উত্তৰ-পূব - নিয়মীয়া বাৰ্তা

সোনমলৈ সকাহ : জামিনত স্থগিতাদেশ নিদিলে ছুপ্ৰিম ক’ৰ্টে
ৰাজা ৰঘুবংশী হত্যা গোচৰৰ মুখ্য অভিযুক্ত সোনম ৰঘুবংশীক দিয়া জামিনৰ ওপৰত তৎক্ষণাত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি ১০ জুলাইত অনুষ্ঠিত হ’ব।

মেঘালয় চৰকাৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ সেই ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, য’ত সোনম ৰঘুবংশীক প্ৰদান কৰা জামিন বাহাল ৰখা হৈছিল। উল্লেখ্য, ২০২৫ চনৰ মে’ মাহত স্বামী ৰাজা ৰঘুবংশীৰ হানীমুনৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত সোনম।

শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয় যে সোনমে নিজৰ লগত থকা আন তিনিজন সহযোগীৰ সৈতে মিলি ৰাজা ৰঘুবংশীৰ ওপৰত আক্ৰমণ চলাই হত্যা কৰিছিল আৰু পিছত মৃতদেহ গভীৰ খাদত পেলাই দিয়ে। ঘটনাৰ পিছত তেওঁ পলায়ন কৰিছিল আৰু পিছত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰোপপত্ৰৰ উল্লেখ কৰি তুষাৰ মেহতাই কয় যে নিম্ন আদালত আৰু বিচাৰ আদালতে সোনমৰ বিৰুদ্ধে প্ৰথম দৃষ্টিতেই (prima facie) শক্তিশালী প্ৰমাণ পোৱাৰ লগতে তেওঁৰ জামিন আবেদন তিনিবাৰ নাকচ কৰিছিল। লগতে তেওঁ পলায়ন কৰিব পাৰে, সাক্ষীক প্ৰভাৱিত বা ভাবুকি দিব পাৰে আৰু প্ৰমাণ নষ্ট কৰাৰ আশংকাও ব্যক্ত কৰিছিল।

তেওঁ আদালতত এইটোও যুক্তি দাঙি ধৰে যে গ্ৰেপ্তাৰৰ সময়ত অভিযুক্তক গ্ৰেপ্তাৰৰ সকলো কাৰণ সম্পূৰ্ণভাৱে অৱগত নকৰাৰ অভিযোগ আৰু এটা আইনী ধাৰাৰ নম্বৰ টাইপ কৰাত হোৱা সামান্য ভুলৰ ভিত্তিত জামিন প্ৰদান কৰা হৈছিল। এনে ক্ষুদ্ৰ কাৰিকৰী ভুলৰ বাবে জামিন দিয়াটো উচিত নহয় বুলিও তেওঁ মত প্ৰকাশ কৰে।

কিন্তু উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে উক্ত কাৰিকৰী ভুলটো অতি গুৰুত্বপূৰ্ণ নহয়। আদালতে প্ৰথমে উচ্চ ন্যায়ালয়ৰ আদেশৰ ওপৰত স্থগিতাদেশ দিয়াৰ কথা বিবেচনা কৰিছিল যদিও পিছত জানিব পাৰে যে সোনেম ইতিমধ্যে কাৰাগাৰৰ পৰা মুক্তি পাই জামিনৰ চৰ্ত অনুসৰি শ্বিলঙতে অৱস্থান কৰি আছে। সেই পৰিস্থিতিত তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাটো আইনৰ নীতিৰ সৈতে সংগতি নাখায় বুলি মন্তব্য কৰি আদালতে তৎক্ষণাত জামিন স্থগিত কৰিবলৈ অস্বীকাৰ কৰে।

অৱশ্যে, উচ্চতম ন্যায়ালয়ে মেঘালয় উচ্চ ন্যায়ালয়ৰ জামিন বহাল ৰখা ৰায়ৰ কিছুমান দিশত আপত্তি থকাৰ কথাও উল্লেখ কৰে। ন্যায়াধীশ এম. এম. সুন্দৰেশে কয় যে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত সম্পৰ্কে আদালতৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, যিবোৰৰ ওপৰত পৰৱৰ্তী শুনানিত আলোচনা হ’ব।

