নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জাপানৰ প্রধানমন্ত্রীৰ ভ্রমণ

বিশ্বমানৰ অত্যাধুনিক প্রযুক্তিৰে বিকশিত অসমৰ বুনিয়াদ নির্মাণৰ বাবে নতুন ইতিহাস ৰচনাৰ দিশে অগ্রসৰ হৈছে অসম৷ অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈকে জাপানৰ প্রথমগৰাকী প্রধানমন্ত্রী ছানায়ে টাকাইচিৰ অসম আগমনক কেন্দ্র কৰি বিশ্বজুৰি ব্যাপক চর্চা আৰম্ভ হৈছে৷

ভাৰতত থকা জাপানী ৰাষ্ট্রদূত আৰু ৫০গৰাকীতকৈও অধিক গোলকীয় ‘ফর্চুন ৫০০’ কোম্পানীৰ মুখ্য কার্যবাহী বিষয়াৰ স’তে গুৱাহাটীৰ প্রস্তাৱিত অর্থনৈতিক আৰু প্রযুক্তিগত সন্মিলনক লৈ ব্যাপক প্রস্তুতি চলিছে৷

গুৱাহাটীৰ ব্রহ্মপুত্রৰ পাৰৰ প্রাকৃতিক পৰিৱেশত অনুষ্ঠিত হ’ব লগা সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থাকিব৷ বিশ্বৰ ঔদ্যোগিক আৰু প্রযুক্তিৰ ক্ষেত্রত বিৰল সাফল্য লাভ কৰা জাপানৰ প্রধানমন্ত্রীগৰাকীয়্ দেশৰ আগশাৰীৰ ৰাজ্যসমূহক বাছনি কৰাৰ বিপৰীতে কিয় অসমক অগ্রাধিকাৰ প্রদান কৰিলে তাক লৈও দেশজুৰি চর্চা আৰম্ভ হৈছে৷

জাপানৰ প্রধানমন্ত্রীগৰাকীয়্ সদলবলে গুৱাহাটীলৈ আগমনৰ মুখ্য লক্ষ্য হৈছে জাগীৰোডত নির্মীয়মাণ ছেমিকণ্ডাক্টৰ উদ্যোগ৷ টাটা গ্রুপে নির্মাণ কৰি ২৭ হাজাৰ কোটিটকীয়া ছেমিকণ্ডাক্টৰ প্রকল্প জাপানৰ প্রধানমন্ত্রীগৰাকীয়্ পৰিদর্শন কৰিব৷

প্রকৃততে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পই যে অসমৰ ঔদ্যোগিক বিকাশৰ এক নতুন যাত্রা আৰম্ভ কৰিব সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ প্রযুক্তিগত দিশত জাপানৰ অগ্রগামী যাত্রাই ইতিমধ্যে সমগ্র বিশ্বকে সামৰি লৈছে৷

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পৰ অধীনত জাপানৰ চিপ ডিজাইন জায়েণ্টৰ মুখ্য কার্যবাহী বিষয়াসকলেও এই ভ্রমণৰ অংশীদাৰ হ’ব৷ ছেমিকণ্ডাক্টৰ নির্মাণৰ বাবে প্রয়োজনীয় কেমিকেল, পৰীক্ষণ সঁজুলি, চিলিকন, ৱেফাৰ আদিৰ লগতে যোগান ব্যৱস্থাৰ বাবেও জাপানে অসমত বৃহৎ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে৷

দুই দেশৰ প্রধানমন্ত্রীৰ উপস্থিতিত প্রস্তাৱিত সন্মিলন প্রযুক্তি আৰু কৌশলগত চুক্তিৰ অধীনত ইলেক্ট্র’নিক সামগ্রী উৎপাদনৰ কেইবাটাও বৃহৎ প্রকল্প নির্মাণৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ এই প্রকল্পসমূহ নির্মাণ হ’লে দেশৰ বেংগালুুৰু অথবা হায়দৰাবাদৰ লেখীয়া জাগীৰোডে বিশ্বৰ ইলেক্ট্র’নিক মানচিত্রত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ’ব৷

জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ প্রস্তাৱিত ভ্রমণে জাগীৰোড আৰু নিকটৱর্তী অঞ্চলত নতুন উদ্যোগৰ জৰিয়তে প্রায় ৫০ হাজাৰ অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞৰ প্রয়োজন হ’ব৷ এনে প্রকল্প গঢ়ি উঠিলে বেংগালুৰুকে ধৰি দেশৰ ইলেক্ট্র’নিক উদ্যোগসমূহত জড়িত হৈ থকা অসমৰ যুৱপ্রজন্মই নিজ গৃহ ৰাজ্যলৈ ঘূৰি অহাৰ সুযোগ লাভ কৰিব৷

