নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্ত ছীল কৰিলে উত্তৰ-পূবৰ ৬ ৰাজ্যই

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ৰাজ্যত ক্ৰমাত ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উদ্বিগ্ন হৈ পৰিছে । অসমৰ পৰা যাতে মাৰাত্মক ক’ৰোনা ভাইৰাছ সংক্ৰমণ হ’ব নোৱাৰে , তাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য়সমূহে । প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্যই অসমৰ সৈতে আন্তঃৰাজ্যিক সীমা ছীল কৰিছে, যাতে অসমৰ পৰা কোনো লোক ৰাজ্যকেইখনত প্ৰৱেশ কৰিব নোৱাৰে । কিছু অত্যাৱশ্যকীয় সেৱাক বাহিৰত ৰাখি আন সকলো বাহন , লোকৰ বাবে সংশ্লিষ্ট ৰাজ্যকেইখনে সীমা ছীল কৰি দিছে । প্ৰতিখন ৰাজ্যৰ প্ৰশাসনে আন্তঃৰাজ্যিক সীমাসমূহত আৰক্ষীক তীক্ষ্ণ নজৰ ৰাখিবলৈও নিৰ্দেশ দিছে । উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ অসমৰ সৈতে সীমা ছীল কৰি দিছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ , মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ে ।

You might also like