সম্পাদকীয় - নিয়মীয়া বাৰ্তা

সম্পাদকীয় : ফোঁপোলা ফিতাহি
মানুহে নিজৰ কর্ম অভিজ্ঞতাৰ পৰাও জ্ঞান আহৰণ কৰে৷ সেইবাবেই কোৱা হয়– ঠেকিলেহে শিকে৷ যিবোৰ কামত শ’লঠেকত পৰা যায়, তাৰ পৰা বহু ব্যৱহাৰিক জ্ঞান আহৰণ হয়৷ কিন্তু কিছুমানে আকৌ নাও বুৰিলেও টিঙৰ পৰা নামিব নোখোজাৰ ফলত তেওঁলোকৰ বাবে এই ব্যৱহাৰিক জ্ঞান আহৰণ কৰাটো কঠিন হৈ পৰে৷ এয়া কেৱল মানুহৰ ব্যক্তিগত জীৱনতে সঁচা নহয়, সমাজ বা দেশৰ ক্ষেত্রতো সঁচা৷ নিজৰ কৃতকর্মৰ পৰা শিকিবলৈ আগ্রহী নোহোৱা আমাৰ দুই চুবুৰীয়া দেশ পাকিস্তান আৰু বাংলাদেশ ইয়াৰ এটা প্রকৃষ্ট উদাহৰণ৷ নিজৰ সুবিধাৰ বাবেই ভাৰতৰ বিভাজনেৰে নিজৰ এখন সার্বভৌম ৰাষ্ট্র গঢ়ি তোলাৰ পিছতো পাকিস্তানৰ নাগৰিক তথা নেতৃত্বই ভাৰতৰ প্রতি শত্রুতা আজিও এৰিব খোজা নাই৷ ভাৰতৰ শত্রুতা কৰাই যেন তেওঁলোকৰ একমাত্র লক্ষ্য আৰু উদ্দেশ্য৷ একাধিকবাৰ ভাৰতৰ সৈতে যুদ্ধত অৱতীর্ণ হৈও বাৰে বাৰে পৰাজয় স্বীকাৰ কৰিবলগীয়া হোৱাৰ পিছতো ফিতাহি কমা নাই তেওঁলোকৰ৷ এতিয়া পোনপটীয়া সমৰত বলে নোৱাৰাৰ কথা বুজিব পাৰি সন্ত্রাসবাদীক নিজৰ দেশতে পোহপাল দি সীমা পাৰ কৰোৱাই ভাৰতত কূটাঘাত কৰি দেশখনত অস্থিৰতা সৃষ্টি কৰিবলৈ যেন উঠি–পৰি লাগিছে পাকিস্তানে৷ ভাৰতত চলোৱা কেইবাটাও সন্ত্রাসবাদী আক্রমণৰ আঁৰত যে পাকিস্তানৰ পোনপটীয়া বা আওপকীয়া হাত আছে সেই কথা জলজল-পটপটকৈ প্রমাণ হোৱাৰ পিছতো দেশখনে তাক বাৰে বাৰে অস্বীকাৰ কৰি আহিছে৷ শেহতীয়াকৈ পেহেলগামত ধর্মৰ নামত যি সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰোৱালে তাৰ পিছত ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ কৰি পাকিস্তানত থকা সন্ত্রাসবাদীৰ ঘাটিসমূহ বিধ্বস্ত কৰি পেলোৱাই নহয়, পাক সেনাৰো বহু ক্ষতিসাধন কৰিবলৈ বাধ্য হৈছে ভাৰত৷ তদুপৰি, পাকিস্তানক হাতে নামাৰি ভাতে মৰাৰ কৌশলেৰে এসেকা দিয়াৰ বাবে সিন্ধু নদীৰ জলবণ্টন চুক্তি স্থগিত ৰাখিছে ভাৰতে৷ সেইদিন ধৰি তীব্র জল সংকটত ভুগি আছে দেশখনে৷ তাৰ পিছতো একাংশই ভাৰতক ভাবুকি দিবলৈ এৰা নাই৷ সিন্ধু নদীৰ অৱবাহিকাটোৱে পাকিস্তানৰ ৮০ শতাংশ কৃষিভূমিলৈ পানী যোগান ধৰে৷ সিন্ধু নদীৰ পানী যোগান ৰুদ্ধ হৈ পৰাত দেশখনৰ অর্থনীতিত ব্যাপক প্রভাত পৰাত দিকবিদিক শূন্য হৈ পৰি পাকিস্তান পিপলছ পাৰ্টীৰ  অধ্যক্ষ বিলৱাল ভূট্টো জর্দাৰীয়ে ভাৰতক পাৰমাণৱিক আক্রমণ কৰাৰো ভাবুকি দিয়াৰ মৰসাহ গোটাব পৰা হৈছে৷ দেশখনৰ উপ–প্রধানমন্ত্রী তথা বৈদেশিক মন্ত্রী ইশ্বাক ডৰে ভাৰতে একপক্ষীয়ভাৱে সিন্ধু চুক্তি স্থগিত কৰাক মানি লোৱা নাই৷ শেহতীয়াকৈ ইছলামাবাদত অনুষ্ঠিত এখন আলোচনা–চক্রত ভাষণ দি তেওঁ ১৯৬০ চনৰ চুক্তিখনক ‘বৈধ, বাধ্যতামূলক আৰু কার্যকৰী’ বুলি ঘোষণা কৰে৷ তেওঁ সকীয়াই দিয়ে যে পাকিস্তানক আবণ্টিত পানীৰ পৰা বঞ্চিত কৰাৰ যিকোনো প্রচেষ্টা বা নদীৰ প্রৱাহত হেতালি খেলা যিকোনো প্রচেষ্টাই আঞ্চলিক নিৰাপত্তাৰ বাবে গভীৰ পৰিণতি কঢ়িয়াই আনিব আৰু ইয়াক ‘যুদ্ধৰ কার্য’ হিচাপে গণ্য কৰিব পাৰি৷ মানে প্রকাৰান্তৰে যুদ্ধৰেই ভাবুকি৷ তথাপি তেওঁলোকে চলাই থকা অন্যায় কার্যক লৈ কোনোধৰণৰ অনুশোচনা নাই৷ কিন্তু তাৰ বিপৰীতে ভাৰত আৰু পাকিস্তানৰ শতাধিক বিশিষ্ট ব্যক্তিয়ে দুয়োখন দেশৰ মাজত শান্তি আলোচনা আৰু স্বাভাৱিক দ্বি–পাক্ষিক সম্পর্ক ঘূৰাই আনিবলৈ এটা গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷

‘চেণ্টাৰ ফৰ পীচ এণ্ড প্রগ্রেছ’ নামৰ সংস্থাটোৰ উদ্যোগত প্রকাশ কৰা এখন মুকলি পত্রত ভাৰতৰ ৬১গৰাকী আৰু পাকিস্তানৰ ১১৭গৰাকী ব্যক্তিয়ে স্বাক্ষৰ কৰি দুয়োখন চৰকাৰৰ দীর্ঘদিনীয়া শত্রুতা সমাপ্ত কৰিবলৈ অনুৰোধ জনাই দুয়োখন দেশৰ প্রধানমন্ত্রী দুগৰাকীকক আহ্বান জনাইছে৷ স্বাক্ষৰকাৰীসকলে দুয়োখন দেশৰ নেতাক বিশ্বাসযোগ্যতা পুনৰ ঘূৰাই আনিব পৰা পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ এয়া নিশ্চয়কৈ প্রশংসনীয় প্রয়াস৷ অনাহক শত্রুতাই যে দুয়োখন দেশৰে ক্ষতি কৰিছে, সেই কথা বিশেষকৈ পাকিস্তানৰ বিশিষ্ট ব্যক্তিসকলে পাক নেতৃত্বক বুজনি দিয়া উচিত৷ সিন্ধু নদীৰ জলবণ্টন চুক্তি স্থগিত ৰখাত পাকিস্তানে যিদৰে ঘোটে ঘোটে পানী খাবলগীয়া অৱস্থা হৈছে, সিয়েই প্রমাণ কৰে যে সদায় চুবুৰীয়াৰ সৈতে সৌহার্দ্যপূর্ণ সম্পর্ক বজাই ৰাখিব লাগে৷ কিন্তু তাকে নকৰি ওভতগোৰে নাচিবলৈ ল’লে নিজৰেই ক্ষতি৷ উদাহৰণস্বৰূপে ভাৰতে নিজৰ বল–শক্তি ব্যয় কৰি স্বাধীনতা আনি দিয়া চুবুৰীয়া বাংলাদেশে ইমানদিনে বন্ধুত্বপূর্ণ সম্পর্ক ৰাখি আহিছিল যদিও শেহতীয়াকৈ মহম্মদ ইউনুছৰ অন্তর্ৱর্তীকালীন চৰকাৰখনৰ দিনৰ পৰা তেওঁলোকৰ ভাৰতবিদ্বেষ প্রকট হৈ উঠিছে৷ এচাম মৌলবাদীয়ে ধৰ্মীয় মেৰু বিভাজন কৰি অশান্তি বিয়পাইছে৷ পৰৱৰ্তী সময়ত তাৰিক ৰহমানৰ নির্বাচিত চৰকাৰখনে ভাৰতৰ প্রতি মুকলি মনোভাব দেখুৱাইছিল যদিও কার্যক্ষেত্রত তাৰ ওলোটাহে কৰা দেখা গৈছে৷ শেহতীয়াকৈ তেওঁ প্রধানমন্ত্রী হিচাপে প্রথমটো ভ্রমণ কার্যসূচী লৈ চীনলৈ গৈছে আৰু ভাৰতৰ নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিব পৰা মংলা বন্দৰ আৰু তিস্তা নদী প্রকল্পৰ কাম চীনক অর্পণ কৰি থৈ আহিছে৷ অথচ এই দুয়োটা প্রকল্পৰ কাম কৰিবলৈ ভাৰতৰ সৈতে চুক্তি কৰিছিল পূর্বৱৰ্তী শ্বেখ হাছিনা চৰকাৰে৷ ভাৰতে কিছু কাম আগবঢ়াইছিল৷ কিন্তু তাৰ পিছতো উদ্দেশ্যপ্রণোদিতভাৱে তাৰিক ৰহমানে এই প্রকল্প দুটা চীনক গতাই দিয়ে৷ আনহাতে, শেহতীয়াকৈ পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতো দেশখনত ভাৰতবিদ্বেষ অধিক মুকলি হৈ পৰিছে৷ পশ্চিমবংগৰ শুভেন্দু অধিকাৰীৰ চৰকাৰখনে অবৈধ বাংলাদেশীক বিতাড়নৰ যি পন্থা হাতত লৈছে তাত ক্ষুণ্ণ হৈ পৰিছে বাংলাদেশ৷ পূর্বৱৰ্তী চৰকাৰখনে বাধা দি থকা আন্তঃৰাষ্ট্রীয় সীমান্ত ছীল কৰাৰ বিষয়টোতো কঠোৰ স্থিতি লৈছে নতুন চৰকাৰখনে৷ সেইমর্মে ভাৰত–বাংলা উন্মুক্ত সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ কাম আৰম্ভ কৰা হৈছে৷ অতি স্পর্শকাতৰ হিচাপে বিবেচিত শিলিগুড়ি কৰিড’ৰ বা চিকেন নেকৰ দায়িত্ব সম্পূর্ণৰূপে সেনা আৰু বিএছএফৰ হাতত তুলি দিয়াৰ পিছত বাংলাদেশৰ চকুৰ টোপনি হৰিছে৷ ইয়াক লৈ সীমান্তত বাংলাদেশী সেনা আৰু সাধাৰণ নাগৰিকে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ সেইবাবেই ভাৰতৰ কেঁচামাল আৰু শক্তিৰ ওপৰত নির্ভৰশীল বাংলাদেশৰ অর্থনীতিত আঘাত হানিবলৈ ভাৰতৰ পৰা যোৱা পণ্যৰ ওপৰত ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷ ফলত, বাংলাদেশৰ অৱস্থা কাহিল৷ ইয়াকে কয়– ‘ঠেলাৰ নাম বাবাজী’৷