উল্লেখ্য যে ২৯ জুনত মেঘালয় উচ্চ ন্যায়ালয়ে শ্বিলঙৰ আদালতে প্ৰদান কৰা জামিনৰ আদেশ বাহাল ৰাখি ৰাজ্য চৰকাৰৰ আবেদন খাৰিজ কৰিছিল। সেই আদেশত গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়াত গুৰুতৰ আইনী ত্ৰুটি থকাৰ বাবে ছোনাম ৰঘুবংশীক জামিন দিয়া হৈছিল।

ডিজিটেল ডেস্ক, ৩ জুলাই

The post সোনমলৈ সকাহ : জামিনত স্থগিতাদেশ নিদিলে ছুপ্ৰিম ক’ৰ্টে first appeared on নিয়মীয়া বাৰ্তা.

সোনমৰ জামিন বাতিলৰ দাবীত ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰস্থ মেঘালয় চৰকাৰ
ৰাজা ৰঘুবংশী হত্যা গোচৰৰ মুখ্য অভিযুক্ত সোনম ৰঘুবংশীক প্ৰদান কৰা জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে মেঘালয় চৰকাৰে।

ৰাজ্যৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিষয়টো অতি সোনকালে শুনানিৰ বাবে তালিকাভুক্ত কৰাৰ আবেদন জনায়। ইয়াৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে কয় যে মেঘালয় চৰকাৰৰ আবেদন শীঘ্ৰেই শুনানিৰ বাবে তালিকাভুক্ত কৰা হ’ব।

শুনানিৰ সময়ত তুষাৰ মেহতাই যুক্তি দাঙি ধৰে যে গ্ৰেপ্তাৰৰ সময়ত সোনম ৰঘুবংশীক আটক কৰাৰ কাৰণ সম্পূৰ্ণভাৱে অৱগত নকৰাৰ অভিযোগৰ ভিত্তিত জামিন মঞ্জুৰ কৰা হৈছিল। তেওঁৰ মতে, এই সিদ্ধান্ত মূলতঃ আইনৰ প্ৰাসংগিক ধাৰা উল্লেখ কৰাৰ ক্ষেত্ৰত হোৱা এটা সামান্য টাইপিং ভুলৰ ওপৰত ভিত্তি কৰি লোৱা হৈছিল।

ইয়াৰ উপৰি মেঘালয় চৰকাৰে আদালতত দাবী কৰে যে জামিনত মুক্ত হৈ থাকিলে সোনম ৰঘুবংশীয়ে পলায়ন কৰাৰ আশংকা আছে। সেইবাবে ৰাজা ৰঘুবংশী হত্যা গোচৰত তেওঁক দিয়া জামিন তৎক্ষণাত বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে ৰাজ্য চৰকাৰে।

ডিজিটেল ডেস্ক, ২ জুলাই

The post সোনমৰ জামিন বাতিলৰ দাবীত ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰস্থ মেঘালয় চৰকাৰ first appeared on নিয়মীয়া বাৰ্তা.

মিজোৰামৰ কলাশিবত ভয়ংকৰ পথ দুৰ্ঘটনা
মিজোৰামৰ কলাশিবত ভয়ংকৰ পথ দুৰ্ঘটনা

শ্ৰীভূমি জিলাৰ ৩জনৰ মৃত্যু

ৱাগনাৰ-ট্ৰাকৰ মাজত সংঘৰ্ষ

নিহত হৈছে খালিদ আহমদ, আশিকুৰ ৰহমান আৰু ছাদ্দাম হুছেইন

তিনিওজনৰ ঘৰ দক্ষিণ কৰিমগঞ্জৰ বিনোদিনী গাঁৱত।

ডিজিটেল ডেস্ক, ২ জুলাই

The post মিজোৰামৰ কলাশিবত ভয়ংকৰ পথ দুৰ্ঘটনা first appeared on নিয়মীয়া বাৰ্তা.

