সম্পাদকীয় : আগন্তুক বাজেটৰ ৰূপৰেখা
ষষ্ঠদশ অসম বিধানসভাৰ নির্বাচনত চমকপ্রদ সাফল্যৰে একেৰাহে তৃতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত এনডিএ চৰকাৰখনে ১০ জুলাইত বিধানসভাত দাখিল কৰিব চলিত বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট৷ সাধাৰণতে এক এপ্রিলৰ পৰা আৰম্ভ হোৱা বিত্তীয় বর্ষৰ পূর্বে মার্চত পূর্ণাংগ বাজেট উত্থাপন কৰা হয়৷ বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত এইবাৰ চলিত বিত্তীয় বর্ষৰ বাজেট উত্থাপনত বিলম্ব হৈছে৷ অহা ৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন হ’ব লগা পূর্ণাংগ বাজেটখনৰ প্রস্তুতিক লৈ দিছপুৰত যিদৰে তৎপৰতা চলিছে একেদৰে ৰাজ্যখনৰ বিকাশৰ ধাৰাৰ স’তে জড়িত লোকসকলৰ মাজতো উৎকণ্ঠা বাঢ়িছে৷ অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত ১০২খন আসনত জয়লাভ কৰি মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰ ২.০ৰ এইখন প্রথম পূর্ণাংগ বাজেট৷ একেদৰে বিত্ত বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰো প্রথম বাজেট৷ বাজেটখন প্রস্তুতৰ পূর্বে মন্ত্রী বৰুৱাই উদ্যোগ, বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্রৰ নেতৃস্থানীয় লোকৰ স’তে আলোচনাত মিলিত হৈছে৷ অতিৰিক্ত কৰৰ বোজা অবিহনে ৰাজহ বৃদ্ধিৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি মন্ত্রী বৰুৱাই ঘোষণা কৰিছে৷ কিছু বছৰৰ পৰা ৰাজ্যিক বাজেটসমূহ পর্যালোচনা কৰিলে এই কথা স্পষ্ট হয় যে ৰাজ্যিক বাজেটত অতিৰিক্ত কৰ আৰোপ অথবা ৰেহাইৰ গুৰুত্ব বহু পৰিমাণে হ্রাস হৈছে৷ জিএছটিৰ অধীনত দেশজুৰি কৰ সংগ্রহ ব্যৱস্থা বলৱৎ হোৱাৰ পাছতে ৰাজ্য চৰকাৰসমূহে সামগ্রীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ পৰা বিৰত আছে৷ কিন্তু দেশৰ ভিতৰতে এখন অগ্রণী বিকাশশীল ৰাজ্যৰূপে অসমক নির্মাণ কৰিবলৈ হ’লে ৰাজ্যিক বাজেটখনত ইয়াৰ ৰূপৰেখা স্পষ্ট হ’বই লাগিব৷ ২০১৫–১৬ বিত্তীয় বর্ষত বাজেট প্রাককলনৰ পৰিমাণ আছিল ৬৬,১৪২ কোটি টকা৷ ২০২৪–২৫ বিত্তীয় বর্ষত বাজেট প্রাক্কলনৰ পৰিমাণ ১,৪৩,৮৯১ কোটি টকালৈ বৃদ্ধি হৈছে৷ একে সময়ছোৱাত সংশোধিত প্রাককলন ৭৪,৮১৮ কোটি টকাৰ পৰা ২০২৪–২৫ বিত্তীয় বর্ষত বৃদ্ধি হৈছে ১,৬৮,৬৭৩ কোটি টকা৷ ২০১৪–১৫ত