The post সম্পাদকীয় : ফোঁপোলা ফিতাহি first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : উচ্চ শিক্ষা
শিক্ষা জাতিৰ মেৰুদণ্ড৷ যাৰ জৰিয়তে এখন সমাজৰ ভৱিষ্যৎ গঢ় লৈ উঠে৷ সম্প্রতি ৰাজ্যখনত উচ্চ শিক্ষাৰ প্রসাৰ ঘটিছে৷ আইআইটি, এনআইটি, এইমছকে ধৰি অসমত প্রায় ২৫খন বিশ্ববিদ্যালয় আছে৷ ৩০খনতকৈ অধিক স্নাতক–স্নাতকোত্তৰ মহাবিদ্যালয় আছে৷ এই শিক্ষানুষ্ঠানবোৰত প্রতি বছৰে লাখ লাখ শিক্ষার্থীয়ে উচ্চ শিক্ষাগ্রহণ কৰি আছে৷ বর্তমান ৰাষ্ট্রীয় শিক্ষানীতি ২০২০–এ উচ্চ শিক্ষাক অধিক Skill-based, Research-based কৰিছে৷ কিন্তু এই বিশাল পৰিকাঠামোৰ ভিতৰত এটা গভীৰ সমস্যাই দেখা দিছে, সেই সমস্যাটো হ’ল– শিক্ষকৰ অভাৱ৷ শিক্ষকৰ অভাৱৰ বাবে শিক্ষার্থীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ ২০২৫ৰ শেহতীয়া তথ্য অতি উদ্বেগজনক৷ ৰাজ্যৰ মহাবিদ্যালয়সমূহত হাজাৰ হাজাৰ পদ খালী হৈ আছে৷ বহু মহাবিদ্যালয়ৰ বহু বিভাগত স্থায়ী শিক্ষকেই নাই৷ কেৱল মহাবিদ্যালয়সমূহত যে এনে অৱস্থা তেনে নহয়৷ বিশ্ববিদ্যালয়তো বহু পদ এতিয়াও খালী হৈ আছে৷ ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিকতো শিক্ষকৰ পদ খালী হৈ আছে৷ এই অভাৱ সকলো বিষয়তে নহয় যদিও কিছুমান বিষয়ত শিক্ষকৰ অভাৱ৷ অলপতে বাতৰিকাকতত কেইখনমান মহাবিদ্যালয়ত শিক্ষকৰ অভাৱ সম্পর্কে বাতৰি প্রকাশ হৈছে৷ উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত শিক্ষা বিভাগ, ইতিহাস বিভাগত শিক্ষকৰ অভাৱ৷ শিক্ষা বিভাগত শিক্ষার্থী অনুপাতে শিক্ষক নাই৷ ৰঙিয়া মহাবিদ্যালয়, নলবাৰী মহাবিদ্যালয়তো কেইটামান বিষয়ত শিক্ষকৰ অভাৱ৷ ৰঙিয়া মহাবিদ্যালয়খনত গণিত বিভাগ, পদার্থ বিজ্ঞান, অসমীয়া, অর্থনীতি, বাণিজ্য, আৰবী, ৰসায়ন, বাংলা, ইংৰাজী বিভাগত শিক্ষকৰ অভাৱ৷ নলবাৰী মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান, পৰিসংখ্যা, ভূগোল, অসমীয়া, সংস্কৃতি বিভাগত শিক্ষকৰ অভাৱ৷ এই তিনিখন মহাবিদ্যালয় উদাহৰণহে মাত্র৷ এই খালী পদসমূহ পূৰাবলৈ কলেজসমূহে ঠিকাভিত্তিক শিক্ষক নিয়োগ কৰিব লাগে৷ এই ঠিকাভিত্তিক শিক্ষকসকলৰ বেতনো কম৷ এনে বহু সমস্যাৰ মাজেৰে অসমত চলি আছে উচ্চ শিক্ষা৷ শিক্ষকৰ অভাৱে যে শিক্ষাৰ গুণগত মান নিম্ন কৰে, এই বিষয়ে গভীৰভাৱে ভাবি চোৱা উচিত৷ শিক্ষকৰ অভাৱৰ প্রত্যক্ষ প্রভাৱ শ্রেণীকোঠাত পৰে৷ ৬ মাহৰ পাঠ্যক্রম কম শিক্ষক থাকিলে শেষ কৰিবলৈ অসুবিধা হয়৷ শেষ কৰিবলৈ হ’লে অতি সোনকালে পঢ়ুৱাই শেষ কৰিব লাগে৷ তদুপৰি এজন শিক্ষকে ৮০–১০০জন ছাত্রক পঢ়ুৱাবলগীয়া হ’লে ব্যক্তিগতভাৱে কোনো এজনকে গুৰুত্ব দিয়া সম্ভৱ নহয়৷ তেতিয়া দুর্বল ছাত্রসকল অধিক দুর্বল হৈ যায়৷

বহু শিক্ষার্থীয়ে কেৰিয়াৰৰ বাবে ভাল দিশ নির্ণয় কৰিব নোৱাৰে শিক্ষকৰ অভাৱৰ বাবে৷ সেয়ে সম্প্রতি বহু শিক্ষার্থীৰ হাতত ডিগ্রী থাকিলেও এটা ভাল কেৰিয়াৰ নাই৷ ইউজিচিৰ মতে এজন শিক্ষকে সপ্তাহত ১৬ ঘণ্টা পঢ়ুৱাব লাগে, কিন্তু শিক্ষকৰ অভাৱৰ বাবে বহু শিক্ষকে ২০–২৫ ঘণ্টা পর্যন্ত পঢ়ুৱাবলগীয়া হয়, এজন শিক্ষকে প্রয়োজনতকৈ অধিক পঢ়ুৱাবলগীয়া হ’লে তেওঁৰ পঢ়ুওৱাৰ মান হ্রাস হোৱাৰো সম্ভাৱনা থাকে৷ তদুপৰি বহি চোৱা, পৰীক্ষা ডিউটী, নামভর্তি, NAACৰ নথি–পত্র প্রস্তুত, চৰকাৰৰ নির্দেশনা থাকেই৷ বিশ্ববিদ্যালয়সমূহত শিক্ষকৰ অভাৱৰ বাবে বহু বিভাগত গৱেষণাৰ বাবে নামভর্তি বন্ধ হৈ থাকে নতুবা আসনৰ সংখ্যা হ্রাস পায়৷ অসমত গৱেষণাৰ পৰিৱেশ নাই বুলিয়ে ক’ব পাৰি৷ নতুন জ্ঞান সৃষ্টি নহ’লে এটা জাতিয়ে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে৷ গতিকে, এই দিশবোৰত চৰকাৰে গুৰুত্ব দিয়া উচিত৷ চৰকাৰে এই সমস্যাসমূহ দূৰ কৰিবলৈ অচিৰেই কলেজ, বিশ্ববিদ্যালয়ত শিক্ষক নিযুক্তি দিব লাগে৷ বহু শিক্ষকে গ্রামাঞ্চলৰ মহাবিদ্যালয়ত চাকৰি কৰিবলৈ নিবিচাৰে, বিশেষকৈ ইণ্টাৰনেট বা যোগাযোগ ব্যৱস্থাৰ বাবে, তেনে ঠাইত যোগদান কৰা শিক্ষকৰ বাবে বিশেষ সুবিধা প্রদান কৰিব লাগে৷ তথ্য–প্রযুক্তিৰ ব্যৱহাৰ, উচ্চ শিক্ষাৰ বাবে বাজেট বৃদ্ধি কৰিব লাগে৷ শিক্ষকৰ কেৱল এপিআই স্ক’ৰৰ নামত কাগজী গৱেষণাত গুৰুত্ব দিয়াতকৈ শ্রেণীকোঠাত পঢ়ুওৱাৰ মান আৰু শিক্ষার্থীৰ মতামতকহে গুৰুত্ব দিব লাগে৷ শ্রেণীকোঠাত শিক্ষকৰ অভাৱ বিষয়টো এতিয়া লাহে লাহে কেৱল বিভাগীয় সমস্যা নহৈ সামাজিক সংকটলৈ ৰূপান্তৰিত হৈছে৷ কেৱল অট্টালিকা সাজি, ডিজিটেল ব’ৰ্ড লগাই শিক্ষাৰ মান উন্নত কৰিব নোৱাৰি৷ শিক্ষাৰ মান উন্নত কৰিবলৈ উপযুক্ত–পর্যাপ্ত শিক্ষক নিযুক্তি দিব লাগিব৷ এজন ভাল শিক্ষকে সমাজ সলনি কৰি দিব পাৰে৷ সেয়ে শিক্ষকক অৱহেলা কৰা মানে সমাজখনক দুর্বল কৰা৷ গতিকে, সময় থাকোঁতেই চৰকাৰে শিক্ষক নিযুক্তি দিয়ক, সমাজে শিক্ষকক উচিত সন্মান দিয়ক, শিক্ষকেও নিজৰ দায়িত্বক গভীৰভাৱে অনুধাৱন কৰক নহ’লে অসমৰ ভৱিষ্যৎ প্রজন্ম সংকটত পৰিব৷

The post সম্পাদকীয় : উচ্চ শিক্ষা first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : অসমীয়া চলচ্চিত্রৰ নৱজাগৰণ
বিগত কিছুদিনৰে পৰা এক আশাৰ বতৰা৷ অসমীয়া চলচ্চিত্র উদ্যোগটিক এছাটি সজীৱ বতাহে চুই গৈছে৷ এসময়ত এই আঞ্চলিক চলচ্চিত্র উদ্যোগটিয়ে গভীৰ সংকটৰ মাজেৰে গতি কৰিছিল, দর্শকৰ অভাৱত ছবিগৃহসমূহ শূন্য হৈ পৰিছিল, সেই একেই উদ্যোগত এতিয়া এক অভূতপূর্ব জোৱাৰ দেখা গৈছে৷

সাম্প্রতিক সময়ত অসমীয়া চিনেমাৰ অৱস্থা কেৱল সলনি হোৱাই নাই, বৰঞ্চ ই এক ইতিবাচক আৰু ব্যৱসায়িকভাৱে লাভজনক দিশলৈ গতি কৰিছে৷ এই পৰিৱর্তন কেৱল চিনেমা নির্মাণৰ পৰিসংখ্যাতে সীমাবদ্ধ নহয়৷

এই পৰিৱর্তনে সামাজিক–সাংস্কৃতিক চেতনাৰ ছবি এখন দাঙি ধৰে৷ ছবিজগতৰ সৈতে জড়িত হৈ পৰিছে দর্শকৰ মানসিকতা, প্রযোজকৰ সাহস আৰু যুৱ পৰিচালকসকলৰ অভিনৱ চিন্তা৷ এই সময়ত মন কৰিবলগীয়া আটাহতকৈ ডাঙৰ পৰিৱর্তনটো হ’ল চিত্রগৃহলৈ দর্শকৰ প্রত্যাৱর্তন৷

এটা সময় আছিল যেতিয়া দুখন অসমীয়া চিনেমা একে সময়তে মুক্তি পালে ব্যৱসায়িক লোকচানৰ আশংকাত বিতৰক আৰু প্রযোজকসকল চিন্তিত হৈ পৰিছিল৷ দুখন ছবিৰ মুক্তিৰ মাজত এক দীঘলীয়া ব্যৱধান ৰখাৰ কথা চিন্তা কৰা হৈছিল যাতে দর্শক ভাগ হৈ নাযায়৷

কিন্তু আজিৰ পৰিস্থিতি সম্পূর্ণ সুকীয়া৷ এতিয়া একেটা সপ্তাহতে, একেটা দিনতে দুখনকৈ অসমীয়া ছবিয়ে ছবিগৃহত মুক্তি লাভ কৰিছে আৰু আটাহতকৈ সুখৰ কথাটো হ’ল দর্শকে দুয়োখন ছবিকে আদৰি লৈছে৷

ইয়ে প্রমাণ কৰে যে দর্শকে এতিয়া চিত্রগৃহত নিজৰ পছন্দৰ ছবি বিচাৰে, অসমীয়া ছবি বুুলি চিত্রগৃহলৈ যোৱা আৱেগটিক পাহৰিবলৈ আৰম্ভ কৰিছে৷ এই নতুন পৰিৱেশে উদ্যোগটোলৈ পুঁজিপতি আৰু প্রযোজকসকলক আকর্ষিত কৰিছে৷

পূর্বতে অসমীয়া ছবিত টকা বিনিয়োগ কৰিবলৈ মানুহ পিছহুঁহকি গৈছিল, কিন্তু এতিয়া ডাঙৰ বাজেটৰ অসমীয়া ছবি নির্মাণ কৰিবলৈ প্রযোজকসকল আগবাঢ়ি আহিছে৷ তেওঁলোকে বুজি উঠিছে যে যদি ছবিখনৰ আবেদন শক্তিশালী হয়, তেন্তে দর্শকে তাৰ উচিত মূল্যায়ন কৰিবই৷

কেৱল বাণিজ্যিকভাৱেই নহয়, কলাত্মক দিশতো অসমীয়া চিনেমাই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত চমকপ্রদ সফলতা অর্জন কৰিছে৷ বিভিন্ন সন্মানীয় চলচ্চিত্র মহোৎসৱসমূহত অসমীয়া চিনেমাৰ উপস্থিতি এতিয়া অতিশয় উৎসাহজনক৷

এচাম নতুন, মেধাৱী আৰু তৰুণ পৰিচালকে সম্পূর্ণ নতুন শৈলী আৰু আধুনিক দৃষ্টিভংগীৰে ছবি নির্মাণ কৰিছে৷ তেওঁলোকৰ এই নিৰন্তৰ প্রয়াসে অসমৰ বাবে কঢ়িয়াই আনিছে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় খ্যাতি৷

