নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত প্রহসনত পৰিণত তথ্য জনাৰ অধিকাৰ

হিন্দু ব্লক গাঁও পঞ্চায়তৰ তথ্য বিচাৰি আবেদনকাৰীৰ নগুৰ–নাগতি

নিয়মীয়া বার্তা, ২৬ ডিচেম্বৰঃ হোজাই জিলাত ভূলুণ্ঠিত হৈছে তথ্য জনাৰ অধিকাৰ আইন ৷ বাতৰি অনুসৰি হোজাই জিলাৰ যোগীজান উন্নয়ন খণ্ডৰ অন্তর্গত নাম ডবকা গাঁৱৰ ইক্রাম উদ্দিন নামৰ এগৰাকী ব্যক্তিয়ে হিন্দুব্লক গাঁও পঞ্চায়তত ৰূপায়ণ হোৱা কেইবাখনো আঁচনিৰ বিষদ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আবেদন কৰিছিল ৷ লোকজনে ১৩ ছেপ্ঢেম্বৰত হোজাই সমষ্টিৰ যোগীজান খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ত হিন্দুব্লক গাঁও পঞ্চায়তত ৰূপায়ণ হোৱা ইন্দিৰা আৱাস যোজনা, প্রধানমন্ত্রী আৱাস যোজনাৰ উপৰি চতুর্দশ বিত্তীয় আয়োগৰ ধনৰ ব্যৱহাৰ, চৰকাৰী কামৰ খতিয়ান বিচাৰি আবেদন কৰিছিল৷ আবেদনত লোকজনে প্রতিটো কামৰ আঁচনিৰ ৰূপায়ণৰ সমানে হিতাধিকাৰীৰ নাম, ঠিকনাও বিচাৰিছিল৷ বাতৰি অনুসৰি পঞ্চায়তখনত ভুৱা নাম, ঠিকনা প্রয়োগ কৰি বহু আঁচনিৰ ধন হৰলুকি কৰা বুলি একাধিক অভিযোগ আছে৷ তথ্য বিচাৰি কৰা আবেদনৰ আজি প্রায় তিনি মাহ সময় উকলি যোৱা সত্ত্বেও পঞ্চায়তখনৰ পৰা তথ্য লাভ কৰিবলৈ সক্ষম নহ’ল আবেদনকাৰী৷ ইয়াৰ মাজতে আবেদনকাৰীয়ে হোজাই জিলা উপায়ুক্তৰ কার্যালয়ৰো শৰণাপন্ন হয় ৷ উপায়ুক্তৰ কার্যালয়ে যোৱা ১১ অক্টোবৰত যোগীজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়ালৈ এখন চিঠি লিখি আবেদনকাৰীক তথ্য যোগান ধৰিবলৈ কোৱা হয়৷ সেই নির্দেশৰ আজি দুমাহ সময় উকলি যোৱাৰ পিছতো যোগীজান উন্নয়ন খণ্ড বা হিন্দুব্লক গাঁও পঞ্চায়তে আবেদনকাৰীক তথ্য যোগান ধৰা নাই৷ তথ্যখিনি দিবলৈ আবেদনকাৰীক আজি নহয় কালি দিম বুলি কৈ ঘূৰাই আছে কর্তৃপক্ষই৷ এই অৱস্থাই হোজাই জিলাত তথ্য জনাৰ অধিকাৰ আইনৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ৷

You might also like