কনচার্ট ইক’নমি : ৫ বছৰত অসমত হ’ব ৭০০ কোটিৰ কনচার্ট অর্থনীতি
ভাৰতৰ কনচার্ট ইক’নমিৰ নতুন অভিকেন্দ্র হিচাপে পৰিচিত হোৱাৰ দিশে আগবাঢ়িছে অসম৷ গুৱাহাটীৰ খানাপাৰাত প’ষ্ট মেলনৰ অনুষ্ঠানৰ পিছত ৰাজ্যৰ পর্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্রভাৱ পৰিছে আৰু আগন্তুক ৫ বছৰত ৭০০ কোটি টকাৰ অর্থনৈতিক সম্ভাৱনাৰ পূর্বানুমান কৰা হৈছে৷
অসম পর্যটন উন্নয়ন নিগম, বুকমাইশ্ব’ আৰু ই ৱাই–পার্থেননৰ প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ গুৱাহাটীত সংবাদ মেলযোগে প’ষ্ট মেলনৰ ঐতিহাসিক কনচার্টৰ সফলতাৰ প্রেক্ষাপটত অসম পর্যটন ডন্নয়ন নিগম লিমিটেড (এটিডিচি)–ৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই অসমত আগন্তুক ৫বছৰত ৭০০ কোটি টকাৰ অর্থনৈতিক সম্ভাৱনাৰ কথ প্রকাশ কৰাৰ লগতে কনচার্ট টুৰিজিমৰ অংশ ৰূপে অসমত গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্রুগডতো এবছৰত ৩টাকৈ কনচার্ট অনুষ্ঠিত হ’ব বুলি সদৰী কৰে৷
অসম পর্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি)ৰ পৰিচালন সঞ্চালকগৰাকীয়ে ইণ্টাৰনেচনেল কনচার্ট এৰিনা গুৱাহাটীত নির্মাণ হ’ব বুলিও সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷
উল্লেখ্য যে লাইভ মনোৰঞ্জন আৰু সাংস্কৃতিক অভিজ্ঞতাৰ ক্ষেত্রত ভাৰতৰ অন্যতম শীর্ষ প্লেটফর্ম বুকমাইশ্ব’ই অসম পর্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি) আৰু ইৱাই–পার্থেননৰ সহযোগত প্রকাশ কৰিছে ‘দ্য আছাম ব্লু–প্রিণ্টঃ টার্নিং লাইভ মিউজিক ইক’নমি ইনটু এ ট্যুৰিজিম মাল্টিপ্লায়াৰ’ শীর্ষক এক প্রতিবেদন৷
গুৱাহাটীত প’ষ্ট মেলনৰ প্রথম একক ভাৰত ভ্রমণৰ কনচার্টৰ প্রেক্ষাপটত প্রস্তুত কৰা এই প্রতিবেদনত অসমৰ লাইভ মনোৰঞ্জন খণ্ডৰ অর্থনৈতিক, পর্যটন, কর্মসংস্থাপন আৰু সাংস্কৃতিক প্রভাৱ সবিশেষ পর্যালোচনা কৰা হৈছে৷ বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই–পার্থেননৰ এই প্রতিবেদনত অসমক এক গুৰুত্বপূর্ণ উদাহৰণ হিচাপে দাঙি ধৰা হৈছে, য’ত সুপৰিকল্পিত পৰিৱেশতন্ত্র গঢ়ি তোলা, পর্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীর্ঘম্যাদী বিনিয়োগৰ জৰিয়তে লাহভ মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডীত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অর্থনৈতিক প্রগতিৰ শক্তিশালী চালিকাশক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ৷
সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ লাইভ মনোৰঞ্জনমূলক অনুষ্ঠানৰ এটা ধাৰাবাহিক আয়োজন গঢ়ি তুলিব পৰা গ’লে অহা পাঁচ বছৰত অসমত ৭০০ কোটিতকৈও অধিক টকাৰ সামগ্রিক অর্থনৈতিক প্রভাৱ সৃষ্টি হ’ব পাৰে বুলি প্রতিবেদনত অনুমান কৰা হৈছে৷ ২০২৫ চনৰ ডিচেম্বৰত অনুষ্ঠিত প’ষ্ট মেলনৰ কনচার্টক এটা ক্ষেত্র অধ্যয়ন হিচাপে দাঙি ধৰি বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই–পার্থেননৰ প্রতিবেদনত প্রকাশ কৰা হৈছে যে এই অনুষ্ঠানে সর্বমুঠ ৪৩ কোটি টকাৰ অর্থনৈতিক প্রভাৱ সৃষ্টি কৰিছে৷
ইয়াৰ ভিতৰত দর্শকৰ ব্যয়ৰ জৰিয়তে পোনপটীয়াকৈ ৩২ কোটি টকা অসমৰ অর্থনীতিত যুক্ত হৈছে, লগতে জিএছটি বাবদ আন প্রায় ৫ কোটি টকাৰ ৰাজহ আদায় হৈছে৷ সেই সময়ছোৱাত বিমান সেৱাত গুৰুতৰ পৰিচালনাগত ব্যাঘাত থকাৰ পাছতো কনচার্টত প্রায় ২০ হাজাৰ দর্শক উপস্থিত থাকে৷
