ৰঙিয়াত ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ মেগা প্ৰচাৰ
অহা ৩ জুলাইত ৰাজ্যজুৰি মুক্তি লাভ কৰিবলগীয়া বহুপ্ৰত্যাশিত অসমীয়া ছবি ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ প্ৰচাৰৰ উদ্দেশ্যে যোৱানিশা ৰঙিয়া নগৰত উপস্থিত হয় ছবিখনৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীৰ দল।
অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰা, নীৰৱ মন শৰ্মা, অভিনেত্ৰী প্ৰীতি কংকনাকে ধৰি ছবিখনৰ একাংশ কলা-কুশলীয়ে অংশগ্ৰহণ কৰে। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত অনুষ্ঠিত হোৱা প্ৰচাৰ অনুষ্ঠানত ছবিখনৰ ট্ৰেইলাৰ উপভোগ কৰিবলৈ হিলদল ভাঙি ওলাই আহে অসংখ্য দৰ্শক।
যুৱ প্ৰজন্মৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ উপস্থিতিয়ে অনুষ্ঠানস্থলী মুখৰিত কৰি তোলে। নিউজ লাইভৰ বাতৰি পৰিৱেশিকা মেদিনী গগৈয়ে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেতা যতীন বৰাই কয় যে ৰঙিয়াৰ দৰ্শকে যদি এখন চিনেমা চাবলৈ ওলাই আহে, তেন্তে সেই চিনেমা হিট হোৱাটো নিশ্চিত।
কিয়নো অসমৰ ভিতৰত সৰ্বাধিক আসন থকা চিনেমা হল ৰঙিয়াতেই আছে। তেওঁ লগতে কয় যে ‘ককাদেউতা নাতি আৰু হাতী-২’ নিভাঁজ অসমীয়া গোন্ধেৰে সমৃদ্ধ এখন পাৰিবাৰিক ছবি, যি সকলো বয়সৰ দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব।
অনুষ্ঠানত অধ্যাপিকা ৰাণু চৌধুৰী, অধ্যক্ষা অশোকা দত্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৪৩ বছৰ পূৰ্বে মুক্তি পোৱা কালজয়ী অসমীয়া ছবি ‘ককাদেউতা নাতি আৰু হাতী’ৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।
তেওঁলোকে আশা ব্যক্ত কৰে যে সেই কালজয়ী ছবিখনৰ ছিকুৱেল ‘ককাদেউতা নাতি আৰু হাতী-২’ও দৰ্শকৰ একে ধৰণেৰে বিপুল সমাদৰ লাভ কৰিব। অভিনেতা যতীন বৰা আৰু অভিনেত্ৰী প্ৰীতি কংকনাই উপস্থিত দৰ্শকৰ সৈতে ছবিখনৰ গীত পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে।
অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি আৰু কলা-কুশলীসকলে আশা প্ৰকাশ কৰে যে ৩ জুলাইত শুভ মুক্তি লাভ কৰিবলগীয়া ‘ককাদেউতা নাতি আৰু হাতী-২’ অসমৰ চলচ্চিত্ৰ জগতৰ বাবে এক নতুন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।
নিয়মীয়া বাৰ্তা, ৰঙিয়া, ১ জুলাই