সম্পাদকীয় : আমেৰিকাৰ মানৱ অধিকাৰ
বর্ণবৈষম্যবাদী চৰকাৰক ওফৰাই শাসনাধিষ্ঠিত দক্ষিণ আফ্রিকাৰ মহান সংগ্রামী নেতা নেলছন মেণ্ডেলাই এবাৰ পশ্চিমীয়া সাংবাদিক এগৰাকীক চুঙা চাই সোপা দিছিল৷ কিউবা, লিবিয়া অথবা পেলেষ্টাইনৰ তদানীন্তন ৰাষ্ট্রপতি ক্রমে কাষ্ট্রো, গাড্ডাফি আৰু আৰাফটৰ শাসনকালত মানৱ অধিকাৰ উলংঘা হোৱা সত্ত্বেও কিয় মেণ্ডেলাই সেই দেশকেইখনৰ পৰা সাহায্য গ্রহণ কৰিছে বুলি সোধা প্রশ্ণৰ উত্তৰ আহিল এটা বাক্যত– ‘একাংশ ৰাজনৈতিক বিশ্লেষকে কৰা এটা ভুল হ’ল তেওঁলোকে ভাবে যে তেওঁলোকৰ শত্রুও আমাৰ শত্রু হোৱা উচিত৷’ মেণ্ডেলাই কৈছিল, ‘আমেৰিকা হ’ল বিশ্বৰ আৰক্ষী বাহিনী৷ তেওঁলোকে মানৱ অধিকাৰক অতি তুচ্ছ কথা বুলি ভাবে, সেয়েহে জাপানৰ ওপৰত পাৰমাণৱিক বোমাৰে আক্রমণ চলাই ৰাষ্ট্রখনৰ কঁকাল ভাঙি দিছিল৷ দৰাচলতে আমেৰিকাই চিৰবৈৰী তদানীন্তন ছোভিয়েট ইউনিয়নক ইয়াৰ জৰিয়তে এই বার্তা দিছিল যে তেওঁলোকহে বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্র আৰু ইমান ক্ষমতাৰ অধিকাৰী৷’ ইতিহাসৰ পাত লুটিয়ালেও আমেৰিকা যুক্তৰাষ্ট্রৰ নৃশংসতাৰ পৰিচয় পোৱা যায়৷ সম্প্রতি ইৰান–আমেৰিকাৰ যুদ্ধখনেও একেটা কথাকেই সোঁৱৰায়৷ স্বাধীন আৰু সার্বভৌম ৰাষ্ট্রৰ ওপৰত মাতব্বৰী কৰি অহা আমেৰিকাৰ স্বেচ্ছাচাৰী স্বৰূপ বাৰম্বাৰ ওলাই পৰিছে৷ ইৰাকক ধূলিৰ লগত মিহলাই ছাদ্দাম হুছেইনক ফাঁচিকাঠত ওলমোৱাৰ পাছত শেহতীয়াকৈ ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক পত্নীসহ সামৰিক অভিযান চলাই (অপাৰেচন এবছলিউট ৰিজ’ল্ভ) অপহৰণ কৰি লৈ যোৱাৰ দৰে ঘটনাত লিপ্ত যুক্তৰাষ্ট্রই নিজৰ চৰিত্র সমগ্র বিশ্বৰ আগত পুনৰ উলংগ কৰি দিলে৷
ইৰানৰ ৰাষ্ট্রপতি মাছুদ পেজেস্কিয়ানৰ মতে তেওঁলোকৰ যদি নিজৰ অস্ত্রভাণ্ডাৰ নাথাকিলহেঁতেন, তেন্তে দেশখনৰ অৱস্থাও গাজাৰ দৰেই হ’লহেঁতেন৷ ক্ষেপণাস্ত্রৰে থকা–সৰকা কৰি ইজৰাইল আৰু আমেৰিকাৰ সমস্ত আক্রমণ ওফৰাই সদম্ভে থিয় হৈ থকা ইৰানৰ ৰাষ্ট্রপতি পেজেস্কিয়ানে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে যে প্রতিৰক্ষাৰ বাবে পর্যাপ্ত অস্ত্র–শস্ত্র