নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাত চুটি ছবি ‘চিনেমেটিক লাভ’ৰ সাফল্য

কানাডা স্ক্ৰীন এৱাৰ্ডছত অসমীয়া চুটি ছবি “চিনেমেটিক লাভ”ৰ সাফল্য। কানাডাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ সৈতে জড়িত ভাৰতীয় সমাজে আয়োজন কৰা এই প্ৰতিযোগিতাৰ আন্তৰ্জাতিক চুটি ছবি শাখাত তৰুণ চলচ্চিত্ৰ নিৰ্মাতা ফাৰদিন ইৰফানে নিৰ্মাণ কৰা ছবিখনে দুটা শিতানত পুৰস্কাৰ লাভ কৰে।

তন্ময়ী বৰা শ্ৰেষ্ঠ অভিনেত্ৰী নিৰ্বাচিত হোৱাৰ লগতে ফাৰদিন ইৰফানে লাভ কৰে শ্ৰেষ্ঠ সংগীতৰ পুৰস্কাৰ।

প্ৰতিযোগিতাখনত বিশ্বৰ কেবাখনো দেশৰ চুটি ছবিয়ে অংশগ্ৰহণ কৰিছিল। চলচ্চিত্ৰ নিৰ্মাণকে পেছা হিচাপে লব বিচৰা এজন ২৫ বছৰীয়া যুৱকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানেই ছবিখনৰ মূল বিষয়বস্তু।

নাটকীয়তা, আবেগ, হাস্যৰস আৰু একছন সমৃদ্ধ তিনি মিনিট দৈৰ্ঘৰ ছবিখনৰ কাহিনী, পৰিচালনা, সম্পাদনা আৰু সংগীত ফাৰদিন ইৰফানৰ। ডিৰেক্টৰ অব ফটোগ্ৰাফী শোণিত ৰয়।

অভিনয় কৰিছে ইফটিকাৰ হুছেইন, ফাৰদিন ইৰফান, তন্ময়ী বৰা, কৃষ মজুমদাৰ আৰু ছঈফ চেলিম। পৰিচালনাৰ লগতে বিভিন্ন কাৰিকৰী দিশত সহযোগী হিচাপে আছে কামৰাণ হুছেইন, ছঈফ চেলিম, এনিশা মজুমদাৰ, অনুৰাধা ঈপ্সিতা হাজৰিকা, কৃষ মজুমদাৰ আৰু মুজতাহিদ হুছেইন।

ডিজিটেল ডেস্ক, ১১ জুন

You might also like