ্তৃপক্ষই। কৰ’না ভাইৰাছৰ আতংক সৃষ্টি কৰাৰ সময়তে সতৰ্কতা আৰু সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ।

              টাটা মেম’ৰিয়েল হাস্পতালৰ চৌহদৰ পদপথত অসম ভৱন কৰ্তৃপক্ষই অস্থায়ীভাৱে স্থাপন কৰিছে সেৱা কেন্দ্ৰ। মুম্বাইত চিকিৎসাধীন হৈ থকা ৰোগীসকলে এই সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰাৰো আহ্বান।

You might also like