এজোপা গছপুলি ৰোপণ কৰিলেই নহ’ব, তাক সঠিকভাৱে লালন–পালনো কৰিব লাগিব৷ ঠিক তেনেদৰে সন্তানক পঢ়ুৱালেই নহ’ব, সন্তানৰ সুবিধা–সুবিধাৰ প্রতি আমি গুৰুত্বও দিব লাগিব৷ বহু সময়ত অভিভাৱকে সন্তানক প্রয়োজনীয় সকলো বহী–গ্রন্থ ক্রয় কৰি দি এখন ভাল বিদ্যালয়লৈ পঢ়িবলৈ পঠিয়ায় যদিও অধিকাংশ অভিভাৱকেই স্কুল বেগৰ ওজনক লৈ সজাগ–সচেতন নহয়৷
স্কুল বেগৰ ওজনক লৈ অভিভাৱকে ঘৰত আপত্তি কৰে যদিও কর্তৃপক্ষক কথাবোৰ নজনায়৷ কাৰণ এতিয়াও বহু অভিভাৱকে এই সমস্যাটোক গুৰুতৰ সমস্যা হিচাপে লোৱা নাই৷ বহু অভিভাৱকে সন্তানৰ কিতাপ–বহী বেছি হ’লে গৌৰৱ অনুভৱ কৰে৷
তেওঁলোকে ভাবে কিতাপ বেছি থকা মানেই শিক্ষা ভাল৷ যাৰ বাবে শিক্ষার্থীৰ কান্ধত স্কুল বেগৰ বোজা বাঢ়ি গৈ আছে৷ শিক্ষার্থীক টেক্সবুক দিয়াৰ উপৰি বহু অভিভাৱকে গাইডবুক ক্রয় কৰিও বিদ্যালয়লৈ দি পঠিয়ায়, ফলত স্কুল বেগৰ ওজন বৃদ্ধি পায়৷
বহু অভিভাৱকে টাইম–টেবুল নাচায়, ফলত শিক্ষার্থীয়ে সকলো বহী–কিতাপ বেগত ভৰাই লয়৷ আনহাতে অভিভাৱকে স্কুল বেগ ক্রয় কৰোঁতে সাৱধান নহয়৷ এটা ভাল বেগতকৈ ডিজাইন থকা বেগকহে বেছি গুৰুত্ব দিয়ে৷
স্বাস্থ্যৰ দিশত গুৰুত্ব দি বেগ ক্রয় নকৰে৷ ফলত ভৱিষ্যতত শিক্ষার্থীৰ শাৰীৰিক সমস্যাই দেখা দিয়ে৷ বহু বিদ্যালয়ত কিতাপৰ সংখ্যাও বেছি৷ এই সমস্যাবোৰ সমাধান কৰিবলৈ চৰকাৰে বহুখিনি নীতি–নির্দেশনা জাৰি কৰিছে৷
কাৰণ বেগৰ ওজনে শিক্ষার্থীৰ মেৰুদণ্ড, কান্ধ, ডিঙিৰ বিষৰ লগতে মনযোগ হ্রাস কৰে৷ সেয়ে এই সকলোবোৰ দিশক গুৰুত্ব দি চৰকাৰে নীতি–নির্দেশনা দিছে–প্রথম–দ্বিতীয় শ্রেণীৰ শিক্ষার্থীৰ বাবে বেগৰ ওজন ১.৬–২.২ কেজি৷
তৃতীয়–পঞ্চম শ্রেণীৰ শিক্ষার্থীৰ ২–৪.৫ কেজি৷ ষষ্ঠ–সপ্তম শ্রেণীৰ শিক্ষার্থীৰ ৩–৪.৫ কেজি, অষ্টম–দশম শ্রেণীৰ শিক্ষার্থীৰ বাবে ৩.৫–৫ কেজি, একাদশ–দ্বাদশ শ্রেণীৰ শিক্ষার্থীৰ বাবে ওজন ৩.৫–৫.৫ কেজি৷
ইয়াৰ উপৰি সপ্তাহৰ এটা দিন ছাত্র–ছাত্রীয়ে বেগ নিনিয়াকৈ স্কুললৈ যাব লাগে৷ সেইদিনা শিক্ষার্থীয়ে কেৱল খেল, শিল্প, বাগিচা, যোগ, কলা–সংস্কৃতিৰ বিষয়ে জ্ঞান অর্জন কৰিব৷ এই নির্দেশনা নতুন নহয়৷
২০০৬ চনতেহ ব’ম্বে হাইক’ৰ্টৰ এজন অধিবক্তাই Public interest Litigation দাখিল কৰিছিল৷ তাৰ পিছত মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে ২০১৫ আৰু ২০২০ত Guidelines for Reducing weight of school bags জাৰি কৰিলে৷
