শিল্পীৰ পৃথিৱী - নিয়মীয়া বাৰ্তা

লখিমপুৰত ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ মুক্তিৰ দিনাই দৰ্শকৰ লক্ষণীয় সঁহাৰি
বিশেষ বাৰ্তা, লখিমপুৰ, ৩ জুলাই : আজি ৰাজ্যজুৰি ছবিগৃহত মুক্তি লাভ কৰে অসমীয়া কথাছবি ‘ককাদেউতা নাতি আৰু হাতী-২’। লখিমপুৰত মুক্তিৰ প্ৰথম দিনটোতে ছবিগৃহত দৰ্শকে ভিৰ কৰে। তিনিটা ছবিগৃহত তিনিটাকৈ দৰ্শনীৰে চলা ছবিখন উপভোগ কৰি দৰ্শকে ক’লে- ছবিখন চাই মজা লাগিল।

উল্লেখ্য যে আজি মুক্তি লাভ কৰা ‘ককাদেউতা নাতি আৰু হাতী-২’ ছবিখনে আজি প্ৰথম দিনটোতে ছবিগৃহলৈ দৰ্শকক আনিবলৈ সক্ষম হয়। লখিমপুৰৰ গল্ডত ২, ৫ আৰু ৮ বজাত, বিশ্ব টকীজত ১১.১৫, ৫.১৫ আৰু ৮.১৫ বজাত আৰু নক্ষত্র চিনেমাত ১১.১৫, ৫.১৫ আৰু ৭.৫০ বজাত তিনিটাকৈ দৰ্শনীৰে ছবিখন চলিছে। আটাইকেইটা ছবিগৃহতে আজি দৰ্শকৰ সঁহাৰি আছিল সন্তোষজনক।

উল্লেখ্য যে আজি মুক্তি লাভ কৰা ‘ককাদেউতা নাতি আৰু হাতী-২’ ছবিখনে ন-পুৰণি সকলো দৰ্শককে আকৰ্ষণ কৰিছে। ছবিখন চাই পৰম সন্তোষেৰে ওলাই অহা নৱপ্ৰজন্মৰ একাংশই অনুভৱ প্ৰকাশ কৰি কয়- সকলোৰে অভিনয় ভাল লাগিছে। গীতকেইটাও সুন্দৰ হৈছে। মজা লাগিল চাই।

এজন জ্যেষ্ঠ দৰ্শকে কয়- বহুত ধুনীয়া চিনেমা এইখন। কাহিনীও সুন্দৰ। বিগিনিঙৰ পৰা এণ্ডিঙলৈ পুৰা এন্টাৰটেইনমেন্ট। সকলোকে ছবিখন চাবলৈ অনুৰোধ জনালোঁ।

প্ৰথমটো দিনতে দৰ্শকৰ এনে সঁহাৰি আৰু সন্তুষ্টিয়ে পৰৱৰ্তী সময়তো যে ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈ থাকিব, তাৰেই সম্ভাৱনা প্ৰকট কৰিছে।

The post লখিমপুৰত ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ মুক্তিৰ দিনাই দৰ্শকৰ লক্ষণীয় সঁহাৰি first appeared on নিয়মীয়া বাৰ্তা.

ছবিগৃহত মুক্তিলাভ ককাদেউতা নাতি আৰু হাতী ২ৰ
এক মধুৰ নষ্টালজিয়া উভতি আহিছে৷ সময়ে গৰকা এটা কাহিনী উভতি আহিছে৷ বুকুত সামৰি লৈ আহিছে আশীৰ দশকৰ ককাদেউতা নাতি আৰু বৃকোদৰৰ এটা জীপাল অনুভৱ৷ নতুনত্বৰ সঞ্জীৱনী পৰশেৰে উজ্জীৱিত কৰিবলৈ আহিছে ককাদেউতা নাতি আৰু হাতী ২৷

১৯৮৩ চনৰ ছুপাৰহিট অসমীয়া চিনেমা আছিল ককাদেউতা নাতি আৰু হাতী৷ অসমীয়া চিনেমাৰ স্বর্ণিল যুগৰ এখন কালজয়ী চিনেমা আছিল ককাদেউতা নাতি আৰু হাতী৷ পটভূমি তেতিয়াৰ অসমীয়া চহা অভিজাত গ্রাম্য জীৱনৰ পৰা নগৰীয়া পৰিৱেশলৈ পৰিৱেষ্টিত আছিল৷

দুকুৰি বছৰৰো অধিক সময় পাৰ হৈ গল৷ সময় কেতিয়াও থমকি নৰয়৷ গতিশীল সময়ৰ লগত খাপ খুৱাই ৪৩ বছৰৰ পিছত নতুন ৰূপত উভতি আহিছে ককাদেউতা নাতি আৰু হাতী ২৷ পুৰণি কাহিনীৰ ভেটিত নতুনত্বৰ সুবাস আৰু লগতে চিৰসেউজ গীতৰ সুৰ আৰু আৱেগ লৈ আহিছে নতুন চিনেমাখনে৷ তেতিয়াৰ বৃকোদৰৰ স্মৃতিক নিটোল ৰূপত তুলি ধৰা হৈছে নতুন চিনেমাখনত৷

কাহিনীয়ে সামৰি লৈছে দুকুৰি বছৰীয়া সময়ৰ সোঁতক৷ আশীৰ দশকৰ চিনেমাখনত অসমীয়া গ্রাম্য জীৱনক যিদৰে প্রতিফলিত কৰা হৈছিল সেই একেই আৱেগেৰে নতুন অসমীয়া গ্রাম্য জীৱনক তুলি ধৰা হৈছে শিপা নেহেৰুৱাকৈ৷

পৰিৱর্তিত সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই নতুন চিনেমাখনৰ কাহিনী সম্প্রসাৰিত হৈছে আমেৰিকালৈ৷ পুৰণি ছবিখনৰ কাহিনী যত থমকি ৰৈছিল ঠিক সেই স্থানৰ পৰাই যেন গতি লৈছে আন এটা কাহিনী৷

বর্তমানৰ আধুনিক পৰিৱেশত কাহিনী আগবাঢ়িছে নিজৰ ঐতিহ্য আৰু শিপাক খামুচি ধৰি৷ কিদৰে সময়ৰ সৈতে খাপ খুৱাই অতীতক পাহৰি নোযোৱাকৈ ভৱিষ্যতৰ জীৱনাদর্শক সুন্দৰ ব্যৱস্থাপনাৰে আগবঢ়াই নিয়াৰ সু–কৌশলী প্রচেষ্টা কৰা হৈছে৷