ৰাজ্যত ৫ মাহত ৭২টা ভূমিকম্প : কেৱল মে’ মাহতে ২৫টা জোকাৰণি
ডিজিটেল ডেস্ক, ৩০ জুন : প্রকৃতিৰ ৰোষত পৰাৰ দিশে অগ্রসৰ হৈছে নেকি অসম তথা সমগ্র উত্তৰ–পূর্বাঞ্চল৷ ইণ্ডিয়ান টেকট’নিক প্লেটৰ ভূ–কম্পীয় অঞ্চল ৫ৰ অন্তর্গত অসম তথা উত্তৰ–পূর্বাঞ্চলত শেহতীয়াকৈ ধাৰাসাৰ ৰূপত আহি থকা ভূমিকম্পৰ জোকাৰণিয়ে যেন এনে ইংগিতকেই বহন কৰিছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত সঘনাই খেয়ালী ৰূপ ধাৰণ কৰা প্রকৃতিৰ ৰুষ্ট ৰূপৰ প্রতিবিম্ব প্রতিফলিত কৰি সমগ্র অঞ্চলটোত ক্রমাৎ বৃদ্ধি পাইছে মজলীয়া প্রাবল্যৰ জোকাৰণি৷

চলিত বর্ষৰ প্রথম পাঁচ মাহত অসম তথা উত্তৰ–পূর্বাঞ্চলত সঘনাই আহি থকা ভূমিকম্প আৰু বতৰৰ অস্বাভাৱিক পৰিৱর্তনে আগন্তুক সময়ত অসম তথা উত্তৰ–পূর্বাঞ্চলত ভয়াৱহ দিনৰ অশনি সংকেত কঢ়িয়াই আনিছে নেকি বুলিও সর্বস্তৰৰ লোকৰ মাজত চর্চিত হৈছে৷ ৰাষ্ট্রীয় ভূ–কম্পন বিজ্ঞান কেন্দ্র (এনচিএছ)ৰ তথ্য অনুসৰি, কেৱল মে’ মাহতে অসমত ২৫টাকৈ সৰু–মজলীয়া পর্যায়ৰ ভূমিকম্প অনুভূত হৈছে৷ যিটো ভাৰতৰ যিকোনো ৰাজ্যতকৈ সর্বাধিক৷

আনহাতে, মে’ মাহত উত্তৰ–পূর্বাঞ্চল মণ্ডলত মুঠ ৬৯টা সৰু আৰু মজলীয়া আকৃতিৰ ভূমিকম্প অনুভূত হৈছে, য’ত চুবুৰীয়া অৰুণাচল প্রদেশত ১৭টা আৰু মণিপুৰত ১১টা জোকাৰণি অনুভূত হৈছে৷ চলিত বর্ষৰ জানুৱাৰীৰ পৰা মে’ মাহপর্যন্ত অসমত সর্বমুঠ ৭৩টা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে৷ ইয়াৰ ভিতৰত মে’ মাহত ২৫টা, এপ্রিল মাহত ১৬টা, মার্চ মাহত ১৪টা, ফেব্রুৱাৰী মাহত ৯টা আৰু জানুৱাৰী মাহত ৯টা ভূ–কম্পনৰ জোকাৰণি আছে৷