এই নীতি–নির্দেশনা তেতিয়াই জাৰি কৰিছিল যদিও কার্যকৰী হোৱা নাছিল৷ কিন্তু এতিয়া এই বিষয়ত সকলোৱে গুৰুত্ব দিয়া উচিত৷ বিষয়টো কেৱল চৰকাৰে গুৰুত্বসহকাৰে ল’লেও নহ’ব, অভিভাৱকৰ লগতে বিদ্যালয় শিক্ষকেও গুৰুত্ব বুজিব লাগিব৷
অলপতে শিৱসাগৰ, কামৰূপ মহানগৰ জিলাত স্কুল বেগৰ ওজন নির্ধাৰণৰ প্রয়োজনীয় নির্দেশনা জাৰি কৰিছে৷ কিন্তু এই নির্দেশনাবোৰ বাস্তৱ ক্ষেত্রত ফলপ্রসূ কৰাৰ বাবে চৰকাৰে পদক্ষেপ ল’ব লাগিব৷
অসমৰ দুখন জিলাতেহ নহয়, ৰাজ্যখনতেহ এই নির্দেশনা জাৰি কৰি প্রশাসন অধিক কঠোৰ হ’ব লাগিব৷ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ গৈ মাজে–সময়ে বেগৰ ওজন পৰীক্ষা কৰিব লাগে৷ নিয়ম নমনা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব লাগিব৷
বিদ্যালয়ত ল’কাৰৰ ব্যৱস্থা কৰিব লাগে, ল’কাৰ নাথাকিলে শিক্ষার্থীৰ বাবে শ্বেলফৰ ব্যৱস্থা কৰিব লাগে৷ হ’মৱর্ক যিমান পাৰে সিমান কমাব লাগে, দৈনিক দুটা বিষয়তকৈ অধিক হ’মৱর্ক দিব নালাগে৷ হ’মৱর্ক বেছিকৈ দিলে বেগ গধুৰ হয়, লগতে স্কুলবোৰত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগে৷
যি পানী শিক্ষার্থীয়ে কোনো সংকোচ নকৰাকৈ খাব পাৰে৷ বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থা থাকিলে শিক্ষার্থীয়ে পানীৰ বটল নকঢ়িয়ালে বহুখিনি ওজন হ্রাস হয়৷ বিদ্যালয়সমূহত সপ্তাহত অভিভাৱকসকলক লৈ স্কুল বেগৰ ওজনৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰিব লাগে৷
যাতে অভিভাৱকসকলো এহ দিশত অধিক সজাগ–সচেতন হয়৷ অভিভাৱকে ৰাতি শুবলৈ যোৱাৰ পূর্বে সদায় বেগ পৰীক্ষা কৰিব লাগে, যাতে অপ্রয়োজনীয় কিতাপ–বহী বেগৰ ভিতৰত নাথাকে৷
স্কুলৰ অধ্যক্ষও টাইম–টেবুলৰ ক্ষেত্রত কঠোৰ হ’ব লাগে যাতে এই টাইম–টেবুল অনুসৰিহে শিক্ষার্থীয়ে কিতাপ–বহী কঢ়িয়াই নিয়ে৷ শিক্ষকেও এই দিশবোৰত নজৰ দিয়া প্রয়োজন৷ বহু অভিভাৱকে স্কুললৈ নিয়া বেগতেই টিউচনৰ বহী দি পঠিয়ায়, এইবোৰতো শিক্ষকে নজৰ দিয়াৰ লগতে অভিভাৱক সচেতন হ’ব লাগিব৷
স্বামী বিবেকানন্দই কৈছিল–শিক্ষা হ’ল মানুহৰ মাজত থকা পূর্ণতাক প্রকাশ কৰা৷ কিন্তু আমি সচেতন লোকসকল সাৱধান হোৱা উচিত যে বেগৰ বোজাই যাতে সেই পূর্ণতাক চেপি নাৰাখে৷ শিক্ষা মানে কেৱল জ্ঞানৰ বোজা, কিতাপৰ নহয়৷ কিতাপৰ বোজাই শিক্ষার্থীৰ শাৰীৰিক দিশত নেতিবাচক প্রভাৱ পেলায়৷