অত্যাধুনিক কাৰিকৰী ব্যৱস্থা আৰু চিন্তাধাৰাৰে এটা নিটোল কাহিনী আগবঢ়াই লৈ যোৱা হৈছে৷ মুহূর্তে মুহূর্তে ছাচপেন্স৷ কৌতূহলৰ মাজে মাজে হাঁহি–কান্দোন, ৰোমাঞ্চ আৰু সংঘাত৷ আশীৰ দশকৰ চিনেমাখনত যিধৰণে ককাদেউতা আৰু নাতিৰ মাজৰ প্রজন্মৰ আৱেগক প্রতিফলিত কৰা হৈছিল, সেই আৱেগক কোনো ধৰণৰ আঘাত নিদিয়াকৈ নিটোল ৰূপত উপস্থাপন কৰা হৈছে ককাদেউতা নাতি আৰু হাতী ২ত৷

ককা, দেউতা, নাতি আৰু হাতী সকলোৰে এটা সুকীয়া সুকীয়া কাহিনী আছে আৰু এই কাহিনী জোঁট নলগোৱাকৈ বান্ধ খাহছে সম্পর্ক আৰু আৱেগৰ এডাল এনাজৰীৰে৷

ককাদেউতা নাতি আৰু হাতী চিনেমাৰ চিৰসেউজ গীতবোৰ আজিও কাণত বাজে৷ চিনেমাখনৰ জনপ্রিয় গীত এক দুই তিনি চাৰিত হাতীৰ পিঠিত উঠা কণমানি অভিনেতাজনক মনত আছেনে অসমীয়া চিনেমাৰ অন্যতম জনপ্রিয় এই গীতটিত শিশু শিল্পীৰ চৰিত্রত অভিনয় কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ককাদেউতা নাতি আৰু হাতী ২ত কোনো ধৰণৰ সালসলনি নকৰাকৈ উপস্থাপন কৰা হৈছে চিৰসেউজ এক দুই তিনি চাৰি গীতটো৷ সুদীর্ঘ ৪৩ বছৰৰ পিছত নতুন কাৰিকৰী প্রযুক্তিৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শিশু চৰিত্রক একেই ৰূপত উপস্থাপন কৰা হব চিনেমাখনত৷

অত্যাধুনিক কাৰিকৰী প্রযুক্তিৰে সমৃদ্ধ হায়দৰাবাদৰ জনপ্রিয় PRASAD FILM LABত ভিজুৱেলী নতুন ৰূপ দিয়া হৈছে এক দুই তিনি চাৰি গীতটিক৷ ইতিমধ্যে পুৰণা গীতটিৰ ব্লেক এণ্ড হোৱাহট প্রিণ্ট ধূসৰ হৈ পৰিছিল৷

কিন্তু আধুনিক কাৰিকৰী প্রযুক্তিৰে ৰঙীন ৰূপত ককাদেউতা নাতি আৰু হাতী ২ত দেখা যাব চিৰসেউজ গীতটোক৷ আশীৰ দশকৰ চিনেমাখনৰ আন এটা জনপ্রিয় গীত আছিল কলিৰ কৃষ্ণ৷ সুদীর্ঘ ৪টা দশকৰ পিছত এই গীতটোত পুনৰ নতুনকৈ কণ্ঠদান কৰিছে অসমীয়া চিনেমাৰ মহীৰূহ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই৷

ৰমেন বৰুৱাৰ সংগীত পৰিচালনাৰে জনপ্রিয় হোৱা গীতটোৰ নতুনকৈ পুনৰ ব্যৱস্থাপনা কৰিছে তৰালি শর্মাই৷ গীতটোত দ্বীপেন বৰুৱাৰ লগত কণ্ঠদান কৰিছে তৰালি শর্মাই৷ এই দুটা গীতৰ লগতে ককাদেউতা নাতি আৰু হাতী ২ৰ আন তিনিটা শ্রুতিমধুৰ গীতেও মুক্তিলাভ কৰিছে৷

প্রাণৰ শিল্পী জুবিন গার্গৰ সংগীত পৰিচালনা আৰু কণ্ঠ জীৱন্ত হৈ উঠিছে ককাদেউতা নাতি আৰু হাতী ২ত৷ জুবিন গার্গৰ কণ্ঠত ৰুণজুন নূপুৰে বাজে শীর্ষক গীতটি চিত্রায়ণ কৰা হৈছে নতুন চিনেমাখনত৷

ৰাইজলৈ মাজলৈ আগবঢ়াই দিয়াৰ পিছতে সাংঘাতিক জনপ্রিয়তা লাভ কৰিছে হাচনাহানা, সপোনৰ বাটে বাটে আৰু জীৱনৰ জোনাক শীর্ষক আন তিনিটা গীতেও৷ হাচনাহানা গীতটিত নতুন ৰূপত দেখা গৈছে অসমীয়া চিনেমা আৰু ভ্রাম্যমাণ জগতৰ ছুপাৰহিট অভিনেত্রী প্রস্তুতি পৰাশৰক৷

আনহাতে জীৱনৰ জোনাক শীর্ষক গীতটি দৃশ্যায়ন কৰা হৈছে লাডাখৰ মনোৰম প্রাকৃতিক পৰিৱেশত৷ চিনেমাখনৰ শ্বুটিং সম্পন্ন কৰা হৈছে লাডাখ, মুম্বাই, গুৱাহাটী, যোৰহাট, কলিয়াবৰৰ বিভিন্ন লোকেচনত৷

৫টা প্রজন্মৰ ছুপাৰষ্টাৰ তাৰকাহ নিখুঁত অভিনয়েৰে নতুন প্রাণ দিছে ককাদেউতা নাতি আৰু হাতী ২ক৷ আশীৰ দশকৰ ছবিখনত নাতিৰ চৰিত্রত অভিনয় কৰা প্রাঞ্জল শইকীয়া উভতি আহিছে ককাদেউতাৰ চৰিত্রত৷

নাতিৰ চৰিত্রত দেখা যাব জনপ্রিয় অভিনেতা উৎপল দাসক৷ ককাৰ চৰিত্র ৰূপায়ণ কৰা প্রাঞ্জল শইকীয়াৰ পুত্রৰ চৰিত্রত দেখা যাব অসমীয়া চিনেমাৰ ছুপাৰষ্টাৰ যতীন বৰাক৷ বিশেষ চৰিত্রত শক্তিশালী অভিনেতা তপন দাস আৰু বলীউড, হলীউডত অসমৰ নাম জিলিকাই তোলা স্বনামধন্য অভিনেতা আদিল হুছেইন৷ নায়িকাৰ চৰিত্রত দেখা যাব প্রীতি কংকনাক৷

১৯৮৩ত মুক্তি লাভ কৰা ককাদেউতা নাতি আৰু হাতীৰ এটা শিশু চৰিত্রত স্বামী ড০ হিমন্ত বিশ্ব শর্মাই কৰা অভিনয়ৰ নষ্টালজিয়া সামৰি ককাদেউতা নাতি আৰু হাতী ২ৰ প্রযোজনা আৰু পৰিকল্পনা ৰিণিকি ভূঞা শর্মাৰ৷

যশস্বী পৰিচালক বিশ্বজিত বৰাই নিখুঁত পৰিচালনাৰে দর্শকৰ বাবে আগবঢ়াই দিছে চিনেমাখন৷ চিত্রনাট্য ভাস্কৰ হাজৰিকাৰ৷ কার্যবাহী প্রযোজক চৈয়দ জাৰিৰ হুছেইন৷ চিনেমেটোগ্রাফী প্রদীপ দৈমাৰীৰ৷

