নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি কলিতাপাৰা শ্ৰীমন্ত শংকৰদেৱ নামঘৰত চুৰিকাণ্ড

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ মঙলবাৰে নিশা শুৱালকুছি কলিতাপাৰা শ্ৰী মন্ত শংকৰদেৱ নামঘৰৰ মূল দৰ্জাৰ টলা ভাঙি চোৰে লুটি নিলে তিনিটাকৈ প্ৰণামীৰ টকা আৰু গুৰু আসনৰ পৰা লৈ গল সোণ আৰু ৰূপৰ অলংকাৰ। উল্লেখ্য যে যোৱা এমাহত ধাৰাবাহিক ভাৱে শুৱালকুছিৰ ছয়খনকৈ সত্ৰ , নামঘৰ, দেৱালয়ত চোৰে চলাইছিল লুটপাত। উল্লেখ্য যে শুৱালকুছি আৰক্ষীৰ নিস্ক্ৰয় ভূমিকাৰ বাবে ক্ষুদ্ধ হৈ পৰিছে স্থানীয় লোক সকল।

You might also like