অসমীয়া চলচ্চিত্রৰ এই নৱউত্থানক স্থায়ী ৰূপ দিবলৈ আৰু ইয়াক অধিক সবল কৰি তুলিবলৈ চৰকাৰী প্রচেষ্টাৰ অতিশয় প্রয়োজন৷ বর্তমানৰ এই সুন্দৰ পৰিৱেশটোক এটা সু–সংগঠিত উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে পলম নকৰাকৈ কিছুমান দূৰদর্শী আঁচনি গ্রহণ কৰিব লাগে৷

প্রথম আৰু প্রধান পদক্ষেপ হিচাপে চৰকাৰে এখন শক্তিশালী আৰু স্থানীয় প্রযোজকক সহায় কৰিব পৰাকৈ চলচ্চিত্র নীতি গ্রহণ কৰাটো উচিত৷

এই নীতিৰ অধীনত নতুন তথা থলুৱা প্রযোজকসকলক আর্থিক সকাহ, ৰাজসাহায্য আৰু কৰ ৰেহাইৰ দৰে ব্যৱস্থাৰে উৎসাহিত কৰিব লাগে, যাতে তেওঁলোকে কোনোপধ্যে লোকচানৰ শংকা নোহোৱাকৈ বিনিয়োগ কৰিব পাৰে৷ এইটো ঠিক যে ছবি এখনৰ দর্শক ভাগ্যৰ কথা কোনেও ক’ব নোৱাৰে, কিন্তু পৰিকল্পিত পথেৰে চিত্রনির্মাতা আগবাঢ়িব পাৰে৷

একেদৰে ব্যৱসায়িক ফর্মূলাৰ বাহিৰলৈ গৈ কেৱল কলাত্মক মূল্যবোধেৰে ছবি নির্মাণ কৰিব বিচৰা স্বতন্ত্র পৰিচালকসকলকো সহায় কৰিব পৰাকৈ চৰকাৰে বিশেষ পুঁজি বা অনুদানৰ ব্যৱস্থা কৰিব লাগে৷

এই স্বতন্ত্র চলচ্চিত্র নির্মাতাসকলেই প্রায়ে আন্তঃৰাষ্ট্রীয় মঞ্চত আমাৰ সমাজ আৰু সংস্কৃতিক প্রতিনিধিত্ব কৰে৷ গতিকে তেওঁলোকক সুৰক্ষা আৰু উৎসাহ দিয়াটো চৰকাৰৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে৷

চলচ্চিত্র কেৱল মনোঞ্জনৰ মাধ্যম নহয়, ই সমাজৰ দাপোণ আৰু আমাৰ সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ৷ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ৰ পৰা আৰম্ভ হোৱা চহকী চলচ্চিত্র যাত্রাক সংৰক্ষণ কৰাটো জাতীয় কর্তব্য৷

এইক্ষেত্রত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগ আৰু ৰাজ্যিক চলচ্চিত্র উন্নয়ন নিগমে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ অসমৰ বর্তমান থকা চলচ্চিত্র আর্কাইভটোক আধুনিক প্রযুক্তিৰে অধিক উন্নত আৰু শক্তিশালী কৰি তুলিব লাগে, য’ত পুৰণি আৰু আপুৰুগীয়া ছবিসমূহ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰিব পাৰি৷

এই আর্কাইভটোক কেন্দ্র কৰিয়েই ৰাজ্যখনত চলচ্চিত্র চর্চা আৰু অধ্যয়নৰ এক সুস্থ বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিব পৰা যায়৷ ইয়াত নিয়মীয়াকৈ চলচ্চিত্র প্রদর্শন, স্ক্রীপ্ট ৰাইটিং ৱর্কশ্বপ, চিনেমা তত্ত্বৰ আলোচনা আদি অনুষ্ঠিত হ’ব লাগে৷

ইয়াৰ উপৰি আমাৰ ভৱিষ্যতৰ চলচ্চিত্র যাত্রাক নেতৃত্ব দিবলগীয়া তৰুণ চুটি ছবি নির্মাতাসকলৰ বাবে চৰকাৰে বিশেষ আঁচনি ল’ব লাগে৷ চুটি ছবি হ’ল চিনেমা শিকিবলৈ আৰু নিজৰ প্রতিভা প্রদর্শন কৰিবলৈ যুৱপ্রজন্মৰ আটাইতকৈ ডাঙৰ মাধ্যম৷

তেওঁলোকক চৰকাৰীভাৱে প্লেটফর্ম আৰু বঁটা–বাহনেৰে উৎসাহিত কৰিলেহে অনাগত দিনত আমি আৰু অধিক দক্ষ পৰিচালক–কাৰিকৰ লাভ কৰিবলৈ সক্ষম হ’ম৷ একে সময়তে চলচ্চিত্র বিষয়ক আলোচনা, সমালোচনা আৰু লিখা–মেলাৰ কামবোৰ যাতে ধাৰাবাহিকভাৱে চলি থাকে, তাৰ বাবেও চৰকাৰী পৃষ্ঠপোষকতাৰ প্রয়োজন৷

এখন ভাল চিনেমা সমাজলৈ যোৱাৰ পিছত তাৰ ওপৰত হোৱা সুস্থ বিতর্ক আৰু সমালোচনাইহে চিনেমাৰ মান ডন্নত কৰে৷ গতিকে চিনেমা বিষয়ক গ্রন্থ প্রকাশ, জার্নাল উলিওৱা আৰু আলোচনা–চক্র আয়োজনৰ বাবে চৰকাৰী অনুদানৰ ব্যৱস্থা হ’ব লাগে৷

অসমীয়া চিনেমাৰ বাবে বর্তমানৰ সময়ছোৱা সোণালী সুযোগৰ সময়৷ দর্শকে নিজৰ কর্তব্য পালন কৰিছে, এতিয়া চৰকাৰৰ পাল৷ আশা কৰোঁ অসম চৰকাৰে এই সকলো দিশ গভীৰভাৱে বিবেচনা কৰি শীঘ্রে কিছুমান ফলপ্রসূ আৰু দীর্ঘম্যাদী আঁচনি গ্রহণ কৰিব৷

The post সম্পাদকীয় : অসমীয়া চলচ্চিত্রৰ নৱজাগৰণ first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : আগন্তুক বাজেটৰ ৰূপৰেখা
ষষ্ঠদশ অসম বিধানসভাৰ নির্বাচনত চমকপ্রদ সাফল্যৰে একেৰাহে তৃতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত এনডিএ চৰকাৰখনে ১০ জুলাইত বিধানসভাত দাখিল কৰিব চলিত বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট৷ সাধাৰণতে এক এপ্রিলৰ পৰা আৰম্ভ হোৱা বিত্তীয় বর্ষৰ পূর্বে মার্চত পূর্ণাংগ বাজেট উত্থাপন কৰা হয়৷ বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত এইবাৰ চলিত বিত্তীয় বর্ষৰ বাজেট উত্থাপনত বিলম্ব হৈছে৷ অহা ৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন হ’ব লগা পূর্ণাংগ বাজেটখনৰ প্রস্তুতিক লৈ দিছপুৰত যিদৰে তৎপৰতা চলিছে একেদৰে ৰাজ্যখনৰ বিকাশৰ ধাৰাৰ স’তে জড়িত লোকসকলৰ মাজতো উৎকণ্ঠা বাঢ়িছে৷ অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত ১০২খন আসনত জয়লাভ কৰি মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰ ২.০ৰ এইখন প্রথম পূর্ণাংগ বাজেট৷ একেদৰে বিত্ত বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰো প্রথম বাজেট৷ বাজেটখন প্রস্তুতৰ পূর্বে মন্ত্রী বৰুৱাই উদ্যোগ, বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্রৰ নেতৃস্থানীয় লোকৰ স’তে আলোচনাত মিলিত হৈছে৷ অতিৰিক্ত কৰৰ বোজা অবিহনে ৰাজহ বৃদ্ধিৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি মন্ত্রী বৰুৱাই ঘোষণা কৰিছে৷ কিছু বছৰৰ পৰা ৰাজ্যিক বাজেটসমূহ পর্যালোচনা কৰিলে এই কথা স্পষ্ট হয় যে ৰাজ্যিক বাজেটত অতিৰিক্ত কৰ আৰোপ অথবা ৰেহাইৰ গুৰুত্ব বহু পৰিমাণে হ্রাস হৈছে৷ জিএছটিৰ অধীনত দেশজুৰি কৰ সংগ্রহ ব্যৱস্থা বলৱৎ হোৱাৰ পাছতে ৰাজ্য চৰকাৰসমূহে সামগ্রীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ পৰা বিৰত আছে৷ কিন্তু দেশৰ ভিতৰতে এখন অগ্রণী বিকাশশীল ৰাজ্যৰূপে অসমক নির্মাণ কৰিবলৈ হ’লে ৰাজ্যিক বাজেটখনত ইয়াৰ ৰূপৰেখা স্পষ্ট হ’বই লাগিব৷ ২০১৫–১৬ বিত্তীয় বর্ষত বাজেট প্রাককলনৰ পৰিমাণ আছিল ৬৬,১৪২ কোটি টকা৷ ২০২৪–২৫ বিত্তীয় বর্ষত বাজেট প্রাক্কলনৰ পৰিমাণ ১,৪৩,৮৯১ কোটি টকালৈ বৃদ্ধি হৈছে৷ একে সময়ছোৱাত সংশোধিত প্রাককলন ৭৪,৮১৮ কোটি টকাৰ পৰা ২০২৪–২৫ বিত্তীয় বর্ষত বৃদ্ধি হৈছে ১,৬৮,৬৭৩ কোটি টকা৷ ২০১৪–১৫ত বাজেট নির্ধাৰিত মুঠ ব্যয় হৈছিল ৪১,৯৩১ কোটি টকা৷ ২০২৪–২৫ বিত্তীয় বর্ষত বাজেট নির্ধাৰিত ব্যয় ১,৪১,৫২৯ কোটি টকালৈ বৃদ্ধি হৈছে৷ একেদৰে ২০১৫–১৬ বিত্তীয় বর্ষত বাজেট নির্ধাৰিত পুঁজি ব্যৱহাৰৰ হাৰ আছিল ৬৩ শতাংশ৷ অর্থাৎ বাজেটত নির্ধাৰিত অধিকাংশ আঁচনিয়ে নির্ধাৰিত সময়ত ৰূপায়ণ হোৱা নাছিল৷ বিগত চাৰি বছৰত ৰাজ্যখনত বাজেট নির্ধাৰিত পুঁজিৰ ব্যৱহাৰৰ পৰিমাণ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ ২০২১–২২ বিত্তীয় বর্ষত বাজেট নির্ধাৰিত পুঁজি ৭৮ শতাংশ, ২০২২–২৩ বিত্তীয় বর্ষত ৮১ শতাংশ, ২০২৩–২৪ বিত্তীয় বর্ষত ৮০ শতাংশ, আৰু ২০২৪–২৫ বিত্তীয় বর্ষত ৮৫ শতাংশ হৈছে৷ বিগত ১০ বছৰত ৰাজ্যখনৰ বার্ষিক বাজেটত নির্ধাৰিত পুঁজি আৰু ব্যয় হোৱা পুঁজি ২৫০ শতাংশ বৃদ্ধি হোৱাটো অসমৰ বাবে এক শুভ লক্ষণ৷ ২০১৫–১৬ বিত্তীয় বর্ষত অসমত মূলধনী ব্যয় ২,৯১৫ কোটি টকাৰ পৰা আঠ গুণ বৃদ্ধি হৈ ২৫ হাজাৰ কোটি টকা হৈছে৷ ৰাজ্যখনৰ বিকাশৰ এই যাত্রাৰ বাবে পথ–দলঙকে ধৰি যোগাযোগ ব্যৱস্থাত আমূল পৰিৱর্তন প্রতিফলন হৈছে৷

