নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পদ-সম্ভাৱনাক গুৰুত্ব দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

কোকৰাঝৰত চিআইটিৰ প্ৰতিষ্ঠা দিৱসত সোণোৱাল

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ঐতিহাসিক বড়ো চুক্তিৰ আধাৰত স্থাপিত কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান চমুকৈ চিআইটিৰ ১৪ সংখ্যক প্রতিষ্ঠা দিৱসৰ কার্যসূচীত অংশ লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শিক্ষানুষ্ঠানখনৰ চতুর্থ প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ কোকৰাঝাৰ বালাগাঁওস্থিত চিআইটিৰ প্রাংগণত প্রতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে এসময়ৰ অশান্তজর্জৰ অঞ্চলটোলৈ শান্তি ঘূৰি অহাৰ কথা উল্লেখ কৰি ইয়াৰ বাবে বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ বলিষ্ঠ নের্তৃত্বক প্রশংসা কৰে৷ কোকৰাঝাৰ বর্তমান শৈক্ষিক হাব লৈ পর্যবসিত হোৱাৰ কথা উল্লেখ কৰি অসমক বিশ্বৰ বুকুত প্রতিষ্ঠা কৰিবলৈ হ’লে সম্পদ, সম্ভাৱনা আৰু শক্তিক গুৰুত্ব দিব লাগিব আৰু ইয়াৰ বাবে শিক্ষা অপৰিহার্য বুলি মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷ বিটিটিপ্রধান মহিলাৰীয়ে গুৱাহাটীৰ আইআইটি কেম্পাছ আৰু এআইআইএমএছৰ কেম্পাছ কোকৰাঝাৰত কৰা হ’ব বুলি মন্তব্য কৰে৷ উক্ত অনুষ্ঠানত বিটিচিৰ উপমুখ্য কার্যবাহী খাম্ফা বৰগয়াৰী, মন্ত্রী চন্দন ব্রহ্ম, বিটিচিৰ কার্যবাহী সদস্য ক্রমে ৰাজীৱ ব্রহ্ম, দনেশ্বৰ গয়াৰী, চিআইটিৰ অধ্যক্ষ, সঞ্চালক আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷

You might also like