লক্ষণীয়ভাৱে, এই কনচার্টত উপস্থিত থকা ৫৩ শতাংশ দর্শকৰেই আছিল গুৱাহাটীৰ বাহিৰৰ পৰা অহা৷ ভাৰতৰ ২০০তকৈও অধিক চহৰ তথা জনপদৰ দর্শকে গুৱাহাটীত উপভোগ কৰিছিল প’ষ্ট মেলনৰ কনচার্ট৷ বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই–পার্থেননৰ প্রতিবেদনত প্রকাশ পোৱা অনুসৰি, প’ষ্ট মেলনৰ কনচার্টক কেন্দ্র কৰি পর্যটন, আতিথ্য, পৰিবহণ, খুচুৰা বাণিজ্য আৰু স্থানীয় ব্যৱসায়ত উল্লেখনীয় অর্থনৈতিক প্রভাৱ পৰে৷
প্রতিবেদন অনুযায়ী, কনচার্টৰ টিকটত প্রতি ১০০ টকা ব্যয়ৰ বিপৰীতে দর্শকে বাসস্থান, যাতায়াত, খাদ্য, বজাৰ কৰা আৰু স্থানীয় বিভিন্ন সেৱাত অতিৰিক্ত ৮৯৯ টকা ব্যয় কৰে৷ কনচার্ট অনুষ্ঠিত হোৱা সপ্তাহান্তত গুৱাহাটীৰ হোটেলসমূহত কোঠা দখলৰ হাৰ প্রায় ৩০ শতাংশ বৃদ্ধি পায়৷
একে সময়তে স্থানীয় পৰিবহণ সেৱাৰ চাহিদা ৫০ শতাংশতকৈও অধিক বাঢ়ি যায়৷ ৰেষ্টুৰেণ্ট আৰু কেফেসমূহত অহা গ্রাহকৰ সংখ্যা ৩৩ শতাংশতকৈও অধিক বৃদ্ধি পোৱাৰ বিপৰীতে খুচুৰা ব্যৱসায়িক প্রতিষ্ঠানসমূহত ক্রেতাৰ উপস্থিতি ৩০ শতাংশতকৈও অধিক হয়৷
কনচার্টকে কেন্দ্র কৰি আঞ্চলিক পর্যটনতো ইতিবাচক প্রভাৱ পৰে৷ অনুষ্ঠানত অংশ ল’বলৈ অহা দর্শকে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, মাজুলী দ্বীপ, কামাখ্যা মন্দিৰ আৰু শিৱসাগৰৰ দৰে পর্যটনস্থলীসমূহো ভ্রমণ কৰে৷
ইয়াৰ ফলত উত্তৰ–পূর্বাঞ্চলৰ প্রৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ গুৰুত্ব আৰু অধিক শক্তিশালীভাৱে প্রতিফলিত হৈছে৷ বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই–পার্থেননৰ প্রতিবেদনে ভাৰতৰ লাইভ মনোৰঞ্জন উদ্যোগত উত্তৰ–পূর্বাঞ্চলৰ ক্রমবর্ধমান গুৰুত্বকো সমুখলৈ আনিছে৷
২০২৫ চনত গুৱাহাটীত লাইভ অনুষ্ঠানত দর্শকৰ উপস্থিতি ১৮৮ শতাংশ বৃদ্ধি পায় আৰু সেই বর্ষত চহৰখনত ৫৫টা টিকটভিত্তিক লাইভ অনুষ্ঠানৰ আয়োজন হয়৷ পার্শ্বৱর্তী শ্বিলঙৰ সৈতে মিলি গুৱাহাটী লাহে লাহে বৃহৎ পৰিসৰৰ লাহভ মনোৰঞ্জনমূলক আয়োজনৰ এটা গুৰুত্বপূর্ণ গন্তব্যস্থল হিচাপে প্রতিষ্ঠিত হৈছে৷
প্রতিবেদনৰ মতে, এই পৰিৱর্তন কেৱল উত্তৰ–পূর্বাঞ্চলতে সীমাবদ্ধ নহয়, ই সমগ্র দেশতে গঢ়ি উঠা এটা বৃহৎ ধাৰাৰো প্রতিফলন৷ বুকমাইশ্ব’ৰ মতে, সম্প্রসাৰিত আন্তঃগাঁথনি, ক্রমবর্ধমান প্রডাকচন সক্ষমতা আৰু এটা বহনক্ষম পৰিৱেশতন্ত্রৰ সহায়ত এই খণ্ডই ৰাজ্যখনত ৭০০ কোটিতকৈও অধিক টকাৰ সামগ্রিক অর্থনৈতিক প্রভাৱ সৃষ্টি কৰিবলৈ সক্ষম হ’ব৷
স্মৰ্তব্য যে গুৱাহাটীত প’ষ্ট মেলনৰ ঐতিহাসিক প্রদর্শনীৰ পাছত এইবাৰ অহা ১৭ নৱেম্বৰত অসমলৈ আগমন ঘটিব কিংবদন্তি ৰক বেণ্ড ‘গানছ এন ৰ’জেছ’ৰ, যিয়ে আন্তঃৰাষ্ট্রীয় কনচার্ট আয়োজনৰ মানচিত্রত ৰাজ্যখনৰ ক্রমবর্ধমান গুৰুত্বক আৰু অধিক শক্তিশালী কৰিব৷
ভাৰতৰ অভিজ্ঞতাভিত্তিক অর্থনীতি যেতিয়া পৰম্পৰাগত মহানগৰসমূহৰ পৰিসৰ অতিক্রমি অধিক বিস্তৃত হৈ পৰিছে, তেতিয়া অসমৰ এই যাত্রাই দেখুৱাই দিছে যে লাইভ মনোৰঞ্জনে পর্যটন, কর্মসংস্থাপন আৰু অর্থনৈতিক প্রগতিক কেনেকৈ ক্ষিপ্রতৰ কৰিব পাৰে৷ ইয়াৰ সমান্তৰালভাৱে, ই দেশৰ অন্যান্য উদীয়মান গন্তব্যস্থানসমূহৰ বাবেও এক কার্যকৰী আর্হি হৈ পৰিছে৷
ডিজিটেল ডেস্ক, ১১ জুন