ৰাজ্য এখনৰ বিকাশৰ ৰূপৰেখা ঘাইকৈ নিৰূপণ হয় মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জিএছডিপি)ৰ ওপৰত৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ ক্ষমতালৈ অহাৰ পূর্বে ২০১৪–১৫ বিত্তীয় বর্ষত অসমৰ জিএছডিপি আছিল ২,২৭,৯৫৯ কোটি টকা৷ ২০২৪–২৫ বিত্তীয় বর্ষত অসমৰ জিএছডিপি ৬,৪৩,৬৬৭ কোটি টকালৈ বৃদ্ধি হৈছে৷ বিশেষকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যকালত অসমৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ ২০১৫–১৬ বিত্তীয় বর্ষত অসমৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ আছিল ১৫ শতাংশ৷ ২০২১–২২ বিত্তীয় বর্ষত জনমূৰি আয়ৰ বছৰেকীয়া বৃদ্ধিৰ হাৰ ১৯ শতাংশলৈ বৃদ্ধি হয়৷ ক’ভিডকালীন পৰিস্থিতি আৰু জিএছটিৰ প্রভাৱত ২০২২–২৩ বিত্তীয় বর্ষত ১৫ শতাংশ হ’লেও ২০২৩–২৪ত ১৭ শতাংশলৈ বৃদ্ধি হয়৷ একেদৰে ২০১৫–১৬ বিত্তীয় বর্ষত ৰাজ্যখনৰ জিএছডিপি বৃদ্ধিৰ হাৰ আছিল ১৭ শতাংশ৷ ২০২১–২২ বিত্তীয় বর্ষত ৰাজ্যখনৰ জিএছডিপি বৃদ্ধিৰ হাৰ ২১ শতাংশলৈ বৃদ্ধি হয়৷ আশাব্যঞ্জক এয়ে যে ২০২১–২২ত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ বৃদ্ধিৰ হাৰ আছিল ১৯ শতাংশ৷ ২০২২–২৩ বিত্তীয় বর্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন ১৪ শতাংশৰ বিপৰীতে অসমৰ ১৭ শতাংশ, ২০২৩–২৪ত দেশৰ জিডিপি ১০ শতাংশৰ বিপৰীতে অসমৰ ১৯ শতাংশ আৰু ২০২৪–২৫ বিত্তীয় বর্ষত ১০ শতাংশৰ বিপৰীতে অসমত ১৩ শতাংশ হৈছে৷ বিগত সময়ছোৱাত অৰুণোদয়কে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি গ্রাম্য অর্থনীতিৰ বুনিয়াদ টনকিয়াল কৰিবলৈ সক্ষম হৈছে৷ অৰুণোদয় আঁচনিখনৰ অধীনত অসমৰ ৪০ লাখ মহিলাক সামৰি লোৱা হৈছে৷ উক্ত আঁচনিখনক একাংশ বিৰোধী ৰাজনৈতিক দলৰ নেতা তথা ব্যক্তিবিশেষে উপলুঙা কৰিলেও ইয়াৰ সার্থকতা ৰাজ্যখনৰ জিএছডিপিত প্রতিফলিত হৈছে৷ নীতি আয়োগৰ শেহতীয়া প্রতিবেদন অনুসৰি অসমত ৪৬.৮৭ লাখ লোক দাৰিদ্র্য সীমাৰেখা অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ একে সময়তে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা আহৰণ কৰা ঋণক লৈ বিতর্কৰ সৃষ্টি কৰা হৈছে৷ কিন্তু দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ঋণৰ বোজা বহনক্ষম ক্ষমতাতে আবদ্ধ হৈ আছে৷ ৰাজ্যসমূহৰ জিএছডিপিৰ আধাৰত ঋণ গ্রহণৰ সুবিধা আছে৷ ৰাজ্যৰ বৃহৎ উন্নয়নমূলক আঁচনি তথা আন্তঃগাঁথনি নির্মাণৰ বাবে ৰাজ্য চৰকাৰসমূহে ঋণ গ্রহণ কৰাটো এক প্রচলিত ব্যৱস্থা৷ দেশৰ ভিতৰতে জিএছডিপিৰ আধাৰত সর্বাধিক ৪১.৪ শতাংশ ঋণ গ্রহণ কৰা ৰাজ্যখনেই হ’ল পঞ্জাব৷ ৪১.১ শতাংশ ঋণ গ্রহণেৰে দ্বিতীয় স্থানত আছে হিমাচল প্রদেশ আৰু ৩৬.৫ শতাংশ ঋণ গ্রহণেৰে তৃতীয় স্থানত আছে চুবুৰীয়া আছে অৰুণাচল প্রদেশ৷ আনকি চুবুৰীয়া পশ্চিমবংগই ৩৪.৫ শতাংশ আৰু কেৰালাই ৩৪.৩ শতাংশ ঋণ লৈছে৷ অসমে জিএছডিপিৰ তুলনাত ২৪.৩ শতাংশ ঋণ গ্রহণেৰে দেশৰ তালিকাত ১৯ নম্বৰত আছে৷ ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত বিগত এটা দশকত দ্রুত পৰিৱর্তন হৈছে৷ ১৫খন চিকিৎসা মহাবিদ্যালয় নির্মাণ চলি আছে৷ ৰাজ্যখনৰ প্রতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপৰ ৰূপৰেখাও আগন্তুক বাজেটত প্রতিফলন হোৱাৰ সম্ভাৱনা আছে৷ অতিকৈ প্রয়োজনীয় এয়ে যে খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ মাজত কর্মমুখী যাত্রা আৰু সংস্থাপনৰ বাট কিদৰে মুকলি হয়, সেয়া হ’ব আগন্তুক বাজেটখনৰ বাবে গুৰুত্বপূর্ণ বিষয়৷

The post সম্পাদকীয় : আগন্তুক বাজেটৰ ৰূপৰেখা first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : হেৰাই যোৱা সামূহিক স্মৃতি
যুদ্ধ, প্রাকৃতিক দুর্যোগ বা অর্থনৈতিক মোক্ষম আঘাতৰ ফলতেই এখন সমাজ ধ্বংস হৈ নাযায়৷ সমাজ এখনে নিজৰ সামূহিক স্মৃতি আৰু ইতিহাস হেৰুৱাই পেলালেই সমাজখনৰ আটাহতকৈ ভয়ংকৰ খহনীয়া হয়৷ এই খহনীয়া নিঃশব্দ৷ অতীতক পাহৰি যোৱা কোনো জাতিয়েই বর্তমানক বুজি পাব নোৱাৰে আৰু সেই জাতিটোৱে ভৱিষ্যতৰ সপোন দেখাটোও সম্ভৱ নহয়৷ সাংস্কৃতিক স্মৃতিবোৰ কেৱল পুৰণি বস্তুৰ সংগ্রহ নহয়, ই হ’ল এটা জাতিৰ পৰিচয়ৰ মূল অদৃশ্য সূতা, যিয়ে প্রজন্মৰ পিছত প্রজন্মক বান্ধি ৰাখে৷ উন্নয়ন, আধুনিকতা আৰু বিশ্বায়নৰ এক নতুন দিশেৰে বর্তমান সময়ত অসমখন আগবাঢ়িছে৷ অসমৰ সাহিত্য, সংগীত, বস্ত্র, বিহু, সত্রীয়া সংস্কৃতি আৰু চহকী লোকঐতিহ্যক লৈ গর্বৰ শেষ নাই৷ কিন্তু এই দৃশ্যমান বৈভৱৰ আঁৰত এক গভীৰ, নীৰৱ সংকট ক্রমাৎ ঘনীভূত হৈ আহিছে৷ অসমৰ সাংস্কৃতিক স্মৃতিবোৰ লাহে লাহে হেৰাই যাবলৈ ধৰিছে৷ এই কাম হঠাত হোৱা নাই, অতি ধীৰ গতিত আৰু প্রায় অদৃশ্যভাৱে এই প্রক্রিয়া চলি আছে৷ বর্তমান সময়ত চলি থকা উন্নয়নৰ ধুমুহাৰ মাজত অসমৰ পাৰিবাৰিক আৰু ঐতিহাসিক দলিলসমূহ গভীৰ বিস্মৃতিৰ গৰাহত পৰিছে৷ এসময়ৰ অতি আদৰৰ পাৰিবাৰিক এলবামবোৰ আজি বহু ঘৰত কেৱল অপ্রয়োজনীয় আৱর্জনালৈ ৰূপান্তৰ হৈছে৷ ফলত নতুন প্রজন্মই নিজৰ পূর্বপুৰুষসকলৰ মুখবোৰ চিনি নোপোৱা পৰিৱেশ এটাৰ সৃষ্টি হৈছে৷ কেৱল আলোকচিত্রই নহয়, বৰঞ্চ আমাৰ ইতিহাসৰ গুৰুত্বপূর্ণ সমল যেনে- হাতে লিখা চিঠি, ডায়েৰী, পুৰণি পাণ্ডুলিপি, গ্রামোফোন ৰেকর্ড, অডিঅ’–ভিডিঅ’ কেছেট বা নিগেটিভসমূহো সঠিক সংৰক্ষণ আৰু সজাগতাৰ অভাৱত ক্রমে নোহোৱা হৈ পৰিছে৷ বহুক্ষেত্রত এই অমূল্য সম্পদসমূহৰ প্রকৃত ঐতিহাসিক মূল্য উপলব্ধি কৰাৰ পূর্বেই সম্পদৰ বর্তমানৰ মালিকে সেইবোৰক চিৰদিনৰ বাবে ধ্বংস কৰি পেলাইছে৷ এইক্ষেত্রত আটাইতকৈ মর্মান্তিক ক্ষতিটো হৈছে আমাৰ মৌখিক ইতিহাসৰ জগতখনত৷ অসমৰ গাঁৱে–ভূঞে সিঁচৰতি হৈ থকা বহু বয়োজ্যেষ্ঠ লোকৰ স্মৃতিত আজিও সজীৱ হৈ আছে দেশ বিভাজনৰ যন্ত্রণা, ভাষা আন্দোলন, ব্রহ্মপুত্রৰ সংহাৰী ৰূপ, পুৰণি লোকবিশ্বাস, কৃষি সংস্কৃতি আৰু সামাজিক পৰিৱর্তনৰ বহু অখ্যাত অধ্যায়৷ দুর্ভাগ্যবশতঃ, এইবোৰ ঘটনাৰ অধিকাংশৰে সুলিখিত আৰু প্রামান্য বর্ণনা কিতাপত লিপিবদ্ধ হোৱা নাই৷ কোনো এজন জ্ঞান বৃদ্ধ লোকৰ মৃত্যু হোৱা মানে কেৱল এটা জীৱনৰ অৱসান নহয়, বৰঞ্চ এটা অমূল্য জীৱন্ত পুথিভঁৰাল চিৰদিনৰ বাবে জ্বলি ছাই হৈ যোৱা৷

অসমৰ লোকসংস্কৃতিৰ বিভিন্ন উপাদান, যেনে– জনগোষ্ঠীয় লোকগীত, লোকনৃত্য, বাদ্যযন্ত্র, হস্তশিল্প আৰু আঞ্চলিক পৰম্পৰাসমূহ এতিয়া অতি সীমিতসংখ্যক মানুহৰ মাজতহে জীয়াই আছে৷ আধুনিক জীৱনৰ ব্যস্ততাত নতুন প্রজন্মৰ বাবে এই সাংস্কৃতিক সম্পদবোৰ শিকাৰ সময় আৰু আগ্রহ দুয়োৰে অভাৱ ঘটিছে৷ একেদৰে চলচ্চিত্রসমূহো সমাজৰ একো একোখন জীৱন্ত দলিল৷ এখন ছবিয়ে কেৱল কাহিনী নকয়, বৰঞ্চ এটা যুগৰ ভাষা, সাজ–পোছাক, সংগীত আৰু মানুহৰ জীৱনধাৰাক ধৰি ৰাখে৷ কিন্তু আজি তথ্যচিত্র বা চলচ্চিত্রৰ নিগেটিভৰ লগতে চিত্রনাট্য, পোষ্টাৰ আদি ঐতিহাসিক সমলসমূহো সংৰক্ষণৰ অভাৱত ক্রমে অন্তর্ধান হৈ পৰিছে৷ এইবোৰ এবাৰ হেৰাই গ’লে তাক পুনৰ গঢ়ি তোলাটো প্রায় অসম্ভৱ৷ আচৰিত কথাটো হ’ল, তথ্য–প্রযুক্তিৰ এই সোণালী যুগত সংৰক্ষণৰ কামটো পূর্বতকৈ হাজাৰ গুণ সহজ হৈ পৰিছে৷ আজি হাতৰ ম’বাইলটোৰেই পুৰণি ফটো ডিজিটাইজ কৰিব পাৰি, জ্যেষ্ঠসকলৰ সাক্ষাৎকাৰ ৰেকর্ড কৰিব পাৰি আৰু ডিজিটেল আর্কাইভ গঢ়ি তুলিব পাৰি৷ গতিকে সমস্যাটো প্রযুক্তিৰ অভাৱ নহয়, সমস্যাটো হ’ল আমাৰ সামূহিক সচেতনতা আৰু সদিচ্ছাৰ৷ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কেৱল চৰকাৰৰ কাম বুলি হাত সাবটি বহি থাকিলে নচলিব৷ ইয়াৰ বাবে লাগে এক সামূহিক সজাগতা৷ ইতিহাসে শিক্ষা দিয়ে যে কোনো বস্তু এটা হেৰুৱালেহে সমাজে বুজি পায়, সি আমাৰ হাতৰ পৰা চিৰদিনলৈ হেৰাই যায়৷ আজিৰ গাফিলতি কাইলৈৰ বাবে অপূৰণীয় ক্ষতি হৈ পৰিব পাৰে৷ অর্থনৈতিক আৰু আন্তঃগাঁথনিমূলক উন্নয়ন নিশ্চিতভাৱে আদৰণীয়৷ কিন্তু উন্নয়নৰ অর্থ যদি কেৱল কংক্রিটৰ অট্টালিকা, উৰণ সেতু আৰু দোকান–পোহাৰ–বজাৰ আদি হয়, তেন্তে সেই ডন্নয়ন মৰুভূমিৰ দৰেই ধূসৰ৷ বস্তুগত উন্নয়নে জীৱনক সহজ কৰিব পাৰে, কিন্তু সাংস্কৃতিক স্মৃতিয়েহে জীৱনক অর্থ আৰু মর্যাদা প্রদান কৰে৷ সেয়েহে অসমৰ সাংস্কৃতিক স্মৃতি সংৰক্ষণ কোনো আৱেগিক বিলাসিতা নহয়, ই অসমীয়া সমাজখনৰ অস্তিত্ব আৰু ভৱিষ্যতৰ প্রতি এক ঐতিহাসিক তথা অপৰিহার্য দায়িত্ব৷

