নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ছবিগৃহলৈ বহু প্ৰতীক্ষিত অসমীয়া ছবি ককাদেউতা নাতি আৰু হাতী ২

এক মধুৰ নষ্টালজিয়া উভতি আহিছে৷ সময়ে গৰকা এটা কাহিনী উভতি আহিছে৷ বুকুত সামৰি লৈ আহিছে আশীৰ দশকৰ ককাদেউতা নাতি আৰু বৃকোদৰৰ এটা জীপাল অনুভৱ৷ নতুনত্বৰ সঞ্জীৱনী পৰশেৰে উজ্জীৱিত কৰিবলৈ আহিছে ককাদেউতা নাতি আৰু হাতী ২৷

১৯৮৩ চনৰ ছুপাৰহিট অসমীয়া চিনেমা আছিল ককাদেউতা নাতি আৰু হাতী৷ অসমীয়া চিনেমাৰ স্বর্ণিল যুগৰ এখন কালজয়ী চিনেমা আছিল ককাদেউতা নাতি আৰু হাতী৷ পটভূমি তেতিয়াৰ অসমীয়া চহা অভিজাত গ্রাম্য জীৱনৰ পৰা নগৰীয়া পৰিৱেশলৈ পৰিৱেষ্টিত আছিল৷

দুকুৰি বছৰৰো অধিক সময় পাৰ হৈ গল৷ সময় কেতিয়াও থমকি নৰয়৷ গতিশীল সময়ৰ লগত খাপ খুৱাই ৪৩ বছৰৰ পিছত নতুন ৰূপত উভতি আহিছে ককাদেউতা নাতি আৰু হাতী ২৷ পুৰণি কাহিনীৰ ভেটিত নতুনত্বৰ সুবাস আৰু লগতে চিৰসেউজ গীতৰ সুৰ আৰু আৱেগ লৈ আহিছে নতুন চিনেমাখনে৷ তেতিয়াৰ বৃকোদৰৰ স্মৃতিক নিটোল ৰূপত তুলি ধৰা হৈছে নতুন চিনেমাখনত৷

কাহিনীয়ে সামৰি লৈছে দুকুৰি বছৰীয়া সময়ৰ সোঁতক৷ আশীৰ দশকৰ চিনেমাখনত অসমীয়া গ্রাম্য জীৱনক যিদৰে প্রতিফলিত কৰা হৈছিল সেই একেই আৱেগেৰে নতুন অসমীয়া গ্রাম্য জীৱনক তুলি ধৰা হৈছে শিপা নেহেৰুৱাকৈ৷

পৰিৱর্তিত সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই নতুন চিনেমাখনৰ কাহিনী সম্প্রসাৰিত হৈছে আমেৰিকালৈ৷ পুৰণি ছবিখনৰ কাহিনী যত থমকি ৰৈছিল ঠিক সেই স্থানৰ পৰাই যেন গতি লৈছে আন এটা কাহিনী৷

বর্তমানৰ আধুনিক পৰিৱেশত কাহিনী আগবাঢ়িছে নিজৰ ঐতিহ্য আৰু শিপাক খামুচি ধৰি৷ কিদৰে সময়ৰ সৈতে খাপ খুৱাই অতীতক পাহৰি নোযোৱাকৈ ভৱিষ্যতৰ জীৱনাদর্শক সুন্দৰ ব্যৱস্থাপনাৰে আগবঢ়াই নিয়াৰ সু–কৌশলী প্রচেষ্টা কৰা হৈছে৷

অত্যাধুনিক কাৰিকৰী ব্যৱস্থা আৰু চিন্তাধাৰাৰে এটা নিটোল কাহিনী আগবঢ়াই লৈ যোৱা হৈছে৷ মুহূর্তে মুহূর্তে ছাচপেন্স৷ কৌতূহলৰ মাজে মাজে হাঁহি–কান্দোন, ৰোমাঞ্চ আৰু সংঘাত৷ আশীৰ দশকৰ চিনেমাখনত যিধৰণে ককাদেউতা আৰু নাতিৰ মাজৰ প্রজন্মৰ আৱেগক প্রতিফলিত কৰা হৈছিল, সেই আৱেগক কোনো ধৰণৰ আঘাত নিদিয়াকৈ নিটোল ৰূপত উপস্থাপন কৰা হৈছে ককাদেউতা নাতি আৰু হাতী ২ত৷

ককা, দেউতা, নাতি আৰু হাতী সকলোৰে এটা সুকীয়া সুকীয়া কাহিনী আছে আৰু এই কাহিনী জোঁট নলগোৱাকৈ বান্ধ খাহছে সম্পর্ক আৰু আৱেগৰ এডাল এনাজৰীৰে৷

