নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : গুলীবিদ্ধ শৈশৱ

কণ কণ শিশুবোৰ যে– একো একোটি নিষ্কলুষ ফুল৷ শিশুৰ কলকলনি, নিষ্পাপ হাঁহিত নিমিষতে উৰি যায় পৃথিৱীৰ সমস্ত দুখ–ভাগৰ৷ এটি মাথোঁ স্পর্শতেই মৰহি যাব খোজে ফুলবোৰ৷ নির্মম পৃথিৱীৰ বাস্তৱতাৰ পৰা শত মাইল দূৰত শিশুৰ শৈশৱ৷

মানৱ জীৱনৰ সকলোতকৈ প্রাণৱন্ত আৰু মধুৰ সময়ছোৱাই হ’ল শৈশৱৰ কালছোৱা৷ বিশ্বৰ প্রায় প্রতিজন নাগৰিকে জীৱনৰ একো একোটা সময়ত তেওঁ এৰি অহা শৈশৱৰ সেই দিনবোৰলৈ এবাৰলৈ হ’লেও উভতি যাব খোজে৷ অসমৰ জকাইচুকীয়া গাঁও এখনৰ পৰা আমেৰিকাৰ নিউয়র্ক চহৰলৈ সকলো প্রান্তৰে শিশুৰ মনোজগত অভিন্ন অর্থাৎ পৃথিৱীৰ সকলো প্রান্তৰ শিশুৰ একেখনেই জগত৷

কিন্তু এতিয়া পৃথিৱী ক্রমাৎ বর্বৰ হৈ উঠিছে৷ এই বর্বৰ পৃথিৱীত সকলোতকৈ বেছি পীড়িত হৈছে শিশুসকল৷ ৰাষ্ট্রসংঘই শেহতীয়াকৈ প্রকাশ কৰা এখন প্রতিবেদনে শিশুসকল কি পর্যায়ত নিপীড়িত হৈছে সেই ভয়ংকৰ তথ্য দাঙি ধৰিছে৷

ৰাষ্ট্রসংঘৰ এই প্রতিবেদনে ইতিমধ্যে বিশ্বজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্রসংঘৰ স্বতন্ত্র আন্তঃৰাষ্ট্রীয় কমিছনে প্রস্তুত কৰা এই প্রতিবেদনত কোৱা হৈছে যে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ২০২৫ৰ অক্টোবৰলৈকে ইজৰাইলে গাজাত ২০,১৭৯টি শিশুক হত্যা কৰিছে৷ গাজা ষ্ট্রীপত ইজৰাইলৰ ভয়াৱহ বোমা বিস্ফোৰণত এই নিষ্পাপ শিশুসকল নিহত হৈছে৷

আনহাতে উল্লিখিত এই সময়ছোৱাত ৪৪,১৪৩টি শিশু চিৰদিনৰ বাবে ঘুণীয়া হৈছে৷ ইয়াৰ উপৰি লক্ষাধিক শিশুৰ মানসিক ভাৰসাম্য বিঘ্ণিত হৈছে৷ প্রতিবেদনখনৰ মতে ৱেষ্ট বেংক আৰু ইষ্ট জেৰুজালেমত সর্বাধিক শিশু ইজৰাইলী নৃশংস আক্রমণৰ বলি হৈছে৷

বিশ্বৰ যিকোনো যুদ্ধৰ ইতিহাসত মাথোঁ দুটা বছৰ এয়াই সর্বাধিক শিশুৱে প্রাণ হেৰুওৱাৰ তথ্য৷ ইজৰাইলী সেনাবাহিনীৰ আক্রমণত শিশুসকলে যে প্রাণ হেৰুৱাইছে সেয়াই নহয়, অগণন শিশু যৌন আতিশয্যৰো চিকাৰ হৈছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই যিকোনো যুদ্ধতেই শিশুসকলেই যে সকলোতকৈ ক্ষতিগ্রস্ত হৈছে, সেয়া নিদাৰুণভাৱে বাৰে বাৰে প্রমাণিত হৈ আহিছে৷

ফুল–তৰা–জোনৰ সৈতে মিতিৰালি পতা শিশুৱে যুদ্ধৰ ৰাজনীতি ঘুণাক্ষৰেও বুজি নাপায় আৰু সকলোতকৈ হূদয়বিদাৰক কথাটো হ’ল সেই শিশুসকলেই যুদ্ধৰ বিভীষিকাত সকলোতকৈ বেছি মূল্য ভৰিবলগীয়া হৈছে৷ ইউএনৰ ‘এনুৱেল ৰিপ’ট অন চিলণ্ড্রেন এণ্ড আর্মড কনফ্লিক্ট’ শীর্ষক কিছুদিন পূর্বৰ আন এখন প্রতিবেদনত কোৱা হৈছে যে যোৱা কুৰি বছৰত যুদ্ধত শিশুৰ মৃত্যুৰ হাৰ অত্যন্ত উদ্বেগজনকভাৱে ৩৪ শতাংশ বৃদ্ধি পাইছে৷