The post সম্পাদকীয় : হেৰাই যোৱা সামূহিক স্মৃতি first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : গুলীবিদ্ধ শৈশৱ
কণ কণ শিশুবোৰ যে– একো একোটি নিষ্কলুষ ফুল৷ শিশুৰ কলকলনি, নিষ্পাপ হাঁহিত নিমিষতে উৰি যায় পৃথিৱীৰ সমস্ত দুখ–ভাগৰ৷ এটি মাথোঁ স্পর্শতেই মৰহি যাব খোজে ফুলবোৰ৷ নির্মম পৃথিৱীৰ বাস্তৱতাৰ পৰা শত মাইল দূৰত শিশুৰ শৈশৱ৷

মানৱ জীৱনৰ সকলোতকৈ প্রাণৱন্ত আৰু মধুৰ সময়ছোৱাই হ’ল শৈশৱৰ কালছোৱা৷ বিশ্বৰ প্রায় প্রতিজন নাগৰিকে জীৱনৰ একো একোটা সময়ত তেওঁ এৰি অহা শৈশৱৰ সেই দিনবোৰলৈ এবাৰলৈ হ’লেও উভতি যাব খোজে৷ অসমৰ জকাইচুকীয়া গাঁও এখনৰ পৰা আমেৰিকাৰ নিউয়র্ক চহৰলৈ সকলো প্রান্তৰে শিশুৰ মনোজগত অভিন্ন অর্থাৎ পৃথিৱীৰ সকলো প্রান্তৰ শিশুৰ একেখনেই জগত৷

কিন্তু এতিয়া পৃথিৱী ক্রমাৎ বর্বৰ হৈ উঠিছে৷ এই বর্বৰ পৃথিৱীত সকলোতকৈ বেছি পীড়িত হৈছে শিশুসকল৷ ৰাষ্ট্রসংঘই শেহতীয়াকৈ প্রকাশ কৰা এখন প্রতিবেদনে শিশুসকল কি পর্যায়ত নিপীড়িত হৈছে সেই ভয়ংকৰ তথ্য দাঙি ধৰিছে৷

ৰাষ্ট্রসংঘৰ এই প্রতিবেদনে ইতিমধ্যে বিশ্বজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্রসংঘৰ স্বতন্ত্র আন্তঃৰাষ্ট্রীয় কমিছনে প্রস্তুত কৰা এই প্রতিবেদনত কোৱা হৈছে যে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ২০২৫ৰ অক্টোবৰলৈকে ইজৰাইলে গাজাত ২০,১৭৯টি শিশুক হত্যা কৰিছে৷ গাজা ষ্ট্রীপত ইজৰাইলৰ ভয়াৱহ বোমা বিস্ফোৰণত এই নিষ্পাপ শিশুসকল নিহত হৈছে৷

আনহাতে উল্লিখিত এই সময়ছোৱাত ৪৪,১৪৩টি শিশু চিৰদিনৰ বাবে ঘুণীয়া হৈছে৷ ইয়াৰ উপৰি লক্ষাধিক শিশুৰ মানসিক ভাৰসাম্য বিঘ্ণিত হৈছে৷ প্রতিবেদনখনৰ মতে ৱেষ্ট বেংক আৰু ইষ্ট জেৰুজালেমত সর্বাধিক শিশু ইজৰাইলী নৃশংস আক্রমণৰ বলি হৈছে৷

বিশ্বৰ যিকোনো যুদ্ধৰ ইতিহাসত মাথোঁ দুটা বছৰ এয়াই সর্বাধিক শিশুৱে প্রাণ হেৰুওৱাৰ তথ্য৷ ইজৰাইলী সেনাবাহিনীৰ আক্রমণত শিশুসকলে যে প্রাণ হেৰুৱাইছে সেয়াই নহয়, অগণন শিশু যৌন আতিশয্যৰো চিকাৰ হৈছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই যিকোনো যুদ্ধতেই শিশুসকলেই যে সকলোতকৈ ক্ষতিগ্রস্ত হৈছে, সেয়া নিদাৰুণভাৱে বাৰে বাৰে প্রমাণিত হৈ আহিছে৷

ফুল–তৰা–জোনৰ সৈতে মিতিৰালি পতা শিশুৱে যুদ্ধৰ ৰাজনীতি ঘুণাক্ষৰেও বুজি নাপায় আৰু সকলোতকৈ হূদয়বিদাৰক কথাটো হ’ল সেই শিশুসকলেই যুদ্ধৰ বিভীষিকাত সকলোতকৈ বেছি মূল্য ভৰিবলগীয়া হৈছে৷ ইউএনৰ ‘এনুৱেল ৰিপ’ট অন চিলণ্ড্রেন এণ্ড আর্মড কনফ্লিক্ট’ শীর্ষক কিছুদিন পূর্বৰ আন এখন প্রতিবেদনত কোৱা হৈছে যে যোৱা কুৰি বছৰত যুদ্ধত শিশুৰ মৃত্যুৰ হাৰ অত্যন্ত উদ্বেগজনকভাৱে ৩৪ শতাংশ বৃদ্ধি পাইছে৷

যুদ্ধত শিশুৰ মৃত্যুৰ হাৰ মধ্যপ্রাচ্য ছুডান, ম্যানমাৰ, কংগো, নাইজেৰিয়া আৰু ছোমালিয়াতে সর্বাধিক৷ তাৎপর্যপূর্ণ কথাটো হ’ল যুদ্ধত ১৬ বছৰৰ তলৰ ল’ৰা–ছোৱালীৰ তথ্য প্রতিবেদনসমূহত উল্লেখ কৰা হৈছে যদিও ১ৰ পৰা ৮ বছৰ বয়সৰ শিশুসকলেই যুদ্ধত সকলোতকৈ বেছি নিহত হৈছে অর্থাৎ একেবাৰেই অবুজন শিশুসকলেই যুদ্ধত সর্বাধিক প্রাণ দিবলগীয়া হৈছে৷

আশংকাজনক কথাটো হ’ল, বিভিন্ন সচেতন সংগঠনসমূহে বিশ্বব্যাপী শিশু সুৰক্ষাৰ বাবে বিভিন্ন মঞ্চত সজোৰে দাবী উত্থাপন কৰি আহিছে যদিও ক্রমাৎ শিশুৰ ওপৰত নির্যাতন বৃদ্ধি পাই আহিছে৷

যুদ্ধত শিশুৰ মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ শিশুৰ ওপৰত যোৱা বছৰকেইটাত যৌন নির্যাতনৰ ঘটনাও সমানে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ শিশু নির্যাতনৰ ঘটনাই আমাৰ ভাৰতবর্ষকো তীব্রভাৱে জোকাৰি গৈছে৷ মহিলা আৰু শিশু কল্যাণ মন্ত্রালয়ৰ এখন প্রতিবেদন মতে দেশত ৫৩ শতাংশ শিশু বিভিন্ন ধৰণৰ আতিশয্যৰ সন্মুখীন হৈছে৷

২০১৬ চনত তেতিয়াৰ গৃহমন্ত্রী ৰাজনাথ সিঙে প্রকাশ কৰা এক বিবৃতিত কোৱা হৈছিল যে দেশৰ ৰাজধানী খোদ দিল্লীতেই সেই বছৰ ১,০৬,৯৫৮টা শিশু আতিশয্যৰ ঘটনা সংঘটিত হৈছিল৷

যদি দেশৰ ৰাজধানীতেই এই বৃহৎ হাৰত এটা বছৰতে শিশু আতিশয্য হোৱাৰ তথ্য পোৱা যায়, তেন্তে সমগ্র দেশত কিমান বৃহৎসংখ্যক শিশু আতিশয্যৰ সন্মুখীন হয় সেয়া প্রায় অকল্পনীয়৷ আনহাতে এটা দশক পূর্বেই প্রকাশিত এই তথ্যই প্রমাণ কৰে যে যোৱা এটা দশকত শিশু আতিশয্যৰ ঘটনা দেশত কি পৰিমাণে বৃদ্ধি পাইছে৷

শিশুৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে যদিও সমান্তৰালভাৱে বৃদ্ধি পাই আহিছে শিশুৰ যৌন আতিশয্য আৰু আন আতিশয্যৰ ঘটনাও৷ যি শিশু আমাৰ ভৱিষ্যতৰ নাগৰিক সেই শিশুৱে যেতিয়া শৈশৱত বিভিন্ন আতিশয্যৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকৰ মনোজগতত সেই আতিশয্যই যে এক ভয়াৱহ বিৰূপ প্রভাৱ পেলায় সেয়া নিশ্চিত৷

যি প্রভাৱ তেওঁলোকৰ জীৱনকালত মচিব নোৱাৰা দাগ হৈ ৰৈ যায়৷ ভৱিষ্যতৰ এখন সুন্দৰ, সুস্থ পৃথিৱীৰ বাবে আমি শিশুসকলক সকলোধৰণৰ আতিশয্যৰ পৰা ৰক্ষা কৰিবলৈ এক সুৰক্ষিত কৱচ গঢ়ি তুলিব পাৰিব লাগিব৷ অন্যথা এক ভংগুৰ পৃথিৱীৰ বীজ ৰোপণ হ’ব শৈশৱতেই৷

The post সম্পাদকীয় : গুলীবিদ্ধ শৈশৱ first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : আমেৰিকাৰ মানৱ অধিকাৰ
বর্ণবৈষম্যবাদী চৰকাৰক ওফৰাই শাসনাধিষ্ঠিত দক্ষিণ আফ্রিকাৰ মহান সংগ্রামী নেতা নেলছন মেণ্ডেলাই এবাৰ পশ্চিমীয়া সাংবাদিক এগৰাকীক চুঙা চাই সোপা দিছিল৷ কিউবা, লিবিয়া অথবা পেলেষ্টাইনৰ তদানীন্তন ৰাষ্ট্রপতি ক্রমে কাষ্ট্রো, গাড্ডাফি আৰু আৰাফটৰ শাসনকালত মানৱ অধিকাৰ উলংঘা হোৱা সত্ত্বেও কিয় মেণ্ডেলাই সেই দেশকেইখনৰ পৰা সাহায্য গ্রহণ কৰিছে বুলি সোধা প্রশ্ণৰ উত্তৰ আহিল এটা বাক্যত– ‘একাংশ ৰাজনৈতিক বিশ্লেষকে কৰা এটা ভুল হ’ল তেওঁলোকে ভাবে যে তেওঁলোকৰ শত্রুও আমাৰ শত্রু হোৱা উচিত৷’ মেণ্ডেলাই কৈছিল, ‘আমেৰিকা হ’ল বিশ্বৰ আৰক্ষী বাহিনী৷ তেওঁলোকে মানৱ অধিকাৰক অতি তুচ্ছ কথা বুলি ভাবে, সেয়েহে জাপানৰ ওপৰত পাৰমাণৱিক বোমাৰে আক্রমণ চলাই ৰাষ্ট্রখনৰ কঁকাল ভাঙি দিছিল৷ দৰাচলতে আমেৰিকাই চিৰবৈৰী তদানীন্তন ছোভিয়েট ইউনিয়নক ইয়াৰ জৰিয়তে এই বার্তা দিছিল যে তেওঁলোকহে বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্র আৰু ইমান ক্ষমতাৰ অধিকাৰী৷’ ইতিহাসৰ পাত লুটিয়ালেও আমেৰিকা যুক্তৰাষ্ট্রৰ নৃশংসতাৰ পৰিচয় পোৱা যায়৷ সম্প্রতি ইৰান–আমেৰিকাৰ যুদ্ধখনেও একেটা কথাকেই সোঁৱৰায়৷ স্বাধীন আৰু সার্বভৌম ৰাষ্ট্রৰ ওপৰত মাতব্বৰী কৰি অহা আমেৰিকাৰ স্বেচ্ছাচাৰী স্বৰূপ বাৰম্বাৰ ওলাই পৰিছে৷ ইৰাকক ধূলিৰ লগত মিহলাই ছাদ্দাম হুছেইনক ফাঁচিকাঠত ওলমোৱাৰ পাছত শেহতীয়াকৈ ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক পত্নীসহ সামৰিক অভিযান চলাই (অপাৰেচন এবছলিউট ৰিজ’ল্ভ) অপহৰণ কৰি লৈ যোৱাৰ দৰে ঘটনাত লিপ্ত যুক্তৰাষ্ট্রই নিজৰ চৰিত্র সমগ্র বিশ্বৰ আগত পুনৰ উলংগ কৰি দিলে৷