বলীউডৰ বহু চিনেমাৰ সৈতে জড়িত যশস্বী সম্পাদক শ্বেতা ভেংকটে সম্পাদনা কৰিছে ককাদেউতা নাতি আৰু হাতী ২৷ গীতৰ নৃত্য পৰিচালনা দক্ষিণৰ চিনেমা জগতৰ জনপ্রিয় নৃত্য পৰিচালক শ্বৰীফৰ৷ কৰিঅগ্রাফাৰ পংকজ ইংতিৰ৷

অত্যাধুনিক প্রযুক্তিৰে এক্সন ছিকুৱেন্সসমূহক চিনেমাখনত তুলি ধৰিছে ফাইট মাষ্টাৰ ৰাজেশ কান্নানে৷ চিনেমাখনৰ সংগীত ব্যৱস্থাপনা অৰূপজ্যোতি বৰুৱা, জয় বৰুৱা, প্রণয় দত্ত, তৰালি শর্মাৰ৷

গীতিকাৰ ৰাজদ্বীপ, ইবচন লাল বৰুৱা আৰু দেৱজিত কলিতা৷ কণ্ঠশিল্পী দ্বীপেন বৰুৱা, তৰালি শর্মা, জয় বৰুৱা, প্রবীণ বৰা, অৰূপজ্যোতি বৰুৱা আৰু নাহিদ আফ্রিন৷ ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্রীতম(MPSC), দেৱজিত চাংমাই, ৰাজকুমাৰ ৰাহুল দিহিঙীয়া, প্রাঞ্জল প্রতিম শর্মা আৰু হৃদিত দত্তৰ৷

বেকগ্রাউণ্ড স্কৰ অজয় সিঙৰ৷ সাজসজ্জা ডিজাইনাৰ অজান আকাশ বৰুৱা আৰু সহায়ক মৃন্ময় বৰা৷ ষ্টাইলিষ্ট আন্না কৌশিক আৰু সহায়ক কৃষাংগী ভৰালীৰ৷

হাঁহি–কান্দোন, ছাচপেন্স–ৰোমাঞ্চ আৰু সংঘাতেৰে ভৰপূৰ সম্পূর্ণ পাৰিবাৰিক চিনেমা ককাদেউতা নাতি আৰু হাতী ২৷

কাইলৈৰ পৰা ৰাজ্যৰ আটাইকেউটা চিনেমা হলতে মুক্তি পাব ককাদেউতা নাতি আৰু হাতী ২। ইতিমধ্য ছবিখনক ৰাজ্যৰ চিনেপ্ৰেমীৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে।

আজি অসমৰ ৭৫টা ছবিগৃহত একেলগে মুক্তিলাভ কৰিব ককাদেউতা নাতি আৰু হাতী–২৷ ছবিখনক লৈ ইতিমধ্যে দর্শকৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে৷ বহু পৰিয়ালে একেলগে ছবিখন উপভোগ কৰাৰ পৰিকল্পনা কৰিছে৷ নষ্টালজিয়া, পৰিয়াল, ঐতিহ্য, সংগীত আৰু আধুনিকতাৰ অনন্য সমন্বয়েৰে ছবিখনে অসমীয়া চিনেমাৰ নতুন যুগৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হৈ পৰিব বুলি আশা প্রকাশ কৰিছে ছবিপ্রেমী আৰু চলচ্চিত্র মহলে৷

ডিজিটেল ডেস্ক, ৩ জুলাই

The post ছবিগৃহত মুক্তিলাভ ককাদেউতা নাতি আৰু হাতী ২ৰ first appeared on নিয়মীয়া বাৰ্তা.

কাইলৈ ছবিগৃহলৈ বহু প্ৰতীক্ষিত অসমীয়া ছবি ককাদেউতা নাতি আৰু হাতী ২

ডিজিটেল ডেস্ক

The post কাইলৈ ছবিগৃহলৈ বহু প্ৰতীক্ষিত অসমীয়া ছবি ককাদেউতা নাতি আৰু হাতী ২ first appeared on নিয়মীয়া বাৰ্তা.

প্ৰিমিয়াৰত দৰ্শকৰ হৃদয় জয় কৰিলে ‘ককাদেউতা নাতি আৰু হাতী ২’-এ
অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ বহু প্ৰতীক্ষিত ছবি ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ কালি নিশা গুৱাহাটীৰ পিভিআৰত প্ৰিমিয়াৰ অনুষ্ঠিত হয়। প্ৰিমিয়াৰ অনুষ্ঠানত দৰ্শকৰ পৰা লাভ কৰিলে বিপুল সঁহাৰি। প্ৰিমিয়াৰ উপভোগ কৰাৰ পিছত শিল্পী, কলা-কুশলী, সমালোচক আৰু দৰ্শকে একমুখে ছবিখনৰ উচ্চ প্ৰশংসা কৰে।

ছবিখনৰ সৈতে জড়িত শিল্পীসকলে কয় যে ‘ককাদেউতা নাতি আৰু হাতী’ৰ সৈতে অসমীয়া ৰাইজৰ এক বিশেষ আৱেগ জড়িত হৈ আছে আৰু সেই আৱেগক অক্ষুণ্ণ ৰাখিবলৈ এই ছবিখনত আন্তৰিকতাৰে কাম কৰা হৈছে।

প্ৰখ্যাত ছাউণ্ড ইঞ্জিনীয়াৰ অমৃত প্ৰীতমে কয়, “ছবিখনক লৈ আমি যথেষ্ট আশাবাদী। সকলো শ্ৰেণীৰ দৰ্শকে ছবিখন উপভোগ কৰিব। ছবিখনৰ সৈতে জড়িত হ’বলৈ পাই আনন্দিত।” তেওঁ লগতে সকলোকে ৩ জুলাইৰ পৰা ছবিগৃহত গৈ ছবিখন চাবলৈ আহ্বান জনায়।

বিশিষ্ট অভিনেতা তথা ছবিখনৰ অন্যতম চৰিত্ৰ প্ৰাঞ্জল শইকীয়াই মন্তব্য কৰে, “অসমক ভাল পোৱা আৰু অসমীয়া ছবি ভাল পোৱা সকলো মানুহে এখন উৎকৃষ্ট ছবি উপভোগ কৰিবলৈ পাব। সকলো দিশৰ পৰাই ছবিখন উচ্চমানৰ হৈছে।”

সঞ্জীৱ নাৰায়ণে ছবিখনৰ সকলো শিল্পীৰ অভিনয়ৰ ভূয়সী প্ৰশংসা কৰি কয়, “প্ৰত্যেকৰে অভিনয় সাংঘাতিক হৈছে।”

