নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিনতে দাইল-মিঠাতেল ৰিফাইনৰ মূল্য ১০-২০ টকা পৰ্যন্ত বৃদ্ধি

কা বিৰোধী আন্দোলনৰ সুযোগ লৈছে অসাধু বণিয়াই

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ(কা) বিৰুদ্ধে হোৱা আন্দোলন সৃষ্ট পৰিস্থিতিৰ সুযোগ হৈছে ৰাজ্যৰ এচাম অসাধু ব্যৱসায়ীয়ে। বিশেষকৈ প্ৰতিবাদী আন্দোলনে হিংসাৰ ৰূপ লোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে সান্ধ্য আইন পাৰি কৰিবলগীয়া হোৱাৰ সময়ত খাদ্য-সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত নথকাৰ অজুহাত দেখুৱাই একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্যবস্তুৰ অভাৱনীয়ভাৱে মূল্যবৃদ্ধি কৰি লুণ্ঠন অব্যাহত ৰাখিছে। সান্ধ্য আইনৰ গইনা লৈ আলু-পিঁয়াজকে ধৰি শাক-পাচলিৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটাই সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম-টাঙোন শোধাইছিল।

ইয়াৰ মাজতে শেহতীয়া বিস্ফোৰক পৰিস্থিতিৰ সুযোগ লৈ এইবাৰ চৰা দামত দাইল, মিঠাতেল, ৰিফাইন আদি বিক্রী কৰিছে অসাধু ব্যৱসায়ীয়ে৷ যোৱা দহটা দিনৰ ব্যৱধানত অসাধু ব্যৱসায়ীয়ে মিঠাতেল, দাইল, ৰিফাইন তেল আদিৰ মূল্যবৃদ্ধি কৰি গ্রাহক ৰাইজক লুণ্ঠন চলাইছে৷ মিঠাতেল আৰু ৰিফাইন তেল লিটাৰেপতি ৫ৰ পৰা ১০ টকাপর্যন্ত বৃদ্ধি কৰা হৈছে৷ আনহাতে, মচুৰ আৰু মগু দাইলৰ মূল্য কিলোৱেপতি ১০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ ৰাজ্যৰ খাদ্য–সামগ্রীৰ পাইকাৰী বজাৰৰ ঘাটি ফাঁচী বজাৰৰ একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে দাইল, মিঠাতেল, ৰিফাইন তেল আদি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি কৰি বিক্রী কৰা বাবেই খুচুৰা ব্যৱসায়ীসকলেও এই অত্যাৱশ্যকীয় সামগ্রীকেইবিধৰ মূল্যবৃদ্ধি কৰিবলৈ বাধ্য হোৱা বুলি মহানগৰীৰ একাংশ খুচুৰা ব্যৱসায়ীয়ে মন্তব্য কৰিছে৷ পাইকাৰী ব্যৱসায়ীসকলে কি কাৰণে অত্যাৱশ্যকীয় সামগ্রীৰ হঠাৎ মূল্যবৃদ্ধি ঘটাইছে, সেই কথা খুচুৰা ব্যৱসায়ীসকলে নাজানে যদিও ‘কা’বিৰোধী আন্দোলনে অসমত বিস্ফোৰক পৰিস্থিতিৰ ৰূপ লোৱাত প্রশাসনে সান্ধ্য আইন জাৰি কৰাৰ সুযোগ গ্রহণ কৰি বর্তমান দাইল, মিঠাতেল আদিৰ মূল্যবৃদ্ধি কৰিছে বুলি আশংকা ব্যক্ত কৰে৷ উল্লেখ্য যে দহ দিন পূর্বে ১২০ টকা দৰত বিক্রী কৰা ১ লিটাৰ ফৰচুন ব্রেণ্ডৰ মিঠাতেল বর্তমানে ১৩০ টকাকৈ বিক্রী কৰা হৈছে৷ সেইদৰে ১২০ টকা দামত বিক্রী কৰা ১ লিটাৰ নিভাঁজ ব্রেণ্ডৰ মিঠাতেল ১৩০ টকা মূল্যত বিক্রী কৰা হৈছে৷ পূর্বতে ১১৩ টকা দৰত বিক্রী কৰা ১ লিটাৰ ফৰচুন ব্রেণ্ডৰ ৰিফাইন তেল বর্তমান ১২০ টকাকৈ খুচুৰা ব্যৱসায়ীয়ে বিক্রী কৰিছে৷ বাকী ব্রেণ্ডৰ মিঠাতেল আৰু ৰিফাইন তেলৰ মূল্যও অনুৰূপ ধৰণে বৃদ্ধি হোৱা বুলি মহানগৰীৰ খুচুৰা ব্যৱসায়ীয়ে মন্তব্য কৰে৷ সেইদৰে যোৱা ১০ দিন পূর্বে ৬৫ টকাকৈ বিক্রী কৰা ১ কিলোগ্রাম মচুৰ দাইল (ডাঙৰ) বর্তমান ৭০ টকা, মধ্যম আকাৰৰ মচুৰ দাইল কিলোৱেপতি ৭৬ টকাকৈ বিক্রী হৈছিল যদিও বর্তমান ৮০ টকাকৈ বিক্রী কৰা হৈছে৷ আনহাতে, ৯৬ টকা দামত বিক্রী কৰা ১ কিলোগ্রাম সৰু আকাৰৰ মচুৰ দাইল বর্তমান ১০৪ টকা দামত বিক্রী কৰা হৈছে৷

