সম্পাদকীয় : হেৰাই যোৱা সামূহিক স্মৃতি
যুদ্ধ, প্রাকৃতিক দুর্যোগ বা অর্থনৈতিক মোক্ষম আঘাতৰ ফলতেই এখন সমাজ ধ্বংস হৈ নাযায়৷ সমাজ এখনে নিজৰ সামূহিক স্মৃতি আৰু ইতিহাস হেৰুৱাই পেলালেই সমাজখনৰ আটাহতকৈ ভয়ংকৰ খহনীয়া হয়৷ এই খহনীয়া নিঃশব্দ৷ অতীতক পাহৰি যোৱা কোনো জাতিয়েই বর্তমানক বুজি পাব নোৱাৰে আৰু সেই জাতিটোৱে ভৱিষ্যতৰ সপোন দেখাটোও সম্ভৱ নহয়৷ সাংস্কৃতিক স্মৃতিবোৰ কেৱল পুৰণি বস্তুৰ সংগ্রহ নহয়, ই হ’ল এটা জাতিৰ পৰিচয়ৰ মূল অদৃশ্য সূতা, যিয়ে প্রজন্মৰ পিছত প্রজন্মক বান্ধি ৰাখে৷ উন্নয়ন, আধুনিকতা আৰু বিশ্বায়নৰ এক নতুন দিশেৰে বর্তমান সময়ত অসমখন আগবাঢ়িছে৷ অসমৰ সাহিত্য, সংগীত, বস্ত্র, বিহু, সত্রীয়া সংস্কৃতি আৰু চহকী লোকঐতিহ্যক লৈ গর্বৰ শেষ নাই৷ কিন্তু এই দৃশ্যমান বৈভৱৰ আঁৰত এক গভীৰ, নীৰৱ সংকট ক্রমাৎ ঘনীভূত হৈ আহিছে৷ অসমৰ সাংস্কৃতিক স্মৃতিবোৰ লাহে লাহে হেৰাই যাবলৈ ধৰিছে৷ এই কাম হঠাত হোৱা নাই, অতি ধীৰ গতিত আৰু প্রায় অদৃশ্যভাৱে এই প্রক্রিয়া চলি আছে৷ বর্তমান সময়ত চলি থকা উন্নয়নৰ ধুমুহাৰ মাজত অসমৰ পাৰিবাৰিক আৰু ঐতিহাসিক দলিলসমূহ গভীৰ বিস্মৃতিৰ গৰাহত পৰিছে৷ এসময়ৰ অতি আদৰৰ পাৰিবাৰিক এলবামবোৰ আজি বহু ঘৰত কেৱল অপ্রয়োজনীয় আৱর্জনালৈ ৰূপান্তৰ হৈছে৷ ফলত নতুন প্রজন্মই নিজৰ পূর্বপুৰুষসকলৰ মুখবোৰ চিনি নোপোৱা পৰিৱেশ এটাৰ সৃষ্টি হৈছে৷ কেৱল আলোকচিত্রই নহয়, বৰঞ্চ আমাৰ ইতিহাসৰ গুৰুত্বপূর্ণ সমল যেনে- হাতে লিখা চিঠি, ডায়েৰী, পুৰণি পাণ্ডুলিপি, গ্রামোফোন ৰেকর্ড, অডিঅ’–ভিডিঅ’ কেছেট বা নিগেটিভসমূহো সঠিক সংৰক্ষণ আৰু সজাগতাৰ অভাৱত ক্রমে নোহোৱা হৈ পৰিছে৷ বহুক্ষেত্রত এই অমূল্য সম্পদসমূহৰ প্রকৃত ঐতিহাসিক মূল্য উপলব্ধি কৰাৰ পূর্বেই সম্পদৰ বর্তমানৰ মালিকে সেইবোৰক চিৰদিনৰ বাবে ধ্বংস কৰি পেলাইছে৷ এইক্ষেত্রত আটাইতকৈ মর্মান্তিক ক্ষতিটো হৈছে আমাৰ মৌখিক ইতিহাসৰ জগতখনত৷ অসমৰ গাঁৱে–ভূঞে সিঁচৰতি হৈ থকা বহু বয়োজ্যেষ্ঠ লোকৰ স্মৃতিত আজিও সজীৱ হৈ আছে দেশ বিভাজনৰ যন্ত্রণা, ভাষা আন্দোলন, ব্রহ্মপুত্রৰ সংহাৰী ৰূপ, পুৰণি লোকবিশ্বাস, কৃষি সংস্কৃতি আৰু সামাজিক পৰিৱর্তনৰ বহু অখ্যাত অধ্যায়৷ দুর্ভাগ্যবশতঃ, এইবোৰ ঘটনাৰ অধিকাংশৰে সুলিখিত আৰু প্রামান্য বর্ণনা কিতাপত লিপিবদ্ধ হোৱা নাই৷ কোনো এজন জ্ঞান বৃদ্ধ লোকৰ মৃত্যু হোৱা মানে কেৱল এটা জীৱনৰ অৱসান নহয়, বৰঞ্চ এটা অমূল্য জীৱন্ত পুথিভঁৰাল চিৰদিনৰ বাবে জ্বলি ছাই হৈ যোৱা৷