প্ৰিমিয়াৰত উপস্থিত বহু শিল্পী আৰু দৰ্শকে কয় যে ছবিখনৰ প্ৰতিটো গীত, কাহিনী, অভিনয় আৰু উপস্থাপন অত্যন্ত মনোগ্ৰাহী। বহুতে মত প্ৰকাশ কৰে যে ছবিখনে একাধিক সুন্দৰ সামাজিক বাৰ্তা বহন কৰিছে আৰু এবাৰ চোৱাৰ পিছত পুনৰ চাবলৈ মন যাব।

জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কয়, “‘ককাদেউতা নাতি আৰু হাতী’ৰ সৈতে অসমীয়া ৰাইজৰ আৱেগ জড়িত। ‘ককাদেউতা নাতি আৰু হাতী-২’তো সেই আৱেগ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে।”

ইফালে ছবিখনৰ সৈতে জড়িত শিল্পীসকলে জনায় যে পাঁচটা প্ৰজন্মৰ শিল্পীয়ে একেলগে অভিনয় কৰা এই ছবিখন অসমীয়া চলচ্চিত্ৰৰ বাবে এক বিশেষ সংযোজন। তেওঁলোকে লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগক শক্তিশালী কৰিবলৈ সকলোকে ছবিগৃহলৈ আহি স্থানীয় ছবি চাবলৈ আহ্বান জনায়।

উল্লেখ্য যে ৩ জুলাইৰ পৰা ৰাজ্যজুৰি মুক্তি লাভ কৰিব ‘ককাদেউতা নাতি আৰু হাতী-২’। প্ৰিমিয়াৰত লাভ কৰা বিপুল সঁহাৰিৰ পিছত ছবিখনক লৈ দৰ্শকৰ মাজত অধিক উৎসাহ আৰু আগ্ৰহৰ সৃষ্টি হৈছে।

📌 শুকুৰবাৰে আপোনাৰ কাষৰ ছবিগৃহত ‘ককাদেউতা নাতি আৰু হাতী ২’! টিকট উপলব্ধ Book My Show ত। টিকট ক্ৰয় কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক

https://in.bookmyshow.com/…/koka-deuta-nati…/ET00505083

ডিজিটেল ডেস্ক, ২ জুলাই

The post প্ৰিমিয়াৰত দৰ্শকৰ হৃদয় জয় কৰিলে ‘ককাদেউতা নাতি আৰু হাতী ২’-এ first appeared on নিয়মীয়া বাৰ্তা.

ৰঙিয়াত ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ মেগা প্ৰচাৰ
অহা ৩ জুলাইত ৰাজ্যজুৰি মুক্তি লাভ কৰিবলগীয়া বহুপ্ৰত্যাশিত অসমীয়া ছবি ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ প্ৰচাৰৰ উদ্দেশ্যে যোৱানিশা ৰঙিয়া নগৰত উপস্থিত হয় ছবিখনৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীৰ দল।

অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰা, নীৰৱ মন শৰ্মা, অভিনেত্ৰী প্ৰীতি কংকনাকে ধৰি ছবিখনৰ একাংশ কলা-কুশলীয়ে অংশগ্ৰহণ কৰে। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত অনুষ্ঠিত হোৱা প্ৰচাৰ অনুষ্ঠানত ছবিখনৰ ট্ৰেইলাৰ উপভোগ কৰিবলৈ হিলদল ভাঙি ওলাই আহে অসংখ্য দৰ্শক।

যুৱ প্ৰজন্মৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ উপস্থিতিয়ে অনুষ্ঠানস্থলী মুখৰিত কৰি তোলে। নিউজ লাইভৰ বাতৰি পৰিৱেশিকা মেদিনী গগৈয়ে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেতা যতীন বৰাই কয় যে ৰঙিয়াৰ দৰ্শকে যদি এখন চিনেমা চাবলৈ ওলাই আহে, তেন্তে সেই চিনেমা হিট হোৱাটো নিশ্চিত।

কিয়নো অসমৰ ভিতৰত সৰ্বাধিক আসন থকা চিনেমা হল ৰঙিয়াতেই আছে। তেওঁ লগতে কয় যে ‘ককাদেউতা নাতি আৰু হাতী-২’ নিভাঁজ অসমীয়া গোন্ধেৰে সমৃদ্ধ এখন পাৰিবাৰিক ছবি, যি সকলো বয়সৰ দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব।

অনুষ্ঠানত অধ্যাপিকা ৰাণু চৌধুৰী, অধ্যক্ষা অশোকা দত্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৪৩ বছৰ পূৰ্বে মুক্তি পোৱা কালজয়ী অসমীয়া ছবি ‘ককাদেউতা নাতি আৰু হাতী’ৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।

তেওঁলোকে আশা ব্যক্ত কৰে যে সেই কালজয়ী ছবিখনৰ ছিকুৱেল ‘ককাদেউতা নাতি আৰু হাতী-২’ও দৰ্শকৰ একে ধৰণেৰে বিপুল সমাদৰ লাভ কৰিব। অভিনেতা যতীন বৰা আৰু অভিনেত্ৰী প্ৰীতি কংকনাই উপস্থিত দৰ্শকৰ সৈতে ছবিখনৰ গীত পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে।

অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি আৰু কলা-কুশলীসকলে আশা প্ৰকাশ কৰে যে ৩ জুলাইত শুভ মুক্তি লাভ কৰিবলগীয়া ‘ককাদেউতা নাতি আৰু হাতী-২’ অসমৰ চলচ্চিত্ৰ জগতৰ বাবে এক নতুন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।

নিয়মীয়া বাৰ্তা, ৰঙিয়া, ১ জুলাই

The post ৰঙিয়াত ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ মেগা প্ৰচাৰ first appeared on নিয়মীয়া বাৰ্তা.

কানাডাত চুটি ছবি ‘চিনেমেটিক লাভ’ৰ সাফল্য
কানাডা স্ক্ৰীন এৱাৰ্ডছত অসমীয়া চুটি ছবি “চিনেমেটিক লাভ”ৰ সাফল্য। কানাডাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ সৈতে জড়িত ভাৰতীয় সমাজে আয়োজন কৰা এই প্ৰতিযোগিতাৰ আন্তৰ্জাতিক চুটি ছবি শাখাত তৰুণ চলচ্চিত্ৰ নিৰ্মাতা ফাৰদিন ইৰফানে নিৰ্মাণ কৰা ছবিখনে দুটা শিতানত পুৰস্কাৰ লাভ কৰে।

তন্ময়ী বৰা শ্ৰেষ্ঠ অভিনেত্ৰী নিৰ্বাচিত হোৱাৰ লগতে ফাৰদিন ইৰফানে লাভ কৰে শ্ৰেষ্ঠ সংগীতৰ পুৰস্কাৰ।

প্ৰতিযোগিতাখনত বিশ্বৰ কেবাখনো দেশৰ চুটি ছবিয়ে অংশগ্ৰহণ কৰিছিল। চলচ্চিত্ৰ নিৰ্মাণকে পেছা হিচাপে লব বিচৰা এজন ২৫ বছৰীয়া যুৱকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানেই ছবিখনৰ মূল বিষয়বস্তু।