ইৰানৰ ৰাষ্ট্রপতি মাছুদ পেজেস্কিয়ানৰ মতে তেওঁলোকৰ যদি নিজৰ অস্ত্রভাণ্ডাৰ নাথাকিলহেঁতেন, তেন্তে দেশখনৰ অৱস্থাও গাজাৰ দৰেই হ’লহেঁতেন৷ ক্ষেপণাস্ত্রৰে থকা–সৰকা কৰি ইজৰাইল আৰু আমেৰিকাৰ সমস্ত আক্রমণ ওফৰাই সদম্ভে থিয় হৈ থকা ইৰানৰ ৰাষ্ট্রপতি পেজেস্কিয়ানে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে যে প্রতিৰক্ষাৰ বাবে পর্যাপ্ত অস্ত্র–শস্ত্র মজুত নাথাকিলে আমেৰিকাই গাজাৰ দৰেই নির্বিচাৰে আক্রমণ চলাই ইৰানক মষিমূৰ কৰি দিলেহেঁতেন৷ এই ভয়াৱহ আৰু নৃশংস আক্রমণৰ বলি হ’লহেঁতেন দেশখনৰ আবাল–বৃদ্ধ–বনিতা৷ পেজেস্কিয়ানৰ মতে মানৱ অধিকাৰ বুলি আমেৰিকাই চলোৱা প্রচাৰ ভণ্ডামিৰ বাহিৰে আন একো নহয়৷ ৰাষ্ট্রপতিগৰাকীয়ে কয়, ‘সন্মান দিলেহে সন্মান পায়৷’ ইয়াৰ অর্থ হ’ল আমেৰিকাই কঠোৰ পদক্ষেপ গ্রহণ কৰিলে ইৰানেও সমুচিত প্রত্যুত্তৰ দিব৷ ইৰানৰ হাতত থকা অস্ত্রভাণ্ডাৰৰ ভিতৰত অন্যতম দীর্ঘ দূৰত্বৰ মিছাইল, ড্রোন আৰু পাৰমাণৱিক কার্যসূচী৷ আমেৰিকা–ইজৰাইলৰ বাবে এয়া ভয়ৰ কাৰণ৷ ‘এই অস্ত্র আমাৰ সুৰক্ষাকৱচ৷ চৌদিশে শত্রুৱে ঘেৰি থকা এখন দেশ কেতিয়াও হাত সাবটি বহি থাকিব নোৱাৰে৷’ –২০২৫ চনত ইৰানৰ নতুন ৰাষ্ট্রপতি মাছুদ পেজেস্কিয়ানে ক্ষমতাৰ ভাৰ গ্রহণ কৰাৰ পাছতো এনেদৰে নিজৰ স্থিতি বজাই ৰাখিছে৷ তেওঁ দ্ব্যর্থহীন ভাষাৰে কৈছে, ‘আমি পাৰমাণৱিক অস্ত্র নির্মাণ নকৰোঁ কিন্তু ইউৰেনিয়াম সমৃদ্ধ হোৱাৰ অধিকাৰ আমাৰ আছে৷ আমাৰ সার্বভৌমত্বৰ বাবে মিছাইল নির্মাণ কৰিছোঁ৷ ইয়াত আনৰ হস্তক্ষেপ কাম্য নহয়৷’ ১৯৮০ চনত ইৰাকৰ সৈতে ৮ বছৰ যুঁজ–বাগৰ চলাই ইৰানে উপলব্ধি কৰিলে যে দুর্বলৰ ওপৰত সবলৰ অত্যাচাৰ চিৰন্তন৷ পেজেস্কিয়ানৰ যুক্তি– ‘আমি আক্রমণ কৰিবলৈ অস্ত্রভাণ্ডাৰ গঢ়ি তোলা নাই৷ আক্রমণ প্রতিৰোধৰ বাবেহে এই পদক্ষেপ৷’ বছৰ বছৰ ধৰি আমেৰিকাই জাপি দিয়া অর্থনৈতিক নিষেধাজ্ঞাৰ ফল বিপৰীত হ’ল৷ এই নিষেধাজ্ঞাৰ বাবেই ইৰানে নিজৰ প্রচেষ্টাৰে অত্যাধুনিক ড্রোন, ক্ষেপণাস্ত্র নির্মাণ কৰাৰ লগতে পাৰমাণৱিক প্রযুক্তি আয়ত্ত কৰিলে৷ ইৰানৰ ওপৰত ইজৰাইল–যুক্তৰাষ্ট্রৰ সন্মিলিত আক্রমণে মানৱ অধিকাৰ নিঃসন্দেহে উলংঘা কৰিছে যদিও ৰাষ্ট্রসংঘই হস্তক্ষেপ কৰি ইয়াক বাধা দিব পৰা নাই৷ সামগ্রিক বিশ্ব প্রেক্ষাপটত এই কথা যুগে যুগে প্রতিপন্ন হৈ আহিছে যে আমেৰিকাৰ দৰে সাম্রাজ্যবাদী আৰু যুদ্ধৰ বাবে সদা উন্মুখ ৰাষ্ট্রৰ বাবে মানৱ অধিকাৰৰ উলংঘা সাধাৰণ বিষয়৷ আন্তঃৰাষ্ট্রীয় সম্প্রদায়ে সন্মিলিতভাৱে ইয়াৰ নিৰাময়ৰ বাট মুকলি কৰাটো সময়ৰ জৰুৰী আহ্বান৷

The post সম্পাদকীয় : আমেৰিকাৰ মানৱ অধিকাৰ first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : স্কুল বেগৰ ওজন
এজোপা গছপুলি ৰোপণ কৰিলেই নহ’ব, তাক সঠিকভাৱে লালন–পালনো কৰিব লাগিব৷ ঠিক তেনেদৰে সন্তানক পঢ়ুৱালেই নহ’ব, সন্তানৰ সুবিধা–সুবিধাৰ প্রতি আমি গুৰুত্বও দিব লাগিব৷ বহু সময়ত অভিভাৱকে সন্তানক প্রয়োজনীয় সকলো বহী–গ্রন্থ ক্রয় কৰি দি এখন ভাল বিদ্যালয়লৈ পঢ়িবলৈ পঠিয়ায় যদিও অধিকাংশ অভিভাৱকেই স্কুল বেগৰ ওজনক লৈ সজাগ–সচেতন নহয়৷

স্কুল বেগৰ ওজনক লৈ অভিভাৱকে ঘৰত আপত্তি কৰে যদিও কর্তৃপক্ষক কথাবোৰ নজনায়৷ কাৰণ এতিয়াও বহু অভিভাৱকে এই সমস্যাটোক গুৰুতৰ সমস্যা হিচাপে লোৱা নাই৷ বহু অভিভাৱকে সন্তানৰ কিতাপ–বহী বেছি হ’লে গৌৰৱ অনুভৱ কৰে৷

তেওঁলোকে ভাবে কিতাপ বেছি থকা মানেই শিক্ষা ভাল৷ যাৰ বাবে শিক্ষার্থীৰ কান্ধত স্কুল বেগৰ বোজা বাঢ়ি গৈ আছে৷ শিক্ষার্থীক টেক্সবুক দিয়াৰ উপৰি বহু অভিভাৱকে গাইডবুক ক্রয় কৰিও বিদ্যালয়লৈ দি পঠিয়ায়, ফলত স্কুল বেগৰ ওজন বৃদ্ধি পায়৷

বহু অভিভাৱকে টাইম–টেবুল নাচায়, ফলত শিক্ষার্থীয়ে সকলো বহী–কিতাপ বেগত ভৰাই লয়৷ আনহাতে অভিভাৱকে স্কুল বেগ ক্রয় কৰোঁতে সাৱধান নহয়৷ এটা ভাল বেগতকৈ ডিজাইন থকা বেগকহে বেছি গুৰুত্ব দিয়ে৷

স্বাস্থ্যৰ দিশত গুৰুত্ব দি বেগ ক্রয় নকৰে৷ ফলত ভৱিষ্যতত শিক্ষার্থীৰ শাৰীৰিক সমস্যাই দেখা দিয়ে৷ বহু বিদ্যালয়ত কিতাপৰ সংখ্যাও বেছি৷ এই সমস্যাবোৰ সমাধান কৰিবলৈ চৰকাৰে বহুখিনি নীতি–নির্দেশনা জাৰি কৰিছে৷

কাৰণ বেগৰ ওজনে শিক্ষার্থীৰ মেৰুদণ্ড, কান্ধ, ডিঙিৰ বিষৰ লগতে মনযোগ হ্রাস কৰে৷ সেয়ে এই সকলোবোৰ দিশক গুৰুত্ব দি চৰকাৰে নীতি–নির্দেশনা দিছে–প্রথম–দ্বিতীয় শ্রেণীৰ শিক্ষার্থীৰ বাবে বেগৰ ওজন ১.৬–২.২ কেজি৷

তৃতীয়–পঞ্চম শ্রেণীৰ শিক্ষার্থীৰ ২–৪.৫ কেজি৷ ষষ্ঠ–সপ্তম শ্রেণীৰ শিক্ষার্থীৰ ৩–৪.৫ কেজি, অষ্টম–দশম শ্রেণীৰ শিক্ষার্থীৰ বাবে ৩.৫–৫ কেজি, একাদশ–দ্বাদশ শ্রেণীৰ শিক্ষার্থীৰ বাবে ওজন ৩.৫–৫.৫ কেজি৷

ইয়াৰ উপৰি সপ্তাহৰ এটা দিন ছাত্র–ছাত্রীয়ে বেগ নিনিয়াকৈ স্কুললৈ যাব লাগে৷ সেইদিনা শিক্ষার্থীয়ে কেৱল খেল, শিল্প, বাগিচা, যোগ, কলা–সংস্কৃতিৰ বিষয়ে জ্ঞান অর্জন কৰিব৷ এই নির্দেশনা নতুন নহয়৷

২০০৬ চনতেহ ব’ম্বে হাইক’ৰ্টৰ এজন অধিবক্তাই Public interest Litigation দাখিল কৰিছিল৷ তাৰ পিছত মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে ২০১৫ আৰু ২০২০ত Guidelines for Reducing weight of school bags জাৰি কৰিলে৷

এই নীতি–নির্দেশনা তেতিয়াই জাৰি কৰিছিল যদিও কার্যকৰী হোৱা নাছিল৷ কিন্তু এতিয়া এই বিষয়ত সকলোৱে গুৰুত্ব দিয়া উচিত৷ বিষয়টো কেৱল চৰকাৰে গুৰুত্বসহকাৰে ল’লেও নহ’ব, অভিভাৱকৰ লগতে বিদ্যালয় শিক্ষকেও গুৰুত্ব বুজিব লাগিব৷

অলপতে শিৱসাগৰ, কামৰূপ মহানগৰ জিলাত স্কুল বেগৰ ওজন নির্ধাৰণৰ প্রয়োজনীয় নির্দেশনা জাৰি কৰিছে৷ কিন্তু এই নির্দেশনাবোৰ বাস্তৱ ক্ষেত্রত ফলপ্রসূ কৰাৰ বাবে চৰকাৰে পদক্ষেপ ল’ব লাগিব৷

অসমৰ দুখন জিলাতেহ নহয়, ৰাজ্যখনতেহ এই নির্দেশনা জাৰি কৰি প্রশাসন অধিক কঠোৰ হ’ব লাগিব৷ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ গৈ মাজে–সময়ে বেগৰ ওজন পৰীক্ষা কৰিব লাগে৷ নিয়ম নমনা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব লাগিব৷

বিদ্যালয়ত ল’কাৰৰ ব্যৱস্থা কৰিব লাগে, ল’কাৰ নাথাকিলে শিক্ষার্থীৰ বাবে শ্বেলফৰ ব্যৱস্থা কৰিব লাগে৷ হ’মৱর্ক যিমান পাৰে সিমান কমাব লাগে, দৈনিক দুটা বিষয়তকৈ অধিক হ’মৱর্ক দিব নালাগে৷ হ’মৱর্ক বেছিকৈ দিলে বেগ গধুৰ হয়, লগতে স্কুলবোৰত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগে৷