উল্লেখ্য যে মে’ মাহত সমগ্র ভাৰতীয় ভূখণ্ডত মুঠ ১২৫টা জোকাৰণি অনুভূত হৈছিল আৰু ইয়াৰে ৬৯টাই আছিল অসমৰ৷ এপ্রিল মাহত সমগ্র ভাৰতীয় ভূখণ্ডত মুঠ ১৩৪টা ভূ–কম্পনৰ জোকাৰণিৰ সৃষ্টি হৈছিল৷ ইয়াৰ উত্তৰ–পূব খণ্ডত ৬৩টা জোকাৰণি আছিল৷ এই মাহত অৰুণাচলত ১২টা, অসমত ১৬টা আৰু ছিকিমত ১৭টা জোকাৰণি অনুভূত হৈছিল৷ মার্চ মাহত সমগ্র ভাৰতীয় ভূ–খণ্ড মণ্ডলত মুঠ ১১২টা ভূমিকম্পৰ জোকাৰণিৰ সৃষ্টি হৈছিল৷ ইয়াৰে উত্তৰ–পূব মণ্ডলত ৬৭টা ভূ–কম্পনৰ জোকাৰণি আছিল৷ ইয়াৰ ভিতৰত ২০টা ছিকিমত, ১৪টা অসমত আৰু ১১টা অৰুণাচল প্রদেশত জোকাৰণি আছিল৷

চলিত বর্ষৰ ফেব্রুৱাৰী মাহত ভাৰতীয় ভূ–খণ্ডত মুঠ ১৩৬টা জোকাৰণিৰ বিপৰীতে উত্তৰ–পূব মণ্ডলত ১০৩টা জোকাৰণি অনুভূত হৈছিল৷ ইয়াৰ ভিতৰত অসমত ৯টা আৰু ছিকিমত সর্বাধিক ৭৪টা ভূ–কম্পনৰ জোকাৰণি অনুভূত হৈছিল৷ জানুৱাৰী মাহত ভাৰতীয় ভূ–খণ্ডত মুঠ ৬৪টা ভূ–কম্পনৰ জোকাৰণি আছিল৷ ইয়াৰ ভিতৰত ৯টা অসমত অনুভূত হোৱাৰ বিপৰীতে উত্তৰ–পূব মণ্ডলত ২৫টা ভূ–কম্পন অনুভূত হৈছিল৷ উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিৰ পৰাই অসম আৰু উত্তৰ–পূর্বাঞ্চলত সঘনভাৱে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ আহিছে৷

বছৰটোৰ আৰম্ভণিতে ৫ জানুৱাৰীত নগাঁও জিলাৰ ধিং অঞ্চলক কেন্দ্র কৰি ৫.১ৰ পৰা ৫.৩ প্রাবল্যৰ এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ এই কম্পন গুৱাহাটী, মৰিগাঁও, তেজপুৰ, মঙলদৈ, নলবাৰী, বমডিলা পর্যন্ত অনুভূত হয়৷ ইয়াৰ পিছত ২৪ জানুৱাৰীত গোৱালপাৰা–দুধনৈ অঞ্চলত ৪.১ প্রাবল্যৰ ভূমিকম্প ৰেকর্ড কৰা হয়৷ ১৬ ফেব্রুৱাৰীত ডিমা হাছাও–মাইবাঙত ৪.২ প্রাবল্যৰ ভূমিকম্প অনুভূত হয়৷ ২৭ মার্চত গোৱালপাৰা অঞ্চলত ৩.৯ প্রাবল্যৰ আৰু ১৭ এপ্রিলত তিনিচুকীয়া–ডুমডুমা অঞ্চলত ৪.৩ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ ৬ মে’ত অৰুণাচল সীমান্তত সংঘটিত ৪.৬ প্রাবল্যৰ জোকাৰণি অনুভূত হৈছিল, যাৰ প্রভাৱ সমগ্র উজনি অসমত পৰিছিল৷ ৯ মে’ত ধুবুৰীৰ বিলাসীপাৰাত ৪.৪ প্রাবল্যৰ এক ভূমিকম্প অনুভূত হয়৷ এপ্রিল মাহৰ ৭ তাৰিখে হাইলাকান্দিত ৪.৮ প্রাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয়, যাৰ প্রভাৱ পৰে নামনি অসমৰ কেইবাটাও অঞ্চলত৷ শেহতীয়াকৈ ৭ জুনত ভূটানত ৫.৮ প্রাবল্যৰ ভূমিকম্পই সমগ্র উত্তৰ–পূবক জোকাৰি যায়৷ ইয়াৰ প্রভাৱ গুৱাহাটী, গেংটক, শ্বিলং আৰু কলকাতা পর্যন্ত পৰে৷ যোৱা ১১ জুনত কাছাৰত দুটাকৈ একেলেথাৰিয়ে ভূ–কম্পন অনুভূত হয়৷ এই দুটা ভূ–কম্পনৰ প্রাবল্য আছিল ক্রমে ৪.৭ আৰু ৩.৩৷