নাটকীয়তা, আবেগ, হাস্যৰস আৰু একছন সমৃদ্ধ তিনি মিনিট দৈৰ্ঘৰ ছবিখনৰ কাহিনী, পৰিচালনা, সম্পাদনা আৰু সংগীত ফাৰদিন ইৰফানৰ। ডিৰেক্টৰ অব ফটোগ্ৰাফী শোণিত ৰয়।

অভিনয় কৰিছে ইফটিকাৰ হুছেইন, ফাৰদিন ইৰফান, তন্ময়ী বৰা, কৃষ মজুমদাৰ আৰু ছঈফ চেলিম। পৰিচালনাৰ লগতে বিভিন্ন কাৰিকৰী দিশত সহযোগী হিচাপে আছে কামৰাণ হুছেইন, ছঈফ চেলিম, এনিশা মজুমদাৰ, অনুৰাধা ঈপ্সিতা হাজৰিকা, কৃষ মজুমদাৰ আৰু মুজতাহিদ হুছেইন।

ডিজিটেল ডেস্ক, ১১ জুন

The post কানাডাত চুটি ছবি ‘চিনেমেটিক লাভ’ৰ সাফল্য first appeared on নিয়মীয়া বাৰ্তা.

কাৰ দখললৈ বিশ্বকাপৰ মুকুট… মেছি-নেইমাৰ-ৰ’নাল্ডো-য়ামাল-এমবাপেৰ খেল চাবলৈ উদ্বাউল অনুৰাগী
বিশ্ব ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপৰ বাবে সাজু হৈছে বিশ্বৰ কোটি কোটে অনুৰাগী৷ আজিৰে পৰা আমেৰিকা–মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখন মেক্সিকোত আয়োজক মেক্সিকো আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ’ব৷

ফুটবলৰ মহাৰণখনৰ পূর্বে মেক্সিকোৰ ৰাষ্ট্রপতি ক্লাউডিয়া শ্বেইনবামে মঙলবাৰে নির্দেশনা জাৰি কৰি মেক্সিকো চহৰৰ ফেডাৰেল কর্মচাৰীসকলক ১১ জুনত ঘৰৰ পৰা কাম কৰিবলৈ নির্দেশ দিয়ে৷

লগতে ফিফা বিশ্বকাপৰ উদ্বোধনী খেলৰ সময়ত যান–জঁটৰ ফলত সৃষ্টি হ’ব পৰা সম্ভাব্য সমস্যাসমূহৰ সমাধানৰ বাবে ১১ জুনত শিক্ষানুষ্ঠানসমূহত পাঠদান বন্ধ কৰা হৈছে৷ এই নির্দেশনাৰ লক্ষ্য হৈছে যান–বাহন চলাচল আৰু পথ সুৰক্ষা উন্নত কৰাৰ লগতে মেক্সিকোৱে প্রতিযোগিতাখনৰ উদ্বোধনী খেলখন সুশৃংখলিতভাৱে আয়োজন কৰাটো নিশ্চিত কৰা৷

ৰাষ্ট্রপতিয়ে জাৰি কৰা নির্দেশনা অনুসৰি, ফেডাৰেল সংস্থাসমূহে মেক্সিকো চহৰক ভিত্তি কৰি থকা কর্মচাৰীসকলৰ বাবে দূৰৱর্তী কামৰ ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব৷ অৱশ্যে স্বাস্থ্যসেৱা, নিৰাপত্তা, জটিল আন্তঃগাঁথনি আৰু ফিফা বিশ্বকাপৰ পৰিচালনাকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কর্মচাৰীৰ ক্ষেত্রত এই আদেশ প্রযোজ্য নহয়৷

৩৯ দিন ধৰি চলিবলগীয়া এই ফুটবল মহাৰণত অনুৰাগীসকলে নিজ নিজ পছন্দৰ খেলুৱৈৰ খেল উপভোগ কৰিবলৈ সাজু হৈছে৷ মেছি–ৰ’নাল্ডোৰ মেজিক, এমবাপেৰ ধুমুহা, নেইমাৰৰ ড্রিবলিং চাবলৈ অধীৰ আগ্রহেৰে বাট চাই আছে বিশ্বৰ সহস্রাধিক ফুটবল অনুৰাগী৷

ইফালে, এইবাৰৰ বিশ্বকাপত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব লামিন য়ামালৰ ওপৰত৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপত য়ামালক লৈ বিশ্ব জয়ৰ স্বপ্ন দেখিছে স্পেইনে৷

এই নির্দেশনাত চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়কে ধৰি প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে সকলো শিক্ষানুষ্ঠানতে পাঠদান স্থগিত ৰখা হৈছে৷ ব্যক্তিগত কোম্পানীকো চৰকাৰে তেওঁলোকৰ কর্মচাৰীসকলক দূৰৱর্তী কামৰ সুবিধা প্রদান কৰিবলৈ নির্দেশ দিছে৷

ডিজিটেল ডেস্ক, ১১ জুন

The post কাৰ দখললৈ বিশ্বকাপৰ মুকুট… মেছি-নেইমাৰ-ৰ’নাল্ডো-য়ামাল-এমবাপেৰ খেল চাবলৈ উদ্বাউল অনুৰাগী first appeared on নিয়মীয়া বাৰ্তা.

কনচার্ট ইক’নমি : ৫ বছৰত অসমত হ’ব ৭০০ কোটিৰ কনচার্ট অর্থনীতি
ভাৰতৰ কনচার্ট ইক’নমিৰ নতুন অভিকেন্দ্র হিচাপে পৰিচিত হোৱাৰ দিশে আগবাঢ়িছে অসম৷ গুৱাহাটীৰ খানাপাৰাত প’ষ্ট মেলনৰ অনুষ্ঠানৰ পিছত ৰাজ্যৰ পর্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্রভাৱ পৰিছে আৰু আগন্তুক ৫ বছৰত ৭০০ কোটি টকাৰ অর্থনৈতিক সম্ভাৱনাৰ পূর্বানুমান কৰা হৈছে৷

অসম পর্যটন উন্নয়ন নিগম, বুকমাইশ্ব’ আৰু ই ৱাই–পার্থেননৰ প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ গুৱাহাটীত সংবাদ মেলযোগে প’ষ্ট মেলনৰ ঐতিহাসিক কনচার্টৰ সফলতাৰ প্রেক্ষাপটত অসম পর্যটন ডন্নয়ন নিগম লিমিটেড (এটিডিচি)–ৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই অসমত আগন্তুক ৫বছৰত ৭০০ কোটি টকাৰ অর্থনৈতিক সম্ভাৱনাৰ কথ প্রকাশ কৰাৰ লগতে কনচার্ট টুৰিজিমৰ অংশ ৰূপে অসমত গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্রুগডতো এবছৰত ৩টাকৈ কনচার্ট অনুষ্ঠিত হ’ব বুলি সদৰী কৰে৷