যি পানী শিক্ষার্থীয়ে কোনো সংকোচ নকৰাকৈ খাব পাৰে৷ বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থা থাকিলে শিক্ষার্থীয়ে পানীৰ বটল নকঢ়িয়ালে বহুখিনি ওজন হ্রাস হয়৷ বিদ্যালয়সমূহত সপ্তাহত অভিভাৱকসকলক লৈ স্কুল বেগৰ ওজনৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰিব লাগে৷

যাতে অভিভাৱকসকলো এহ দিশত অধিক সজাগ–সচেতন হয়৷ অভিভাৱকে ৰাতি শুবলৈ যোৱাৰ পূর্বে সদায় বেগ পৰীক্ষা কৰিব লাগে, যাতে অপ্রয়োজনীয় কিতাপ–বহী বেগৰ ভিতৰত নাথাকে৷

স্কুলৰ অধ্যক্ষও টাইম–টেবুলৰ ক্ষেত্রত কঠোৰ হ’ব লাগে যাতে এই টাইম–টেবুল অনুসৰিহে শিক্ষার্থীয়ে কিতাপ–বহী কঢ়িয়াই নিয়ে৷ শিক্ষকেও এই দিশবোৰত নজৰ দিয়া প্রয়োজন৷ বহু অভিভাৱকে স্কুললৈ নিয়া বেগতেই টিউচনৰ বহী দি পঠিয়ায়, এইবোৰতো শিক্ষকে নজৰ দিয়াৰ লগতে অভিভাৱক সচেতন হ’ব লাগিব৷

স্বামী বিবেকানন্দই কৈছিল–শিক্ষা হ’ল মানুহৰ মাজত থকা পূর্ণতাক প্রকাশ কৰা৷ কিন্তু আমি সচেতন লোকসকল সাৱধান হোৱা উচিত যে বেগৰ বোজাই যাতে সেই পূর্ণতাক চেপি নাৰাখে৷ শিক্ষা মানে কেৱল জ্ঞানৰ বোজা, কিতাপৰ নহয়৷ কিতাপৰ বোজাই শিক্ষার্থীৰ শাৰীৰিক দিশত নেতিবাচক প্রভাৱ পেলায়৷

The post সম্পাদকীয় : স্কুল বেগৰ ওজন first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : আত্মনির্ভৰ প্রতিৰক্ষা
এখন দেশৰ সার্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হ’ল প্রতিৰক্ষা৷ সেইবাবেই বিশ্বৰ প্রতিখন দেশেই নিজৰ প্রতিৰক্ষাৰ দিশটো মজবুত কৰি ৰখাৰ ওপৰত যথাসাধ্য গুৰুত্ব দিয়ে৷ বিশ্বৰ শক্তিশালী দেশসমূহৰো শক্তিৰ আধাৰ বহু পৰিমাণে নির্ভৰ কৰে তেওঁলোকৰ প্রতিৰক্ষা ব্যৱস্থাৰ ওপৰত৷

সেইবাবে প্রতিখন দেশেই নিজৰ অস্ত্র ভাণ্ডাৰ মেটমৰা কৰি ৰাখিবলৈ বিচাৰে, যাতে বিপদৰ সময়ত সেইবোৰৰ ব্যৱহাৰেৰে উদ্ধাৰ হ’ব পৰা যায়৷ তাৰ বাবে দেশসমূহে আন আন বিভিন্ন দেশৰ পৰা অত্যাধুনিক অস্ত্র–শস্ত্র ক্রয় কৰিবলৈ বিচাৰে৷

তেনেক্ষেত্রত বিশ্বত এখন মাৰণাস্ত্রৰ ৰমৰমীয়া বেহাও গঢি উঠিছে৷ ব্যৱসায়িক স্বার্থত বিভিন্ন দেশে আন কোনো দেশৰ সৈতে সংঘাতৰ সৃষ্টি কৰি নিজৰ অস্ত্র–শস্ত্রৰ ব্যৱসায় টনকিয়াল কৰিবলৈ উঠি–পৰিলগা দেখিবলৈ পোৱা যায়৷

ফলত সম্প্রতি বিশ্বৰ বিভিন্ন প্রান্তত এখন নহয় এখন যুদ্ধ যেন সদায়ে চলি থাকিবলৈ লৈছে৷ সম্প্রতি বিশ্ব পৰিস্থিতিয়ে উদঙাই দিছে যে শক্তিশালী দেশসমূহে দুর্বল বুলি গণ্য কৰা দেশসমূহৰ ওপৰত প্রভুত্ব বিস্তাৰ কৰিবলৈ লৈছে এই প্রতিৰক্ষা ব্যৱস্থাৰ দুর্বলতাৰ সুযোগ লৈ৷

শেহতীয়াকৈ বিশ্বৰ অন্যতম শক্তিধৰ দেশ আমেৰিকাই অতি সহজতে ভেনিজুৱেলাৰ ওপৰত বৰমতা দেখুৱাব পাৰিছে একমাত্র এইটো কাৰণতে৷ আনহাতে ইৰানৰ প্রতিৰক্ষা শক্তি সন্দর্ভত ভুল প্রাক্কলন কৰাৰ ফলত বাৰে বাৰে মুখ থেকেচা খাবলগীয়া অৱস্থা হৈছে আমেৰিকাৰ৷

এনে পৰিস্থিতিত প্রতিখন দেশেই নিজৰ নিজৰ বছৰেকীয়া বাজেটৰ এক বুজন পৰিমাণৰ ধন প্রতিৰক্ষা শিতানত ব্যয় কৰিবলৈ বাধ্য হৈছে৷ ৰাজকোষৰ বহু ধন অস্ত্র–শস্ত্র ক্রয় কৰাৰ নামত ওলাই গৈছে আৰু উন্নয়নমূলক বা কল্যাণকামী কাম–কাজৰ ক্ষেত্রত ধন ব্যয় হ্রাস কৰিবলৈ বাধ্য হৈছে দেশসমূহ৷ এইক্ষেত্রত ব্যতিক্রম নাছিল ভৰতো৷

সৌ–সিদিনালৈকে অস্ত্র–শস্ত্রৰ ক্ষেত্রত ভাৰত আছিল এখন ক্রেতা দেশ৷ নিজৰ প্রতিৰক্ষাৰ স্বার্থ পূৰণৰ বাবে আনৰ পৰা অস্ত্র–শস্ত্র ক্রয় কৰিহে চলিবলগীয়া হৈছিল৷ এনে পৰিস্থিতিত আন দেশসমূহে সহজে অনুমান কৰিব পাৰিছিল ভাৰতৰ প্রতিৰক্ষা শক্তিৰ কথা৷

কিন্তু শেহতীয়াকৈ চৰকাৰৰ ‘আত্মনির্ভৰ ভাৰত’ গঢাৰ প্রয়াসে ছবিখন ওলোটা কৰি তুলিছে৷ ভাৰত এতিয়া আন আন ক্ষেত্রৰ দৰে প্রতিৰক্ষা ক্ষেত্রতো বহুপৰিমাণে আত্মনির্ভৰ হৈ উঠিছে৷ কেৱল আত্মনির্ভৰ হৈ উঠাই নহয়, এতিয়া ভাৰতে পৃথিৱীৰ বিভিন্ন দেশলৈ অত্যাধুনিক অস্ত্র–শস্ত্র ৰপ্তানি কৰিব পৰাও হৈছে৷

দেশৰ বার্ষিক প্রতিৰক্ষা খণ্ডৰ উৎপাদনে সর্বকালৰ অভিলেখ ভংগ কৰিছে৷ অলপতে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে প্রকাশ কৰা মতে ২০২৫–২৬ বিত্তীয় বর্ষত ভাৰতে ১.৭৮ লাখ কোটি টকাৰ প্রতিৰক্ষা সামগ্রী দেশীয়ভাৱে উৎপাদন কৰিছে৷

আনহাতে চলিত বিত্তীয় বর্ষত (২০২৬–২৭) দেশৰ বাজেটৰ প্রতিৰক্ষা শিতানত অভিলেখ পৰিমাণৰ ৭.৮৫ লাখ কোটি টকালৈ ধনৰ আবণ্টন বৃদ্ধি কৰিছে৷ পূর্বৱত্ বিত্তীয় বর্ষৰ আবণ্টন ৬.৮১ লাখ কোটি টকাতকৈ ই ১৫.৩ শতাংশ অধিক৷ প্রতিৰক্ষা খণ্ডৰ উৎপাদনৰ ক্ষেত্রত মূলতঃ প্রতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ (ডিপিএছইউ) আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগ (পিএছইউ)সমূহে প্রায় ৭৬ শতাংশ অৰিহণা যোগাইছে৷

এই পৰিসংখ্যাই পূর্বৰ বছৰৰ ১.৫৪ লাখ কোটি টকাৰ উৎপাদনতকৈ ১৫.৬ শতাংশ বৃদ্ধিক প্রতিফলন কৰে৷ ২০২০–২১ বিত্তীয় বর্ষৰ পিছত দেশৰ প্রতিৰক্ষা উৎপাদন ১১০ শতাংশ বৃদ্ধি পাইছে৷ আনহাতে ২০২৫–২৬ বিত্তীয় বর্ষত ভাৰতৰ প্রতিৰক্ষা উৎপাদনত ব্যক্তিগত খণ্ডৰ উদ্যোগে ৪২ হাজৰ কোটি টকা লাভ কৰে৷

অর্থাৎ এই খণ্ডতো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংমিশ্রণৰ লগতে ক্ষুদ্র আৰু মজলীয়া উদ্যোগ তথা ষ্টার্ট–আপসমূহেও বিশেষ ভূমিকা লোৱা বুলি প্রকাশ কৰিছে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ ফলত আজিৰ ভাৰত প্রতিৰক্ষাৰ ক্ষেত্রতো আত্মনির্ভৰ হৈ উঠিছে।

পৰিসংখ্যা মতে যোৱা এটা দশকত দেশীয় প্রযুক্তিৰে নির্মিত অস্ত্র–শস্ত্রৰ উৎপাদন প্রায় চাৰি গুণ বৃদ্ধি পাইছে৷ যোৱা ২০১৩–১৪ বিত্তীয় বর্ষত ভাৰতৰ প্রতিৰক্ষা উৎপাদন আছিল মাত্র ৪৩,৭৪৬ কোটি টকা৷ তাৰ বিপৰীতে বর্তমান ১.৭৮ লাখ কোটি টকাৰ উৎপাদন হোৱাটো এক ঐতিহাসিক আৰু যুগান্তকাৰী সফলতা হিচাপে বিবেচিত হৈছে৷

চাৰিওফালে শত্রু ৰাষ্ট্রই শেনচকু দি থকা ভাৰতৰ বাবে এয়া নিতান্তই প্রয়োজনীয় আছিল৷ কেৱল সিমানেই নহয়, ভাৰতত নির্মিত অত্যাধুনিক সমৰাস্ত্র ক্রয় কৰিবলৈ এতিয়া পৃথিৱীৰ বিভিন্ন দেশে আগ্রহ প্রকাশ কৰিছে৷ ইতিমধ্যে এই সন্দর্ভত কেইবাখনো দেশৰ সৈতে প্রতিৰক্ষা চুক্তিও সম্পাদিত হৈছে৷

উদাহৰণস্বৰূপে ভাৰতৰ ব্রাহ্মোছ ক্ষেপণাস্ত্রৰ চাহিদা এতিয়া বিশ্বৰ বিভিন্ন দেশত বৃদ্ধি পাইছে৷ এতিয়া ভাৰত প্রতিৰক্ষা সামগ্রী বা অস্ত্র–শস্ত্র ৰপ্তানিৰ ক্ষেত্রতো এখন আগশাৰীৰ দেশ হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে৷ কেৱল কূটনৈতিক দিশতেই নহয়, প্রতিৰক্ষাৰ ক্ষেত্রতা ভাৰতৰ এই উত্থান নিশ্চয়কৈ আশাপ্রদ৷

অৱশ্যে ভাৰতে এই নীতিও ইতিপূর্বেই দাঙি ধৰিছে যে ভাৰতে কেতিয়াও নিজে প্রথমতে কাৰো লগত যুদ্ধ নকৰে, কিন্তু নিজৰ প্রতিৰক্ষাৰ ক্ষেত্রত কোনো কাৰণতেই আপোচো নকৰে৷ ভাৰতৰ এই আত্মবিশ্বাস আৰু দৃঢ়তাই এক নতুন দিগন্তৰ সূচনা কৰিছে৷

The post সম্পাদকীয় : আত্মনির্ভৰ প্রতিৰক্ষা first appeared on নিয়মীয়া বাৰ্তা.