অসমৰ লোকসংস্কৃতিৰ বিভিন্ন উপাদান, যেনে– জনগোষ্ঠীয় লোকগীত, লোকনৃত্য, বাদ্যযন্ত্র, হস্তশিল্প আৰু আঞ্চলিক পৰম্পৰাসমূহ এতিয়া অতি সীমিতসংখ্যক মানুহৰ মাজতহে জীয়াই আছে৷ আধুনিক জীৱনৰ ব্যস্ততাত নতুন প্রজন্মৰ বাবে এই সাংস্কৃতিক সম্পদবোৰ শিকাৰ সময় আৰু আগ্রহ দুয়োৰে অভাৱ ঘটিছে৷ একেদৰে চলচ্চিত্রসমূহো সমাজৰ একো একোখন জীৱন্ত দলিল৷ এখন ছবিয়ে কেৱল কাহিনী নকয়, বৰঞ্চ এটা যুগৰ ভাষা, সাজ–পোছাক, সংগীত আৰু মানুহৰ জীৱনধাৰাক ধৰি ৰাখে৷ কিন্তু আজি তথ্যচিত্র বা চলচ্চিত্রৰ নিগেটিভৰ লগতে চিত্রনাট্য, পোষ্টাৰ আদি ঐতিহাসিক সমলসমূহো সংৰক্ষণৰ অভাৱত ক্রমে অন্তর্ধান হৈ পৰিছে৷ এইবোৰ এবাৰ হেৰাই গ’লে তাক পুনৰ গঢ়ি তোলাটো প্রায় অসম্ভৱ৷ আচৰিত কথাটো হ’ল, তথ্য–প্রযুক্তিৰ এই সোণালী যুগত সংৰক্ষণৰ কামটো পূর্বতকৈ হাজাৰ গুণ সহজ হৈ পৰিছে৷ আজি হাতৰ ম’বাইলটোৰেই পুৰণি ফটো ডিজিটাইজ কৰিব পাৰি, জ্যেষ্ঠসকলৰ সাক্ষাৎকাৰ ৰেকর্ড কৰিব পাৰি আৰু ডিজিটেল আর্কাইভ গঢ়ি তুলিব পাৰি৷ গতিকে সমস্যাটো প্রযুক্তিৰ অভাৱ নহয়, সমস্যাটো হ’ল আমাৰ সামূহিক সচেতনতা আৰু সদিচ্ছাৰ৷ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কেৱল চৰকাৰৰ কাম বুলি হাত সাবটি বহি থাকিলে নচলিব৷ ইয়াৰ বাবে লাগে এক সামূহিক সজাগতা৷ ইতিহাসে শিক্ষা দিয়ে যে কোনো বস্তু এটা হেৰুৱালেহে সমাজে বুজি পায়, সি আমাৰ হাতৰ পৰা চিৰদিনলৈ হেৰাই যায়৷ আজিৰ গাফিলতি কাইলৈৰ বাবে অপূৰণীয় ক্ষতি হৈ পৰিব পাৰে৷ অর্থনৈতিক আৰু আন্তঃগাঁথনিমূলক উন্নয়ন নিশ্চিতভাৱে আদৰণীয়৷ কিন্তু উন্নয়নৰ অর্থ যদি কেৱল কংক্রিটৰ অট্টালিকা, উৰণ সেতু আৰু দোকান–পোহাৰ–বজাৰ আদি হয়, তেন্তে সেই ডন্নয়ন মৰুভূমিৰ দৰেই ধূসৰ৷ বস্তুগত উন্নয়নে জীৱনক সহজ কৰিব পাৰে, কিন্তু সাংস্কৃতিক স্মৃতিয়েহে জীৱনক অর্থ আৰু মর্যাদা প্রদান কৰে৷ সেয়েহে অসমৰ সাংস্কৃতিক স্মৃতি সংৰক্ষণ কোনো আৱেগিক বিলাসিতা নহয়, ই অসমীয়া সমাজখনৰ অস্তিত্ব আৰু ভৱিষ্যতৰ প্রতি এক ঐতিহাসিক তথা অপৰিহার্য দায়িত্ব৷