অসম পর্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি)ৰ পৰিচালন সঞ্চালকগৰাকীয়ে ইণ্টাৰনেচনেল কনচার্ট এৰিনা গুৱাহাটীত নির্মাণ হ’ব বুলিও সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷

উল্লেখ্য যে লাইভ মনোৰঞ্জন আৰু সাংস্কৃতিক অভিজ্ঞতাৰ ক্ষেত্রত ভাৰতৰ অন্যতম শীর্ষ প্লেটফর্ম বুকমাইশ্ব’ই অসম পর্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি) আৰু ইৱাই–পার্থেননৰ সহযোগত প্রকাশ কৰিছে ‘দ্য আছাম ব্লু–প্রিণ্টঃ টার্নিং লাইভ মিউজিক ইক’নমি ইনটু এ ট্যুৰিজিম মাল্টিপ্লায়াৰ’ শীর্ষক এক প্রতিবেদন৷

গুৱাহাটীত প’ষ্ট মেলনৰ প্রথম একক ভাৰত ভ্রমণৰ কনচার্টৰ প্রেক্ষাপটত প্রস্তুত কৰা এই প্রতিবেদনত অসমৰ লাইভ মনোৰঞ্জন খণ্ডৰ অর্থনৈতিক, পর্যটন, কর্মসংস্থাপন আৰু সাংস্কৃতিক প্রভাৱ সবিশেষ পর্যালোচনা কৰা হৈছে৷ বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই–পার্থেননৰ এই প্রতিবেদনত অসমক এক গুৰুত্বপূর্ণ উদাহৰণ হিচাপে দাঙি ধৰা হৈছে, য’ত সুপৰিকল্পিত পৰিৱেশতন্ত্র গঢ়ি তোলা, পর্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীর্ঘম্যাদী বিনিয়োগৰ জৰিয়তে লাহভ মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডীত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অর্থনৈতিক প্রগতিৰ শক্তিশালী চালিকাশক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ৷

সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ লাইভ মনোৰঞ্জনমূলক অনুষ্ঠানৰ এটা ধাৰাবাহিক আয়োজন গঢ়ি তুলিব পৰা গ’লে অহা পাঁচ বছৰত অসমত ৭০০ কোটিতকৈও অধিক টকাৰ সামগ্রিক অর্থনৈতিক প্রভাৱ সৃষ্টি হ’ব পাৰে বুলি প্রতিবেদনত অনুমান কৰা হৈছে৷ ২০২৫ চনৰ ডিচেম্বৰত অনুষ্ঠিত প’ষ্ট মেলনৰ কনচার্টক এটা ক্ষেত্র অধ্যয়ন হিচাপে দাঙি ধৰি বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই–পার্থেননৰ প্রতিবেদনত প্রকাশ কৰা হৈছে যে এই অনুষ্ঠানে সর্বমুঠ ৪৩ কোটি টকাৰ অর্থনৈতিক প্রভাৱ সৃষ্টি কৰিছে৷

ইয়াৰ ভিতৰত দর্শকৰ ব্যয়ৰ জৰিয়তে পোনপটীয়াকৈ ৩২ কোটি টকা অসমৰ অর্থনীতিত যুক্ত হৈছে, লগতে জিএছটি বাবদ আন প্রায় ৫ কোটি টকাৰ ৰাজহ আদায় হৈছে৷ সেই সময়ছোৱাত বিমান সেৱাত গুৰুতৰ পৰিচালনাগত ব্যাঘাত থকাৰ পাছতো কনচার্টত প্রায় ২০ হাজাৰ দর্শক উপস্থিত থাকে৷

লক্ষণীয়ভাৱে, এই কনচার্টত উপস্থিত থকা ৫৩ শতাংশ দর্শকৰেই আছিল গুৱাহাটীৰ বাহিৰৰ পৰা অহা৷ ভাৰতৰ ২০০তকৈও অধিক চহৰ তথা জনপদৰ দর্শকে গুৱাহাটীত উপভোগ কৰিছিল প’ষ্ট মেলনৰ কনচার্ট৷ বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই–পার্থেননৰ প্রতিবেদনত প্রকাশ পোৱা অনুসৰি, প’ষ্ট মেলনৰ কনচার্টক কেন্দ্র কৰি পর্যটন, আতিথ্য, পৰিবহণ, খুচুৰা বাণিজ্য আৰু স্থানীয় ব্যৱসায়ত উল্লেখনীয় অর্থনৈতিক প্রভাৱ পৰে৷

প্রতিবেদন অনুযায়ী, কনচার্টৰ টিকটত প্রতি ১০০ টকা ব্যয়ৰ বিপৰীতে দর্শকে বাসস্থান, যাতায়াত, খাদ্য, বজাৰ কৰা আৰু স্থানীয় বিভিন্ন সেৱাত অতিৰিক্ত ৮৯৯ টকা ব্যয় কৰে৷ কনচার্ট অনুষ্ঠিত হোৱা সপ্তাহান্তত গুৱাহাটীৰ হোটেলসমূহত কোঠা দখলৰ হাৰ প্রায় ৩০ শতাংশ বৃদ্ধি পায়৷

একে সময়তে স্থানীয় পৰিবহণ সেৱাৰ চাহিদা ৫০ শতাংশতকৈও অধিক বাঢ়ি যায়৷ ৰেষ্টুৰেণ্ট আৰু কেফেসমূহত অহা গ্রাহকৰ সংখ্যা ৩৩ শতাংশতকৈও অধিক বৃদ্ধি পোৱাৰ বিপৰীতে খুচুৰা ব্যৱসায়িক প্রতিষ্ঠানসমূহত ক্রেতাৰ উপস্থিতি ৩০ শতাংশতকৈও অধিক হয়৷

কনচার্টকে কেন্দ্র কৰি আঞ্চলিক পর্যটনতো ইতিবাচক প্রভাৱ পৰে৷ অনুষ্ঠানত অংশ ল’বলৈ অহা দর্শকে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, মাজুলী দ্বীপ, কামাখ্যা মন্দিৰ আৰু শিৱসাগৰৰ দৰে পর্যটনস্থলীসমূহো ভ্রমণ কৰে৷

ইয়াৰ ফলত উত্তৰ–পূর্বাঞ্চলৰ প্রৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ গুৰুত্ব আৰু অধিক শক্তিশালীভাৱে প্রতিফলিত হৈছে৷ বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই–পার্থেননৰ প্রতিবেদনে ভাৰতৰ লাইভ মনোৰঞ্জন উদ্যোগত উত্তৰ–পূর্বাঞ্চলৰ ক্রমবর্ধমান গুৰুত্বকো সমুখলৈ আনিছে৷