ফলত উচ্চ শিক্ষিত পুত্র–কন্যা বাহিৰত থকাৰ ফলত মধ্যবিত্ত পৰিয়ালত সৃষ্টি হোৱা সামাজিক সমস্যাৰ সমাধানৰ পথ প্রশস্ত হ’ব৷ জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ অসম ভ্রমণৰ লগে লগে অসমত অট’ম’বাইল আৰু গ্রীন হাইড্র’জেনৰ ক্ষেত্রতো বৃহৎ বিনিয়োগৰ সম্ভাৱনা আছে৷

জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ স’তে ছুজুকি, টয়োটা, মিটছুই, ইটোচু আদি অট’ম’বাইল কোম্পানীৰ মুখ্য কার্যবাহী বিষয়াসকলো অসমলৈ আহিব৷ ছুজুকি আৰু টয়োটাই ইলেক্ট্র’নিক গাড়ীৰ বিভিন্ন পার্টছ নির্মাণ প্রকল্প স্থাপন কৰিবলৈ বিচাৰিছে৷

ব্রহ্মপুত্রৰ পানী ব্যৱহাৰ কৰি গ্রীন হাইড্র’জেন উৎপাদন কৰিবলৈও জাপানে আগ্রহ ব্যক্ত কৰিছে৷ যদিহে এই প্রকল্প সফলতাৰে ৰূপায়ণ হয় তেন্তে দেশৰ ভিতৰতে অসমে প্রথম কার্বনমুক্ত বৃহৎ ঔদ্যোগিক ৰাজ্যৰূপে অভিহিত হোৱাৰ সম্ভাৱনা আছে৷

জাপানে বাংলাদেশৰ মাটাৰবাৰীত গভীৰ সাগৰীয় বন্দৰ নির্মাণ কৰি আছে৷ এই বন্দৰৰ জৰিয়তে জাগীৰোডত উৎপাদিত চিপ আৰু অট’ম’বাইলৰ বিভিন্ন সঁজুলি দক্ষিণ–পূব এছিয়াৰ দেশসমূহলৈ যোগানৰ ব্যৱস্থা লৈছে৷

আশী দশকৰ পৰা অসমত আৰম্ভ হোৱা আন্দোলনমুখৰ পৰিৱেশ, উগ্রপন্থী সংগঠনৰ হিংসা–হত্যাৰ বিভীষিকা আৰু কেন্দ্রীয় চৰকাৰৰ ক্ষমতাত থকা নেতাসকলৰ অদূৰদর্শিতাৰ বাবে অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সম–বিকাশ হোৱা নাই৷

কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহৰ অদূৰদর্শিতা আৰু দূৰদর্শী পৰিকল্পনাৰ অভাৱত অসমৰ ঔদ্যোগিক বিকাশৰ পথ প্রায় ৰুদ্ধ হৈছিল৷ ৯০ দশকৰ পৰা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে যি বিশেষ নীতি গ্রহণ কৰিছিল তাৰ দ্বাৰা একাংশ চতুৰ উদ্যোগপতিয়ে ৰাজসাহায্য আদায় কৰাৰ কৌশল লৈছিল৷

প্রকৃততে বিনিয়োগৰ জৰিয়তে বৃহৎ উদ্যোগ স্থাপন অথবা কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্য অবিহনে কোনো এখন ৰাজ্যই ঔদ্যোগিক ক্ষেত্রখনৰ বিকাশৰ দুৱাৰ স্পর্শ কৰিব নোৱাৰে৷ বিগত এটা দশকত ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্রখনত বিনিয়োগৰ বাবে দেশৰ বৃহৎ বৃহৎ কোম্পানীয়ে আগবাঢ়ি আহিছে৷

টাটা উদ্যোগ গোষ্ঠীয়ে জাগীৰোডত বৃহৎ ছেমিকণ্ডাক্টৰ প্রকল্প স্থাপন কৰাৰ লগে লগে অসমত ঔদ্যোগিক বিনিয়োগৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে৷ কিন্তু অসমৰ এনে বৃহৎ উদ্যোগ স্থাপন হোৱাটো মনে প্রাণে নিবিচৰা ৰাজনৈতিক নেতাও এইখন দেশতেই আছে, এইখন অসমতেই আছে৷