ককাদেউতা নাতি আৰু হাতী চিনেমাৰ চিৰসেউজ গীতবোৰ আজিও কাণত বাজে৷ চিনেমাখনৰ জনপ্রিয় গীত এক দুই তিনি চাৰিত হাতীৰ পিঠিত উঠা কণমানি অভিনেতাজনক মনত আছেনে অসমীয়া চিনেমাৰ অন্যতম জনপ্রিয় এই গীতটিত শিশু শিল্পীৰ চৰিত্রত অভিনয় কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ককাদেউতা নাতি আৰু হাতী ২ত কোনো ধৰণৰ সালসলনি নকৰাকৈ উপস্থাপন কৰা হৈছে চিৰসেউজ এক দুই তিনি চাৰি গীতটো৷ সুদীর্ঘ ৪৩ বছৰৰ পিছত নতুন কাৰিকৰী প্রযুক্তিৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শিশু চৰিত্রক একেই ৰূপত উপস্থাপন কৰা হব চিনেমাখনত৷

অত্যাধুনিক কাৰিকৰী প্রযুক্তিৰে সমৃদ্ধ হায়দৰাবাদৰ জনপ্রিয় PRASAD FILM LABত ভিজুৱেলী নতুন ৰূপ দিয়া হৈছে এক দুই তিনি চাৰি গীতটিক৷ ইতিমধ্যে পুৰণা গীতটিৰ ব্লেক এণ্ড হোৱাহট প্রিণ্ট ধূসৰ হৈ পৰিছিল৷

কিন্তু আধুনিক কাৰিকৰী প্রযুক্তিৰে ৰঙীন ৰূপত ককাদেউতা নাতি আৰু হাতী ২ত দেখা যাব চিৰসেউজ গীতটোক৷ আশীৰ দশকৰ চিনেমাখনৰ আন এটা জনপ্রিয় গীত আছিল কলিৰ কৃষ্ণ৷ সুদীর্ঘ ৪টা দশকৰ পিছত এই গীতটোত পুনৰ নতুনকৈ কণ্ঠদান কৰিছে অসমীয়া চিনেমাৰ মহীৰূহ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই৷

ৰমেন বৰুৱাৰ সংগীত পৰিচালনাৰে জনপ্রিয় হোৱা গীতটোৰ নতুনকৈ পুনৰ ব্যৱস্থাপনা কৰিছে তৰালি শর্মাই৷ গীতটোত দ্বীপেন বৰুৱাৰ লগত কণ্ঠদান কৰিছে তৰালি শর্মাই৷ এই দুটা গীতৰ লগতে ককাদেউতা নাতি আৰু হাতী ২ৰ আন তিনিটা শ্রুতিমধুৰ গীতেও মুক্তিলাভ কৰিছে৷

প্রাণৰ শিল্পী জুবিন গার্গৰ সংগীত পৰিচালনা আৰু কণ্ঠ জীৱন্ত হৈ উঠিছে ককাদেউতা নাতি আৰু হাতী ২ত৷ জুবিন গার্গৰ কণ্ঠত ৰুণজুন নূপুৰে বাজে শীর্ষক গীতটি চিত্রায়ণ কৰা হৈছে নতুন চিনেমাখনত৷

ৰাইজলৈ মাজলৈ আগবঢ়াই দিয়াৰ পিছতে সাংঘাতিক জনপ্রিয়তা লাভ কৰিছে হাচনাহানা, সপোনৰ বাটে বাটে আৰু জীৱনৰ জোনাক শীর্ষক আন তিনিটা গীতেও৷ হাচনাহানা গীতটিত নতুন ৰূপত দেখা গৈছে অসমীয়া চিনেমা আৰু ভ্রাম্যমাণ জগতৰ ছুপাৰহিট অভিনেত্রী প্রস্তুতি পৰাশৰক৷

আনহাতে জীৱনৰ জোনাক শীর্ষক গীতটি দৃশ্যায়ন কৰা হৈছে লাডাখৰ মনোৰম প্রাকৃতিক পৰিৱেশত৷ চিনেমাখনৰ শ্বুটিং সম্পন্ন কৰা হৈছে লাডাখ, মুম্বাই, গুৱাহাটী, যোৰহাট, কলিয়াবৰৰ বিভিন্ন লোকেচনত৷