উল্লেখ্য যে উৎপাদনথলীত মচুৰ দাইল, মগু দাইলৰ মূল্য বৃদ্ধি হোৱা নাই যদিও অসমত ইয়াৰ মূল্য বৃদ্ধি কৰি অসাধু পাইকাৰী ব্যৱসায়ীয়ে ‘কা’বিৰোধী আন্দোলনৰ সুযোগ লৈ লুণ্ঠনত নামি পৰিছে৷ ফলত অন্যান্য অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ সমান্তৰালকৈ দাইল, ৰিফাইন, মিঠাতেল আদি ক্রয় কৰাটো সর্বসাধাৰণ ৰাইজৰ বাবে একপ্রকাৰ দুঃসাধ্য হৈ পৰিছে৷

লক্ষণীয়ভাৱে গেলামালৰ বজাৰত এনে জুই লগাৰ পাছতো জিলা প্রশাসন কিম্বা যোগান বিভাগে দাইল, মিঠাতেল, ৰিফাইন তেল আদিৰ মূল্য নিয়ন্ত্রণ কৰিবলৈ কোনো পদক্ষেপ লোৱা নাই৷ এইক্ষেত্রত জিলা প্রশাসন আৰু যোগান বিভাগে সম্পূর্ণ নির্বিকাৰ ভূমিকা গ্রহণ কৰিছে৷ দাইল, মিঠাতেল, ৰিফাইন তেল আদিৰ ঊর্ধ্বমুখী মূল্য নিয়ন্ত্রণৰ ক্ষেত্রত জিলা প্রশাসন আৰু যোগান বিভাগে কোনো পদক্ষেপ গ্রহণ নকৰাত ইয়াৰ সুযোগ লৈ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলে এই সামগ্রী ৰ মূল্যবৃদ্ধি ঘটাই নামি পৰিছে লুণ্ঠনত৷ যোগান বিভাগ আৰু বৈধ পৰিমাপ বিজ্ঞান বিভাগে দেওবাৰে মহানগৰীৰ বেলতলা বজাৰত অভিযান চলাই আলু কিলোৱেপতি ২৪–২৫ টকাকৈ আৰু পিঁয়াজ ৭০–৭৫ টকাকৈ বিক্রী কৰিবলৈ নির্দেশ দি দায়িত্ব সামৰিছে৷

You might also like