এনেধৰণে ব্যাপক মাত্রাত উত্তৰ–পূব তথা অসমৰ ভূ–কম্পন প্লেটত সঘনাই ভূমিকম্প হৈ থকা ঘটনাই ৰাজ্যবাসীক সন্ত্রস্ত কৰাই নহয়, বিগত শতিকাকেইটাত সংঘটিত ভয়াৱহ ভূমিকম্পৰ ভয়াৱহতাক সোঁৱৰাই দিছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত কেৱল ৫ মাহতে বৃহৎসংখ্যক সৰু–মজলীয়া পর্যায়ৰ ধাৰাবাহিক ভূমিকম্পৰ জোকাৰণিয়ে ভূতত্ব বিশেষজ্ঞসকলকো উদ্বিগ্ণ কৰি তুলিছে৷

The post ৰাজ্যত ৫ মাহত ৭২টা ভূমিকম্প : কেৱল মে’ মাহতে ২৫টা জোকাৰণি first appeared on নিয়মীয়া বাৰ্তা.

চিমেন নদীত উটি গ’ল ৪জন, অৰুণাচললৈ ৰে’ল চলাচল বন্ধ
ধেমাজি জিলাত বান পৰিস্থিতিয়ে ক্ৰমাৎ অধিক জটিল ৰূপ ধাৰণ কৰিছে। সোমবাৰে চিমেনমুখত উফন্দি অহা চিমেন নদীৰ প্ৰবল সোঁতত ৪জন লোক উটি যোৱাৰ ঘটনা সংঘটিত হয়।

নদীৰ পাৰৰ লোকসকলে কৰা এক চাঞ্চল্যকৰ ভিডিঅ’ত দেখা যায়, প্ৰবল সোঁতৰ মাজত এজন লোকে জীৱন ৰক্ষাৰ বাবে সহায় বিচাৰি হাত জোকাৰি আছিল। ঘটনাৰ পিছত ৩জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চতুৰ্থজনৰ এতিয়াও কোনো সন্ধান পোৱা হোৱা নাই।

ইফালে, ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰি অঞ্চলত চিমেন নদীৰ ওপৰৰ এখন ৰে’ল দলং বাঢ়নী পানী আৰু গৰাখহনীয়াত ভাঙি পৰাত অৰুণাচল প্ৰদেশলৈ ৰে’ল চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NFR) মুখ্য জনসংযোগ বিষয়াই জনোৱা মতে, ধেমাজি আৰু ইয়াৰ আশে-পাশে ১১০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বান আৰু তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয়। ফলস্বৰূপে দলংখন ক্ষতিগ্ৰস্ত হোৱাত উক্ত পথত ৰে’ল চলাচল সাময়িকভাৱে স্থগিত ৰখা হৈছে। স্বাভাৱিক ৰে’ল সেৱা পুনৰ আৰম্ভ কৰিবলৈ যুদ্ধকালীন তৎপৰতা অব্যাহত আছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ তথ্য অনুসৰি, ৰাজ্যখনত চলিত বৰ্ষৰ প্ৰথমটো বানত এতিয়ালৈকে ৬খন জিলাৰ ২২ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

পাৰ্শ্বৱৰ্তী অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজিসহ বহু অঞ্চলত বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লৈছে।

বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত ধেমাজিলৈ গৈ বানপীড়িত লোকসকলৰ সৈতে সাক্ষাৎ কৰে আৰু পৰিস্থিতিৰ বুজ লয়।

ডিজিটেল ডেস্ক, ২৯ জুন

The post চিমেন নদীত উটি গ’ল ৪জন, অৰুণাচললৈ ৰে’ল চলাচল বন্ধ first appeared on নিয়মীয়া বাৰ্তা.