বাজেট নির্ধাৰিত মুঠ ব্যয় হৈছিল ৪১,৯৩১ কোটি টকা৷ ২০২৪–২৫ বিত্তীয় বর্ষত বাজেট নির্ধাৰিত ব্যয় ১,৪১,৫২৯ কোটি টকালৈ বৃদ্ধি হৈছে৷ একেদৰে ২০১৫–১৬ বিত্তীয় বর্ষত বাজেট নির্ধাৰিত পুঁজি ব্যৱহাৰৰ হাৰ আছিল ৬৩ শতাংশ৷ অর্থাৎ বাজেটত নির্ধাৰিত অধিকাংশ আঁচনিয়ে নির্ধাৰিত সময়ত ৰূপায়ণ হোৱা নাছিল৷ বিগত চাৰি বছৰত ৰাজ্যখনত বাজেট নির্ধাৰিত পুঁজিৰ ব্যৱহাৰৰ পৰিমাণ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ ২০২১–২২ বিত্তীয় বর্ষত বাজেট নির্ধাৰিত পুঁজি ৭৮ শতাংশ, ২০২২–২৩ বিত্তীয় বর্ষত ৮১ শতাংশ, ২০২৩–২৪ বিত্তীয় বর্ষত ৮০ শতাংশ, আৰু ২০২৪–২৫ বিত্তীয় বর্ষত ৮৫ শতাংশ হৈছে৷ বিগত ১০ বছৰত ৰাজ্যখনৰ বার্ষিক বাজেটত নির্ধাৰিত পুঁজি আৰু ব্যয় হোৱা পুঁজি ২৫০ শতাংশ বৃদ্ধি হোৱাটো অসমৰ বাবে এক শুভ লক্ষণ৷ ২০১৫–১৬ বিত্তীয় বর্ষত অসমত মূলধনী ব্যয় ২,৯১৫ কোটি টকাৰ পৰা আঠ গুণ বৃদ্ধি হৈ ২৫ হাজাৰ কোটি টকা হৈছে৷ ৰাজ্যখনৰ বিকাশৰ এই যাত্রাৰ বাবে পথ–দলঙকে ধৰি যোগাযোগ ব্যৱস্থাত আমূল পৰিৱর্তন প্রতিফলন হৈছে৷
ৰাজ্য এখনৰ বিকাশৰ ৰূপৰেখা ঘাইকৈ নিৰূপণ হয় মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জিএছডিপি)ৰ ওপৰত৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ ক্ষমতালৈ অহাৰ পূর্বে ২০১৪–১৫ বিত্তীয় বর্ষত অসমৰ জিএছডিপি আছিল ২,২৭,৯৫৯ কোটি টকা৷ ২০২৪–২৫ বিত্তীয় বর্ষত অসমৰ জিএছডিপি ৬,৪৩,৬৬৭ কোটি টকালৈ বৃদ্ধি হৈছে৷ বিশেষকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যকালত অসমৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ ২০১৫–১৬ বিত্তীয় বর্ষত অসমৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ আছিল ১৫ শতাংশ৷ ২০২১–২২ বিত্তীয় বর্ষত জনমূৰি আয়ৰ বছৰেকীয়া বৃদ্ধিৰ হাৰ ১৯ শতাংশলৈ বৃদ্ধি হয়৷ ক’ভিডকালীন পৰিস্থিতি আৰু জিএছটিৰ প্রভাৱত ২০২২–২৩ বিত্তীয় বর্ষত ১৫ শতাংশ হ’লেও ২০২৩–২৪ত ১৭ শতাংশলৈ বৃদ্ধি হয়৷ একেদৰে ২০১৫–১৬ বিত্তীয় বর্ষত ৰাজ্যখনৰ জিএছডিপি বৃদ্ধিৰ হাৰ আছিল ১৭ শতাংশ৷ ২০২১–২২ বিত্তীয় বর্ষত ৰাজ্যখনৰ জিএছডিপি বৃদ্ধিৰ হাৰ ২১ শতাংশলৈ বৃদ্ধি হয়৷ আশাব্যঞ্জক এয়ে যে ২০২১–২২ত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ বৃদ্ধিৰ হাৰ আছিল ১৯ শতাংশ৷ ২০২২–২৩ বিত্তীয় বর্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন ১৪ শতাংশৰ বিপৰীতে অসমৰ ১৭ শতাংশ, ২০২৩–২৪ত দেশৰ জিডিপি ১০ শতাংশৰ বিপৰীতে অসমৰ ১৯ শতাংশ আৰু ২০২৪–২৫ বিত্তীয় বর্ষত ১০ শতাংশৰ বিপৰীতে অসমত ১৩ শতাংশ হৈছে৷ বিগত সময়ছোৱাত অৰুণোদয়কে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি গ্রাম্য অর্থনীতিৰ বুনিয়াদ টনকিয়াল কৰিবলৈ সক্ষম হৈছে৷ অৰুণোদয় আঁচনিখনৰ অধীনত অসমৰ ৪০ লাখ মহিলাক সামৰি লোৱা হৈছে৷ উক্ত আঁচনিখনক একাংশ বিৰোধী ৰাজনৈতিক দলৰ নেতা তথা ব্যক্তিবিশেষে উপলুঙা কৰিলেও ইয়াৰ সার্থকতা ৰাজ্যখনৰ জিএছডিপিত প্রতিফলিত হৈছে৷ নীতি আয়োগৰ শেহতীয়া প্রতিবেদন অনুসৰি অসমত ৪৬.৮৭ লাখ লোক দাৰিদ্র্য সীমাৰেখা অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ একে সময়তে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা আহৰণ কৰা ঋণক লৈ বিতর্কৰ সৃষ্টি কৰা হৈছে৷ কিন্তু দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ঋণৰ বোজা বহনক্ষম ক্ষমতাতে আবদ্ধ হৈ আছে৷ ৰাজ্যসমূহৰ জিএছডিপিৰ আধাৰত ঋণ গ্রহণৰ সুবিধা আছে৷ ৰাজ্যৰ বৃহৎ উন্নয়নমূলক আঁচনি তথা আন্তঃগাঁথনি নির্মাণৰ বাবে ৰাজ্য চৰকাৰসমূহে ঋণ গ্রহণ কৰাটো এক প্রচলিত ব্যৱস্থা৷ দেশৰ ভিতৰতে জিএছডিপিৰ আধাৰত সর্বাধিক ৪১.৪ শতাংশ ঋণ গ্রহণ কৰা ৰাজ্যখনেই হ’ল পঞ্জাব৷ ৪১.১ শতাংশ ঋণ গ্রহণেৰে দ্বিতীয় স্থানত আছে হিমাচল প্রদেশ আৰু ৩৬.৫ শতাংশ ঋণ গ্রহণেৰে তৃতীয় স্থানত আছে চুবুৰীয়া আছে অৰুণাচল প্রদেশ৷ আনকি চুবুৰীয়া পশ্চিমবংগই ৩৪.৫ শতাংশ আৰু কেৰালাই ৩৪.৩ শতাংশ ঋণ লৈছে৷ অসমে জিএছডিপিৰ তুলনাত ২৪.৩ শতাংশ ঋণ গ্রহণেৰে দেশৰ তালিকাত ১৯ নম্বৰত আছে৷ ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত বিগত এটা দশকত দ্রুত পৰিৱর্তন হৈছে৷ ১৫খন চিকিৎসা মহাবিদ্যালয় নির্মাণ চলি আছে৷ ৰাজ্যখনৰ প্রতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপৰ ৰূপৰেখাও আগন্তুক বাজেটত প্রতিফলন হোৱাৰ সম্ভাৱনা আছে৷ অতিকৈ প্রয়োজনীয় এয়ে যে খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ মাজত কর্মমুখী যাত্রা আৰু সংস্থাপনৰ বাট কিদৰে মুকলি হয়, সেয়া হ’ব আগন্তুক বাজেটখনৰ বাবে গুৰুত্বপূর্ণ বিষয়৷