২০২৫ চনত গুৱাহাটীত লাইভ অনুষ্ঠানত দর্শকৰ উপস্থিতি ১৮৮ শতাংশ বৃদ্ধি পায় আৰু সেই বর্ষত চহৰখনত ৫৫টা টিকটভিত্তিক লাইভ অনুষ্ঠানৰ আয়োজন হয়৷ পার্শ্বৱর্তী শ্বিলঙৰ সৈতে মিলি গুৱাহাটী লাহে লাহে বৃহৎ পৰিসৰৰ লাহভ মনোৰঞ্জনমূলক আয়োজনৰ এটা গুৰুত্বপূর্ণ গন্তব্যস্থল হিচাপে প্রতিষ্ঠিত হৈছে৷

প্রতিবেদনৰ মতে, এই পৰিৱর্তন কেৱল উত্তৰ–পূর্বাঞ্চলতে সীমাবদ্ধ নহয়, ই সমগ্র দেশতে গঢ়ি উঠা এটা বৃহৎ ধাৰাৰো প্রতিফলন৷ বুকমাইশ্ব’ৰ মতে, সম্প্রসাৰিত আন্তঃগাঁথনি, ক্রমবর্ধমান প্রডাকচন সক্ষমতা আৰু এটা বহনক্ষম পৰিৱেশতন্ত্রৰ সহায়ত এই খণ্ডই ৰাজ্যখনত ৭০০ কোটিতকৈও অধিক টকাৰ সামগ্রিক অর্থনৈতিক প্রভাৱ সৃষ্টি কৰিবলৈ সক্ষম হ’ব৷

স্মৰ্তব্য যে গুৱাহাটীত প’ষ্ট মেলনৰ ঐতিহাসিক প্রদর্শনীৰ পাছত এইবাৰ অহা ১৭ নৱেম্বৰত অসমলৈ আগমন ঘটিব কিংবদন্তি ৰক বেণ্ড ‘গানছ এন ৰ’জেছ’ৰ, যিয়ে আন্তঃৰাষ্ট্রীয় কনচার্ট আয়োজনৰ মানচিত্রত ৰাজ্যখনৰ ক্রমবর্ধমান গুৰুত্বক আৰু অধিক শক্তিশালী কৰিব৷

ভাৰতৰ অভিজ্ঞতাভিত্তিক অর্থনীতি যেতিয়া পৰম্পৰাগত মহানগৰসমূহৰ পৰিসৰ অতিক্রমি অধিক বিস্তৃত হৈ পৰিছে, তেতিয়া অসমৰ এই যাত্রাই দেখুৱাই দিছে যে লাইভ মনোৰঞ্জনে পর্যটন, কর্মসংস্থাপন আৰু অর্থনৈতিক প্রগতিক কেনেকৈ ক্ষিপ্রতৰ কৰিব পাৰে৷ ইয়াৰ সমান্তৰালভাৱে, ই দেশৰ অন্যান্য উদীয়মান গন্তব্যস্থানসমূহৰ বাবেও এক কার্যকৰী আর্হি হৈ পৰিছে৷

ডিজিটেল ডেস্ক, ১১ জুন

The post কনচার্ট ইক’নমি : ৫ বছৰত অসমত হ’ব ৭০০ কোটিৰ কনচার্ট অর্থনীতি first appeared on নিয়মীয়া বাৰ্তা.

তিনি জুলাইত ছবিগৃহলৈ আহিব ‘ককাদেউতা, নাতি আৰু হাতী–২’
ডিজিটেল ডেস্ক, যোৰহাট, ৩০ মে’ : আশীৰ দশকত নিপ বৰুৱা পৰিচালিত ককাদেউতা, নাতি আৰু হাতী ছবিখনে চহা অসমীয়া গ্রাম্য জীৱনৰ নিভাঁজ প্রতিচ্ছবি তুলি ধৰি বিপুল সমাদৃত হৈছিল৷ এন চি প্রডাকচনৰ বেনাৰত এন চি দত্তৰ প্রযোজনাত নির্মিত ছবিখনত শিশু চৰিত্রত অভিনয় কৰিছিল বর্তমানৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পোৱা ছবিখন চোৱাৰ স্মৃতি আজিও অসমীয়াৰ হূদয়ৰ মণিকোঠত সজীৱ হৈ আছে৷ ছবিখনৰ মৌজাদাৰ সর্বেশ্বৰ শইকীয়াৰ নাতিয়েকৰ চৰিত্রত অভিনয় কৰিছিল সেই সময়ত শিশু হিমন্ত বিশ্ব শর্মাই৷ সেই ছবিখনৰ মুক্তিৰ চাৰি দশকৰ পিছত নতুন ৰূপত দর্শকৰ সন্মুখলৈ আহিছে ককাদেউতা, নাতি আৰু হাতী–২ ৷

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ প্রযোজনাত নির্মাণ হোৱা ছবিখন অহা ৩ জুলাইত মুক্তি লাভ কৰিব৷ শুকুৰবাৰে সন্ধিয়া যোৰহাটৰ ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ প্রেক্ষাগৃহত ছবিখনৰ দুটি গীত মুকলি কৰা হয়৷ এই মর্মে অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনে আদৰণী ভাষণত ৰাইজক ছবিখন সন্দর্ভত অৱগত কৰাৰ লগতে এইক্ষেত্রত ৰাইজৰ সহযোগিতা কামনা কৰে৷

ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই কয় যে মোৰ খুব ভাল লাগিছে আৰু ভয় লাগিছে৷ কিয়নো এক দীর্ঘদিনীয়া প্রচেষ্টাৰ অন্তত ইতিমধ্যে ছবিখনৰ কাম সম্পূর্ণ হৈছে আৰু ছবিখনত কাম কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ৷ কিয়নো সেই সময়ত নিপ বৰুৱাই যেনেদৰে ছবিখন পৰিচালনা কৰিছিল এতিয়া মই সেই সফলতা ধৰি ৰখাত কিমান সফল হৈছোঁ নাজানো৷ তথাপি বিশ্বাস যে ছবিখন ৰাইজে আদৰি ল’ব৷ তেওঁ আৰু কয়- এই কালজয়ী ছবিখনৰ দুটা দিশ মন কৰিব লাগিব যে ’৮৩ চনত যিসকলে এই ছবিখন চাইছিল তাৰ লিগেচী ইয়াত বিচাৰি পাব৷ অতি সতর্কতাৰে পুৰণা ছবিখনত আউল নলগাকৈ মান অটুট ৰাখি আগবঢ়াই নিয়াৰ চেষ্টা কৰা হৈছে৷ তদুপৰি এই ছবিখন চাই নতুন প্রজন্মই পুনৰ পূর্বৰ ছবিখন চোৱাৰ হাবিয়াস কৰিব৷ ছবিখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ছাছপেন্স দিব বুলি তেওঁ মন্তব্য কৰে৷ অসমীয়া চিনেমা ইতিহাসত এটা নজিৰ যাতে ছবিখনে সৃষ্টি কৰিব পাৰে, তাৰ বাবে চিন্তাচর্চা কৰি ছবিখনৰ সকলো দিশ আগুৱাই নিয়া হৈছে৷