২০১৯ৰ ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ জাপানৰ তদানীন্তন প্রধানমন্ত্রী শিনজো আৱে অসম ভ্রমণৰ পৰিকল্পনা গ্রহণ কৰিছিল৷ কিন্তু ‘কা’ আন্দোলনক কেন্দ্র কৰি সৃষ্টি হোৱা আইন–শৃংখলাজনিত পৰিস্থিতিৰ বাবে জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ ভ্রমণসূচী শেষমুহূর্তত বাতিল কৰা হৈছিল৷

সাত বছৰ পূর্বে জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ ভ্রমণ বাতিল নোহোৱাহেঁতেন অসমে আজি নিশ্চিতভাৱে ঔদ্যোগিক মানচিত্রত নিজৰ সুকীয়া পৰিচয় লাভ কৰিলেহেঁতেন৷ কিন্তু অসমৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বিচৰা জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ প্রস্তাৱিত ভ্রমণ ব্যর্থ কৰিবলৈ বিভিন্ন ধৰণে চক্রান্ত কৰা লোক এইখন অসমতে আছে৷

বিশেষকৈ সামাজিক মাধ্যমত এই চক্রটোৱে পৰিকল্পিতভাৱে অপপ্রচাৰ চলাই আছে৷ কিন্তু এনে অপপ্রচাৰৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ অসম ভ্রমণ নতুনকৈ নির্ধাৰণ কৰি অসমবাসীৰ প্রতি গভীৰ দায়িত্ববোধ প্রকাশ কৰিছে৷

ৰাজ্যখনৰ সামগ্রিক বিকাশ, ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্রতি দায়িত্বশীল প্রধানমন্ত্রীগৰাকীয়্ ‘লুক ইষ্ট পলিচী’ৰ অধীনত অসমলৈ যিমান সহায়ৰ হাত আগবঢ়াইছে তাৰ অর্ধেকো পূর্বৰ কোনো এগৰাকী প্রধানমন্ত্রীয়ে কৰা নাছিল৷

জাপানৰ প্রধানমন্ত্রীগৰাকীৰ্ ঐতিহাসিক অসম ভ্রমণৰ পূর্বে এক আশাপ্রদ বার্তা অসমবাসীয়ে লাভ কৰিছে৷ বিগত প্রায় চাৰি দশক ধৰি ইউৰোপৰ ২৭খন দেশৰ পর্যটকসকলক অসম ভ্রমণৰ ক্ষেত্রত বিভিন্ন বাধা–নিষেধ আৰোপ কৰা হৈছিল৷

শেহতীয়াকৈ ইউৰোপৰ ২৭খন দেশ ক্রমে অষ্ট্রিয়া, বেলজিয়াম, ক্রুৱেছিয়া, ডেনমার্ক, বুলগেৰিয়া, ছেক ৰিপাব্লিক, ফিনলেণ্ড, এষ্ট্রোনিয়া, ফ্রান্স, জার্মানী, হাংগেৰী, গ্রীছ, আয়াৰলেণ্ড, লাটোভিয়া, ইটালী, লিথুনিয়া, নেদাৰলেণ্ড, প’লেণ্ড, মালটা, পর্তুগাল, শ্ল’ভাকিয়া, ৰোমানিয়া, শ্ল’ভেনিয়া, ছুইডেন, স্পেইন, লাক্সেনবার্গ আৰু চাইপ্রাছৰ নাগৰিকসকলে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ ভ্রমণ কৰাৰ প্রতিবন্ধকতা আঁতৰি যোৱাৰ ফলত পর্যটন খণ্ডত আশাৰ সঞ্চাৰ হৈছে৷

ৰাজ্যখনৰ পর্যটন উদ্যোগে বিগত এটা দশকৰ ভিতৰত বিশেষ গুৰুত্ব লাভ কৰিছে৷ প্রতি বছৰে ৰাজ্যখনলৈ দেশী–বিদেশী পর্যটকৰ সংখ্যা বৃদ্ধিয়ে অভিলেখ গঢ়িছে৷ পর্যটন উদ্যোগৰ এনে বিকাশে ঘাইকৈ অসমৰ গ্রাম্য অর্থনীতিলৈ বিশেষ বৰঙণি আগবঢ়ায়৷ অসমৰ সামগ্রিক বিকাশক গতিশীল কৰিবলৈ চৰকাৰেই নহয়, অসমবাসীয়েও সজাগ–সচেতন হ’ব লাগিব৷

You might also like