যুদ্ধত শিশুৰ মৃত্যুৰ হাৰ মধ্যপ্রাচ্য ছুডান, ম্যানমাৰ, কংগো, নাইজেৰিয়া আৰু ছোমালিয়াতে সর্বাধিক৷ তাৎপর্যপূর্ণ কথাটো হ’ল যুদ্ধত ১৬ বছৰৰ তলৰ ল’ৰা–ছোৱালীৰ তথ্য প্রতিবেদনসমূহত উল্লেখ কৰা হৈছে যদিও ১ৰ পৰা ৮ বছৰ বয়সৰ শিশুসকলেই যুদ্ধত সকলোতকৈ বেছি নিহত হৈছে অর্থাৎ একেবাৰেই অবুজন শিশুসকলেই যুদ্ধত সর্বাধিক প্রাণ দিবলগীয়া হৈছে৷

আশংকাজনক কথাটো হ’ল, বিভিন্ন সচেতন সংগঠনসমূহে বিশ্বব্যাপী শিশু সুৰক্ষাৰ বাবে বিভিন্ন মঞ্চত সজোৰে দাবী উত্থাপন কৰি আহিছে যদিও ক্রমাৎ শিশুৰ ওপৰত নির্যাতন বৃদ্ধি পাই আহিছে৷

যুদ্ধত শিশুৰ মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ শিশুৰ ওপৰত যোৱা বছৰকেইটাত যৌন নির্যাতনৰ ঘটনাও সমানে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ শিশু নির্যাতনৰ ঘটনাই আমাৰ ভাৰতবর্ষকো তীব্রভাৱে জোকাৰি গৈছে৷ মহিলা আৰু শিশু কল্যাণ মন্ত্রালয়ৰ এখন প্রতিবেদন মতে দেশত ৫৩ শতাংশ শিশু বিভিন্ন ধৰণৰ আতিশয্যৰ সন্মুখীন হৈছে৷

২০১৬ চনত তেতিয়াৰ গৃহমন্ত্রী ৰাজনাথ সিঙে প্রকাশ কৰা এক বিবৃতিত কোৱা হৈছিল যে দেশৰ ৰাজধানী খোদ দিল্লীতেই সেই বছৰ ১,০৬,৯৫৮টা শিশু আতিশয্যৰ ঘটনা সংঘটিত হৈছিল৷

যদি দেশৰ ৰাজধানীতেই এই বৃহৎ হাৰত এটা বছৰতে শিশু আতিশয্য হোৱাৰ তথ্য পোৱা যায়, তেন্তে সমগ্র দেশত কিমান বৃহৎসংখ্যক শিশু আতিশয্যৰ সন্মুখীন হয় সেয়া প্রায় অকল্পনীয়৷ আনহাতে এটা দশক পূর্বেই প্রকাশিত এই তথ্যই প্রমাণ কৰে যে যোৱা এটা দশকত শিশু আতিশয্যৰ ঘটনা দেশত কি পৰিমাণে বৃদ্ধি পাইছে৷

শিশুৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে যদিও সমান্তৰালভাৱে বৃদ্ধি পাই আহিছে শিশুৰ যৌন আতিশয্য আৰু আন আতিশয্যৰ ঘটনাও৷ যি শিশু আমাৰ ভৱিষ্যতৰ নাগৰিক সেই শিশুৱে যেতিয়া শৈশৱত বিভিন্ন আতিশয্যৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকৰ মনোজগতত সেই আতিশয্যই যে এক ভয়াৱহ বিৰূপ প্রভাৱ পেলায় সেয়া নিশ্চিত৷

যি প্রভাৱ তেওঁলোকৰ জীৱনকালত মচিব নোৱাৰা দাগ হৈ ৰৈ যায়৷ ভৱিষ্যতৰ এখন সুন্দৰ, সুস্থ পৃথিৱীৰ বাবে আমি শিশুসকলক সকলোধৰণৰ আতিশয্যৰ পৰা ৰক্ষা কৰিবলৈ এক সুৰক্ষিত কৱচ গঢ়ি তুলিব পাৰিব লাগিব৷ অন্যথা এক ভংগুৰ পৃথিৱীৰ বীজ ৰোপণ হ’ব শৈশৱতেই৷

You might also like