সম্পাদকীয় : জাপানৰ প্রধানমন্ত্রীৰ ভ্রমণ
বিশ্বমানৰ অত্যাধুনিক প্রযুক্তিৰে বিকশিত অসমৰ বুনিয়াদ নির্মাণৰ বাবে নতুন ইতিহাস ৰচনাৰ দিশে অগ্রসৰ হৈছে অসম৷ অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈকে জাপানৰ প্রথমগৰাকী প্রধানমন্ত্রী ছানায়ে টাকাইচিৰ অসম আগমনক কেন্দ্র কৰি বিশ্বজুৰি ব্যাপক চর্চা আৰম্ভ হৈছে৷

ভাৰতত থকা জাপানী ৰাষ্ট্রদূত আৰু ৫০গৰাকীতকৈও অধিক গোলকীয় ‘ফর্চুন ৫০০’ কোম্পানীৰ মুখ্য কার্যবাহী বিষয়াৰ স’তে গুৱাহাটীৰ প্রস্তাৱিত অর্থনৈতিক আৰু প্রযুক্তিগত সন্মিলনক লৈ ব্যাপক প্রস্তুতি চলিছে৷

গুৱাহাটীৰ ব্রহ্মপুত্রৰ পাৰৰ প্রাকৃতিক পৰিৱেশত অনুষ্ঠিত হ’ব লগা সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থাকিব৷ বিশ্বৰ ঔদ্যোগিক আৰু প্রযুক্তিৰ ক্ষেত্রত বিৰল সাফল্য লাভ কৰা জাপানৰ প্রধানমন্ত্রীগৰাকীয়্ দেশৰ আগশাৰীৰ ৰাজ্যসমূহক বাছনি কৰাৰ বিপৰীতে কিয় অসমক অগ্রাধিকাৰ প্রদান কৰিলে তাক লৈও দেশজুৰি চর্চা আৰম্ভ হৈছে৷

জাপানৰ প্রধানমন্ত্রীগৰাকীয়্ সদলবলে গুৱাহাটীলৈ আগমনৰ মুখ্য লক্ষ্য হৈছে জাগীৰোডত নির্মীয়মাণ ছেমিকণ্ডাক্টৰ উদ্যোগ৷ টাটা গ্রুপে নির্মাণ কৰি ২৭ হাজাৰ কোটিটকীয়া ছেমিকণ্ডাক্টৰ প্রকল্প জাপানৰ প্রধানমন্ত্রীগৰাকীয়্ পৰিদর্শন কৰিব৷

প্রকৃততে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পই যে অসমৰ ঔদ্যোগিক বিকাশৰ এক নতুন যাত্রা আৰম্ভ কৰিব সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ প্রযুক্তিগত দিশত জাপানৰ অগ্রগামী যাত্রাই ইতিমধ্যে সমগ্র বিশ্বকে সামৰি লৈছে৷

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পৰ অধীনত জাপানৰ চিপ ডিজাইন জায়েণ্টৰ মুখ্য কার্যবাহী বিষয়াসকলেও এই ভ্রমণৰ অংশীদাৰ হ’ব৷ ছেমিকণ্ডাক্টৰ নির্মাণৰ বাবে প্রয়োজনীয় কেমিকেল, পৰীক্ষণ সঁজুলি, চিলিকন, ৱেফাৰ আদিৰ লগতে যোগান ব্যৱস্থাৰ বাবেও জাপানে অসমত বৃহৎ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে৷

দুই দেশৰ প্রধানমন্ত্রীৰ উপস্থিতিত প্রস্তাৱিত সন্মিলন প্রযুক্তি আৰু কৌশলগত চুক্তিৰ অধীনত ইলেক্ট্র’নিক সামগ্রী উৎপাদনৰ কেইবাটাও বৃহৎ প্রকল্প নির্মাণৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ এই প্রকল্পসমূহ নির্মাণ হ’লে দেশৰ বেংগালুুৰু অথবা হায়দৰাবাদৰ লেখীয়া জাগীৰোডে বিশ্বৰ ইলেক্ট্র’নিক মানচিত্রত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ’ব৷

জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ প্রস্তাৱিত ভ্রমণে জাগীৰোড আৰু নিকটৱর্তী অঞ্চলত নতুন উদ্যোগৰ জৰিয়তে প্রায় ৫০ হাজাৰ অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞৰ প্রয়োজন হ’ব৷ এনে প্রকল্প গঢ়ি উঠিলে বেংগালুৰুকে ধৰি দেশৰ ইলেক্ট্র’নিক উদ্যোগসমূহত জড়িত হৈ থকা অসমৰ যুৱপ্রজন্মই নিজ গৃহ ৰাজ্যলৈ ঘূৰি অহাৰ সুযোগ লাভ কৰিব৷

ফলত উচ্চ শিক্ষিত পুত্র–কন্যা বাহিৰত থকাৰ ফলত মধ্যবিত্ত পৰিয়ালত সৃষ্টি হোৱা সামাজিক সমস্যাৰ সমাধানৰ পথ প্রশস্ত হ’ব৷ জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ অসম ভ্রমণৰ লগে লগে অসমত অট’ম’বাইল আৰু গ্রীন হাইড্র’জেনৰ ক্ষেত্রতো বৃহৎ বিনিয়োগৰ সম্ভাৱনা আছে৷

জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ স’তে ছুজুকি, টয়োটা, মিটছুই, ইটোচু আদি অট’ম’বাইল কোম্পানীৰ মুখ্য কার্যবাহী বিষয়াসকলো অসমলৈ আহিব৷ ছুজুকি আৰু টয়োটাই ইলেক্ট্র’নিক গাড়ীৰ বিভিন্ন পার্টছ নির্মাণ প্রকল্প স্থাপন কৰিবলৈ বিচাৰিছে৷

ব্রহ্মপুত্রৰ পানী ব্যৱহাৰ কৰি গ্রীন হাইড্র’জেন উৎপাদন কৰিবলৈও জাপানে আগ্রহ ব্যক্ত কৰিছে৷ যদিহে এই প্রকল্প সফলতাৰে ৰূপায়ণ হয় তেন্তে দেশৰ ভিতৰতে অসমে প্রথম কার্বনমুক্ত বৃহৎ ঔদ্যোগিক ৰাজ্যৰূপে অভিহিত হোৱাৰ সম্ভাৱনা আছে৷

জাপানে বাংলাদেশৰ মাটাৰবাৰীত গভীৰ সাগৰীয় বন্দৰ নির্মাণ কৰি আছে৷ এই বন্দৰৰ জৰিয়তে জাগীৰোডত উৎপাদিত চিপ আৰু অট’ম’বাইলৰ বিভিন্ন সঁজুলি দক্ষিণ–পূব এছিয়াৰ দেশসমূহলৈ যোগানৰ ব্যৱস্থা লৈছে৷

আশী দশকৰ পৰা অসমত আৰম্ভ হোৱা আন্দোলনমুখৰ পৰিৱেশ, উগ্রপন্থী সংগঠনৰ হিংসা–হত্যাৰ বিভীষিকা আৰু কেন্দ্রীয় চৰকাৰৰ ক্ষমতাত থকা নেতাসকলৰ অদূৰদর্শিতাৰ বাবে অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সম–বিকাশ হোৱা নাই৷

কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহৰ অদূৰদর্শিতা আৰু দূৰদর্শী পৰিকল্পনাৰ অভাৱত অসমৰ ঔদ্যোগিক বিকাশৰ পথ প্রায় ৰুদ্ধ হৈছিল৷ ৯০ দশকৰ পৰা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে যি বিশেষ নীতি গ্রহণ কৰিছিল তাৰ দ্বাৰা একাংশ চতুৰ উদ্যোগপতিয়ে ৰাজসাহায্য আদায় কৰাৰ কৌশল লৈছিল৷

প্রকৃততে বিনিয়োগৰ জৰিয়তে বৃহৎ উদ্যোগ স্থাপন অথবা কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্য অবিহনে কোনো এখন ৰাজ্যই ঔদ্যোগিক ক্ষেত্রখনৰ বিকাশৰ দুৱাৰ স্পর্শ কৰিব নোৱাৰে৷ বিগত এটা দশকত ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্রখনত বিনিয়োগৰ বাবে দেশৰ বৃহৎ বৃহৎ কোম্পানীয়ে আগবাঢ়ি আহিছে৷

টাটা উদ্যোগ গোষ্ঠীয়ে জাগীৰোডত বৃহৎ ছেমিকণ্ডাক্টৰ প্রকল্প স্থাপন কৰাৰ লগে লগে অসমত ঔদ্যোগিক বিনিয়োগৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে৷ কিন্তু অসমৰ এনে বৃহৎ উদ্যোগ স্থাপন হোৱাটো মনে প্রাণে নিবিচৰা ৰাজনৈতিক নেতাও এইখন দেশতেই আছে, এইখন অসমতেই আছে৷

২০১৯ৰ ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ জাপানৰ তদানীন্তন প্রধানমন্ত্রী শিনজো আৱে অসম ভ্রমণৰ পৰিকল্পনা গ্রহণ কৰিছিল৷ কিন্তু ‘কা’ আন্দোলনক কেন্দ্র কৰি সৃষ্টি হোৱা আইন–শৃংখলাজনিত পৰিস্থিতিৰ বাবে জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ ভ্রমণসূচী শেষমুহূর্তত বাতিল কৰা হৈছিল৷

সাত বছৰ পূর্বে জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ ভ্রমণ বাতিল নোহোৱাহেঁতেন অসমে আজি নিশ্চিতভাৱে ঔদ্যোগিক মানচিত্রত নিজৰ সুকীয়া পৰিচয় লাভ কৰিলেহেঁতেন৷ কিন্তু অসমৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বিচৰা জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ প্রস্তাৱিত ভ্রমণ ব্যর্থ কৰিবলৈ বিভিন্ন ধৰণে চক্রান্ত কৰা লোক এইখন অসমতে আছে৷

বিশেষকৈ সামাজিক মাধ্যমত এই চক্রটোৱে পৰিকল্পিতভাৱে অপপ্রচাৰ চলাই আছে৷ কিন্তু এনে অপপ্রচাৰৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ অসম ভ্রমণ নতুনকৈ নির্ধাৰণ কৰি অসমবাসীৰ প্রতি গভীৰ দায়িত্ববোধ প্রকাশ কৰিছে৷

ৰাজ্যখনৰ সামগ্রিক বিকাশ, ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্রতি দায়িত্বশীল প্রধানমন্ত্রীগৰাকীয়্ ‘লুক ইষ্ট পলিচী’ৰ অধীনত অসমলৈ যিমান সহায়ৰ হাত আগবঢ়াইছে তাৰ অর্ধেকো পূর্বৰ কোনো এগৰাকী প্রধানমন্ত্রীয়ে কৰা নাছিল৷

জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ ঐতিহাসিক অসম ভ্রমণৰ পূর্বে এক আশাপ্রদ বার্তা অসমবাসীয়ে লাভ কৰিছে৷ বিগত প্রায় চাৰি দশক ধৰি ইউৰোপৰ ২৭খন দেশৰ পর্যটকসকলক অসম ভ্রমণৰ ক্ষেত্রত বিভিন্ন বাধা–নিষেধ আৰোপ কৰা হৈছিল৷

শেহতীয়াকৈ ইউৰোপৰ ২৭খন দেশ ক্রমে অষ্ট্রিয়া, বেলজিয়াম, ক্রুৱেছিয়া, ডেনমার্ক, বুলগেৰিয়া, ছেক ৰিপাব্লিক, ফিনলেণ্ড, এষ্ট্রোনিয়া, ফ্রান্স, জার্মানী, হাংগেৰী, গ্রীছ, আয়াৰলেণ্ড, লাটোভিয়া, ইটালী, লিথুনিয়া, নেদাৰলেণ্ড, প’লেণ্ড, মালটা, পর্তুগাল, শ্ল’ভাকিয়া, ৰোমানিয়া, শ্ল’ভেনিয়া, ছুইডেন, স্পেইন, লাক্সেনবার্গ আৰু চাইপ্রাছৰ নাগৰিকসকলে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ ভ্রমণ কৰাৰ প্রতিবন্ধকতা আঁতৰি যোৱাৰ ফলত পর্যটন খণ্ডত আশাৰ সঞ্চাৰ হৈছে৷

ৰাজ্যখনৰ পর্যটন উদ্যোগে বিগত এটা দশকৰ ভিতৰত বিশেষ গুৰুত্ব লাভ কৰিছে৷ প্রতি বছৰে ৰাজ্যখনলৈ দেশী–বিদেশী পর্যটকৰ সংখ্যা বৃদ্ধিয়ে অভিলেখ গঢ়িছে৷ পর্যটন উদ্যোগৰ এনে বিকাশে ঘাইকৈ অসমৰ গ্রাম্য অর্থনীতিলৈ বিশেষ বৰঙণি আগবঢ়ায়৷ অসমৰ সামগ্রিক বিকাশক গতিশীল কৰিবলৈ চৰকাৰেই নহয়, অসমবাসীয়েও সজাগ–সচেতন হ’ব লাগিব৷

The post সম্পাদকীয় : জাপানৰ প্রধানমন্ত্রীৰ ভ্রমণ first appeared on নিয়মীয়া বাৰ্তা.