নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ঘাতক ক’ৰোনা ভাইৰাছে বিধ্বস্ত কৰিছে বিশ্বৰ অৰ্থনীতি । এই ভাইৰাছৰ বাবে বিশ্বৰ অৰ্থনীতিত চলি থকা সংকটৰ সময়ত উদ্যোগপতি মুকেশ আম্বানিৰ এদিনতে লোকচান হ’ল ৫.৮ বিলিয়ন মাৰ্কিন ডলাৰ । পৰিণতিত ৰিলায়েঞ্চ ইন্ড্ৰাষ্টিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীর্ষস্থান হেৰুৱালে ৷ ব্লুমবার্গ বিলিয়নাৰ সূচকৰ তালিকা অনুসৰি মুঠ সম্পত্তিৰ পৰা ৫.৮ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তি হেৰুওৱাৰ ফলত এছিয়াৰ দ্বিতীয় ধনাঢ্য ব্যক্তিলৈ পর্যবসিত হ’ল মুকেশ আম্বানি ৷ দ্বিতীয় স্থানত থকা আলিবাবা গ্রুপ হল্ডিং লিমিটেডৰ প্রতিষ্ঠাতা জেক মাই শীর্ষস্থানলৈ উন্নীত হয়৷ ২০১৮ চনত শীর্ষস্থানত থকা জেক মাক অতিক্রম কৰি উদ্যোগপতি মুকেশ আম্বানিয়ে ২০১৯ত এছিয়াৰ ধনাঢ়্য ব্যক্তি হিচাপে স্বীকৃতি পাইছিল৷ কালি মুকেশ আম্বানিৰ শ্বেয়াৰ ১২ শতাংশ নিম্নগামী হোৱাৰ লগতে বর্ষটোত ২০ শতাংশ নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতত বৃহৎ লোকচানৰ সন্মুখীন হয় মুকেশ আম্বানি৷ বিশ্বজুৰি তেলৰ দাম হ্রাস পোৱাৰ পৰিপ্রেক্ষিততে আম্বানিৰ সম্পত্তি হ্রাস পায়৷ ৫০ বিলিয়ন মার্কিন ডলাৰেৰে এছিয়াৰ লগতে ভাৰতৰ ১ নম্বৰ ধনাঢ়্য ব্যক্তি হিচাপে স্থান লাভ কৰা মুকেশ আম্বানিৰ কালি লোকচান হোৱা ৫.৮ বিলিয়ন মার্কিন ডলাৰৰ পিছত উদ্যোগপতিজনৰ সম্পত্তিৰ পৰিমাণ হ’ল ৪৪.২ বিলিয়ন মার্কিন ডলাৰ ৷