মজুত নাথাকিলে আমেৰিকাই গাজাৰ দৰেই নির্বিচাৰে আক্রমণ চলাই ইৰানক মষিমূৰ কৰি দিলেহেঁতেন৷ এই ভয়াৱহ আৰু নৃশংস আক্রমণৰ বলি হ’লহেঁতেন দেশখনৰ আবাল–বৃদ্ধ–বনিতা৷ পেজেস্কিয়ানৰ মতে মানৱ অধিকাৰ বুলি আমেৰিকাই চলোৱা প্রচাৰ ভণ্ডামিৰ বাহিৰে আন একো নহয়৷ ৰাষ্ট্রপতিগৰাকীয়ে কয়, ‘সন্মান দিলেহে সন্মান পায়৷’ ইয়াৰ অর্থ হ’ল আমেৰিকাই কঠোৰ পদক্ষেপ গ্রহণ কৰিলে ইৰানেও সমুচিত প্রত্যুত্তৰ দিব৷ ইৰানৰ হাতত থকা অস্ত্রভাণ্ডাৰৰ ভিতৰত অন্যতম দীর্ঘ দূৰত্বৰ মিছাইল, ড্রোন আৰু পাৰমাণৱিক কার্যসূচী৷ আমেৰিকা–ইজৰাইলৰ বাবে এয়া ভয়ৰ কাৰণ৷ ‘এই অস্ত্র আমাৰ সুৰক্ষাকৱচ৷ চৌদিশে শত্রুৱে ঘেৰি থকা এখন দেশ কেতিয়াও হাত সাবটি বহি থাকিব নোৱাৰে৷’ –২০২৫ চনত ইৰানৰ নতুন ৰাষ্ট্রপতি মাছুদ পেজেস্কিয়ানে ক্ষমতাৰ ভাৰ গ্রহণ কৰাৰ পাছতো এনেদৰে নিজৰ স্থিতি বজাই ৰাখিছে৷ তেওঁ দ্ব্যর্থহীন ভাষাৰে কৈছে, ‘আমি পাৰমাণৱিক অস্ত্র নির্মাণ নকৰোঁ কিন্তু ইউৰেনিয়াম সমৃদ্ধ হোৱাৰ অধিকাৰ আমাৰ আছে৷ আমাৰ সার্বভৌমত্বৰ বাবে মিছাইল নির্মাণ কৰিছোঁ৷ ইয়াত আনৰ হস্তক্ষেপ কাম্য নহয়৷’ ১৯৮০ চনত ইৰাকৰ সৈতে ৮ বছৰ যুঁজ–বাগৰ চলাই ইৰানে উপলব্ধি কৰিলে যে দুর্বলৰ ওপৰত সবলৰ অত্যাচাৰ চিৰন্তন৷ পেজেস্কিয়ানৰ যুক্তি– ‘আমি আক্রমণ কৰিবলৈ অস্ত্রভাণ্ডাৰ গঢ়ি তোলা নাই৷ আক্রমণ প্রতিৰোধৰ বাবেহে এই পদক্ষেপ৷’ বছৰ বছৰ ধৰি আমেৰিকাই জাপি দিয়া অর্থনৈতিক নিষেধাজ্ঞাৰ ফল বিপৰীত হ’ল৷ এই নিষেধাজ্ঞাৰ বাবেই ইৰানে নিজৰ প্রচেষ্টাৰে অত্যাধুনিক ড্রোন, ক্ষেপণাস্ত্র নির্মাণ কৰাৰ লগতে পাৰমাণৱিক প্রযুক্তি আয়ত্ত কৰিলে৷ ইৰানৰ ওপৰত ইজৰাইল–যুক্তৰাষ্ট্রৰ সন্মিলিত আক্রমণে মানৱ অধিকাৰ নিঃসন্দেহে উলংঘা কৰিছে যদিও ৰাষ্ট্রসংঘই হস্তক্ষেপ কৰি ইয়াক বাধা দিব পৰা নাই৷ সামগ্রিক বিশ্ব প্রেক্ষাপটত এই কথা যুগে যুগে প্রতিপন্ন হৈ আহিছে যে আমেৰিকাৰ দৰে সাম্রাজ্যবাদী আৰু যুদ্ধৰ বাবে সদা উন্মুখ ৰাষ্ট্রৰ বাবে মানৱ অধিকাৰৰ উলংঘা সাধাৰণ বিষয়৷ আন্তঃৰাষ্ট্রীয় সম্প্রদায়ে সন্মিলিতভাৱে ইয়াৰ নিৰাময়ৰ বাট মুকলি কৰাটো সময়ৰ জৰুৰী আহ্বান৷