অনুষ্ঠানটোত উপস্থিত থাকি অভিনেতা প্রাঞ্জল শইকীয়াই নষ্টালজিক হৈ পৰে৷ তেওঁ কয়, ’৮৩ৰ এই ছবিখনত অভিনয় কৰা মাত্র দুজন অভিনেতাই একেখন ছবিত দ্বিতীয়বাৰ অভিনয় কৰিব পৰাটো পৰম সৌভাগ্য৷ সেই দুজন হৈছে এগৰাকী তেওঁ নিজে আৰু আনগৰাকী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ হিমন্ত বিশ্বই সেই সময়ত নাতিৰ চৰিত্রত অভিনয় কৰিছিল আৰু আজি একেখন ছবিত তেওঁ ককাকৰ চৰিত্রত অভিনয় কৰা বুলি উল্লেখ কৰে৷ ৰবচন লাল বৰুৱাৰ কথাৰে ‘হাস্নাহানা’ শীর্ষক গীতটোত কণ্ঠদান কৰা জনপ্রিয় কণ্ঠশিল্পী জয় বৰুৱাই অনুষ্ঠানত উপস্থিত থাকি অতি গৌৰৱবোধ কৰাৰ লগতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ এই মহান পদক্ষেপক শলাগ জ্ঞাপন কৰে৷ ছবিখন সকলো দিশতে তেওঁ সফল হ’ব বুলি আশা কৰে৷

ছবিখনৰ আন শীর্ষক আন এটা গীত ‘জীৱন জোনাক’ত কণ্ঠদান কৰা কণ্ঠশিল্পী নাহিদ আফ্রিনে কয়, এই ছবিখনত প্রতিগৰাকী অসমীয়াৰ আৱেগ জড়িত হৈ আছে৷ সেয়ে সংগীতত যাতে কোনো ত্রুটি নাথাকে তাৰ বাবে তেওঁ যিমান উজাৰি দিব পাৰি সেয়া দিয়া হৈছে বুলি উল্লেখ কৰে৷ ছবিখনৰ এগৰাকী অভিনেত্রী প্রীতি কংকনাই কয়- এনে এখন ছবিত অভিনয় কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডক কৃতজ্ঞতা জ্ঞাপন কৰে৷ পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য ছবিখন সকলো দিশতে সফল হ’ব বুলি তেওঁ আশা কৰে৷ ছবিখনৰ অভিনেতা উৎপল দাসে প্রযোজিকা ৰিণিকি ভূঞা শর্মাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে তেওঁ সকলোৰে প্রেৰণা আৰু সাহস বুলি মন্তব্য কৰে৷ ছবিখনে অসমীয়া দর্শকৰ হূদয়ত বিশেষ স্থান লাভ কৰিব বুলি আশা কৰে৷

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ ৰিণিকি ভূঞা শর্মাৰ প্রযোজনাত বিশ্বজিৎ বৰা পৰিচালিত ছবিখনৰ চিত্রনাট্য ৰাজদ্বীপৰ৷ চিনেমাগ্রাফী প্রদীপ দৈমাৰীৰ৷ ছবিখনৰ বিভিন্ন চৰিত্রত অভিনয় কৰিছে যতীন বৰা, উৎপল দাস, যশস্বী ভূঞা, কমললোচন, প্রীতি কংকনা, সিদ্ধার্থ শর্মা, শিশুশিল্পী আয়ুসকে ধৰি কেইবাগৰাকী অভিনেতা–অভিনেত্রী৷ উল্লেখ্য যে লাডাখ, যোৰহাট, তিতাবৰ, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন লোকেচনত চিত্রগ্রহণ কৰা এই ছবিখনক অসমৰ ৰাইজে আদৰি ল’ব বুলি আশাবাদী প্রতিগৰাকী কলা–কুশলী৷ যোৰহাট থিয়েটাৰত অনুষ্ঠিত ছবিখনৰ গীত মুকলি অনুষ্ঠানটোত যোৰহাটবাসীৰ সৈতে ছবিখনৰ অভিনেতা-অভিনেত্রী আৰু কলাকুশলীসকলক পৰিচয় কৰি দিয়া হয়৷ অনুষ্ঠানটোত যোৰহাটৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, সাংস্কৃতিক কর্মী উপস্থিত আছিল৷

The post তিনি জুলাইত ছবিগৃহলৈ আহিব ‘ককাদেউতা, নাতি আৰু হাতী–২’ first appeared on নিয়মীয়া বাৰ্তা.

আকাশবাণীৰ ৯০ বছৰ উপলক্ষে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সংগীতানুষ্ঠান
আকাশবাণীৰ নব্বৈ বছৰীয়া পূৰ্তি উপলক্ষ্যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়স্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰ প্ৰেক্ষাগৃহত ‘সুৰভিত ক্ষণ’ [এ মিউজিকেল কনচাৰ্ট] শীৰ্ষক এক সংগীতানুষ্ঠানৰ আয়োজন কৰে৷

আকাশবাণীৰ ঘোষিকা পপী দাসে আঁত ধৰা অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কাৰ্যালয়ৰ অধ্যক্ষ কে কে ৰেংমা, কেন্দ্ৰটোৰ অনুষ্ঠান মুৰব্বী ইন্দিৰা মৰাং, আকাশবাণী ডিব্ৰুগড় আৰু ডিডিকে ডিব্ৰুগড়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী বিষয়া লোহিত ডেকাই৷

সংগীতানুষ্ঠানৰ মঞ্চ মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকাই৷ উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ আকাশবাণীয়ে এতিয়াও অতি সু-ৰুচিসন্মতভাৱে কাৰ্যসূচী প্ৰচাৰ কৰি আছে বুলি মন্তব্য দিয়ে৷

বিশেষকৈ শব্দৰ উচ্ছাৰণ তথা ভাষাৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত থকা বিশ্বাসযোগ্যতাৰ কথা তেওঁ উল্লেখ কৰে৷ ইয়াৰ পিছতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কলা-কুশলী আৰু কৰ্মচাৰীয়ে পৰিৱেশন কৰা সমবেত সংগীত, বৈশালী বৰাৰ কণ্ঠৰ গজল, পৰীস্মিতা ফুকনৰ কণ্ঠৰ আধুনিক গীত আৰু পৰশমণি বৰগোহাঁইৰ দ্বাৰা পৰিচালিত জেং বিহুৱে প্ৰায় দুঘণ্টা জোৰা সাংগীতিক অনুষ্ঠাটো জীপাল কৰি তোলে৷

ডেৰশতাধিক শ্ৰোতা-দৰ্শকৰ উপস্থিতিত আমন্ত্ৰিত অতিথিসকলৰ সমূহীয়া বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা ‘সুৰভিত ক্ষণ’ শীৰ্ষক সাংগীতিক অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় আকাশবাণীৰ ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী পৰশা কোঁৱৰে৷

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ১৫ মে’

The post আকাশবাণীৰ ৯০ বছৰ উপলক্ষে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সংগীতানুষ্ঠান first appeared on নিয়মীয়া বাৰ্তা.