৫টা প্রজন্মৰ ছুপাৰষ্টাৰ তাৰকাহ নিখুঁত অভিনয়েৰে নতুন প্রাণ দিছে ককাদেউতা নাতি আৰু হাতী ২ক৷ আশীৰ দশকৰ ছবিখনত নাতিৰ চৰিত্রত অভিনয় কৰা প্রাঞ্জল শইকীয়া উভতি আহিছে ককাদেউতাৰ চৰিত্রত৷

নাতিৰ চৰিত্রত দেখা যাব জনপ্রিয় অভিনেতা উৎপল দাসক৷ ককাৰ চৰিত্র ৰূপায়ণ কৰা প্রাঞ্জল শইকীয়াৰ পুত্রৰ চৰিত্রত দেখা যাব অসমীয়া চিনেমাৰ ছুপাৰষ্টাৰ যতীন বৰাক৷ বিশেষ চৰিত্রত শক্তিশালী অভিনেতা তপন দাস আৰু বলীউড, হলীউডত অসমৰ নাম জিলিকাই তোলা স্বনামধন্য অভিনেতা আদিল হুছেইন৷ নায়িকাৰ চৰিত্রত দেখা যাব প্রীতি কংকনাক৷

১৯৮৩ত মুক্তি লাভ কৰা ককাদেউতা নাতি আৰু হাতীৰ এটা শিশু চৰিত্রত স্বামী ড০ হিমন্ত বিশ্ব শর্মাই কৰা অভিনয়ৰ নষ্টালজিয়া সামৰি ককাদেউতা নাতি আৰু হাতী ২ৰ প্রযোজনা আৰু পৰিকল্পনা ৰিণিকি ভূঞা শর্মাৰ৷

যশস্বী পৰিচালক বিশ্বজিত বৰাই নিখুঁত পৰিচালনাৰে দর্শকৰ বাবে আগবঢ়াই দিছে চিনেমাখন৷ চিত্রনাট্য ভাস্কৰ হাজৰিকাৰ৷ কার্যবাহী প্রযোজক চৈয়দ জাৰিৰ হুছেইন৷ চিনেমেটোগ্রাফী প্রদীপ দৈমাৰীৰ৷

বলীউডৰ বহু চিনেমাৰ সৈতে জড়িত যশস্বী সম্পাদক শ্বেতা ভেংকটে সম্পাদনা কৰিছে ককাদেউতা নাতি আৰু হাতী ২৷ গীতৰ নৃত্য পৰিচালনা দক্ষিণৰ চিনেমা জগতৰ জনপ্রিয় নৃত্য পৰিচালক শ্বৰীফৰ৷ কৰিঅগ্রাফাৰ পংকজ ইংতিৰ৷

অত্যাধুনিক প্রযুক্তিৰে এক্সন ছিকুৱেন্সসমূহক চিনেমাখনত তুলি ধৰিছে ফাইট মাষ্টাৰ ৰাজেশ কান্নানে৷ চিনেমাখনৰ সংগীত ব্যৱস্থাপনা অৰূপজ্যোতি বৰুৱা, জয় বৰুৱা, প্রণয় দত্ত, তৰালি শর্মাৰ৷

গীতিকাৰ ৰাজদ্বীপ, ইবচন লাল বৰুৱা আৰু দেৱজিত কলিতা৷ কণ্ঠশিল্পী দ্বীপেন বৰুৱা, তৰালি শর্মা, জয় বৰুৱা, প্রবীণ বৰা, অৰূপজ্যোতি বৰুৱা আৰু নাহিদ আফ্রিন৷ ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্রীতম(MPSC), দেৱজিত চাংমাই, ৰাজকুমাৰ ৰাহুল দিহিঙীয়া, প্রাঞ্জল প্রতিম শর্মা আৰু হৃদিত দত্তৰ৷

বেকগ্রাউণ্ড স্কৰ অজয় সিঙৰ৷ সাজসজ্জা ডিজাইনাৰ অজান আকাশ বৰুৱা আৰু সহায়ক মৃন্ময় বৰা৷ ষ্টাইলিষ্ট আন্না কৌশিক আৰু সহায়ক কৃষাংগী ভৰালীৰ৷

হাঁহি–কান্দোন, ছাচপেন্স–ৰোমাঞ্চ আৰু সংঘাতেৰে ভৰপূৰ সম্পূর্ণ পাৰিবাৰিক চিনেমা ককাদেউতা নাতি আৰু হাতী ২৷

কাইলৈৰ পৰা ৰাজ্যৰ আটাইকেউটা চিনেমা হলতে মুক্তি পাব ককাদেউতা নাতি আৰু হাতী ২। ইতিমধ্য ছবিখনক ৰাজ্যৰ চিনেপ্ৰেমীৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে।

ডিজিটেল ডেস্ক

You might also like