মেঘালয়ৰ অন্ধকাৰ গুহাত আৱিষ্কাৰ দুটা ক্ষুদ্র শামুকৰ প্রজাতি
ডিজিটেল ডেস্ক, নলবাৰী, ২৮ জুন : দুগৰাকী গৱেষকে মেঘালয়ৰ খাচী পাহাৰত থকা গুহাৰ পৰা দুটা সম্পূর্ণ নতুন অতি ক্ষুদ্র শামুকৰ প্রজাতিৰ সন্ধান উলিয়াইছে৷ গৱেষক দুগৰাকীৰ এগৰাকী হৈছে নলবাৰী জিলাৰ চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ নিপু কুমাৰ দাস আৰু আনগৰাকী হৈছে কর্ণাটকৰ ATREE নামৰ সংস্থানটোৰ বিজ্ঞানী ড০ নীলাভৰ অনন্তৰাম অৰবিন্দ৷

এই আৱিষ্কাৰ বিশ্ববিখ্যাত European Journal of Taxonomy নামৰ গৱেষণা গ্রন্থত প্রকাশ পাইছে৷ আৱিষ্কৃত নতুন প্রজাতি দুটাৰ নাম হৈছে Georissa meghalayaensis আৰু Acmella bensoni Georissa meghalayaensis৷ মেঘালয়ৰ বিখ্যাত Krem Puri গুহাৰ প্রৱেশদ্বাৰৰ ওচৰৰ সেমেকা শিলত এই প্রজাতি পোৱা গৈছে৷ কমলা–ৰঙা আৰু জালৰ দৰে সূক্ষ্ম খোলৰ গঠনে ইয়াক আন সকলো সমগোত্রীয় শামুকৰ পৰা পৃথক কৰিছে৷ মেঘালয়তে এতিয়ালৈকে এই প্রজাতিটো পোৱা গৈছে বাবে ৰাজ্যখনৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে৷

আনহাতে, Acmella bensoni আৱিষ্কাৰ কৰা হয় Krem Puri আৰু Arwah গুহাৰ ভিতৰৰ আর্দ্র শিলৰ দেৱালত৷ মাত্র কেইমিলিমিটাৰ আকাৰৰ এই শামুকটোৰ খোল বগা, সামান্য স্বচ্ছ আৰু অতি সূক্ষ্ম গঠনৰ৷ ভাৰতত শামুকৰ গৱেষণা কৰা বিজ্ঞানী William Henry Bensonৰ স্মৃতিত এই নতুন প্রজাতিটোৰ নাম bensoni ৰখা হৈছে৷

গৱেষকসকলৰ মতে, কেৱল মেঘালয়তেই ১,২০০তকৈ অধিক চূণশিলৰ গুহা আছে৷ এই গুহাবোৰ ক্ষুদ্র শামুক, কীট–পতংগ, কেঁকোৰা আৰু বহু নজনা জীৱৰ আশ্রয়স্থলী৷ কিন্তু এতিয়াও এই গুহাবোৰৰ জীৱ–বৈচিত্র্যৰ বৃহৎ অংশ বৈজ্ঞানিকভাৱে আৱিষ্কাৰ হ’বলৈ বাকী আছে৷ এই গৱেষণাৰ সময়ত মণিপুৰ আৰু মিজোৰামৰ পৰাও কেইবাটাও ক্ষুদ্র শামুকৰ নতুন আঞ্চলিক উপস্থিতিৰ তথ্য লিপিবদ্ধ কৰা হৈছে৷

ইপিনে, এই সন্দর্ভত গৱেষক ড০ নিপু কুমাৰ দাসে কয়– ‘গুহাৰ ভিতৰত লুকাই থকা এই ক্ষুদ্র জীৱবোৰ দেখিবলৈ সহজ নহয়৷ কিন্তু এইবোৰে পৃথিৱীৰ বিৱর্তন, জীৱ–বৈচিত্র্য আৰু সংৰক্ষণ বিজ্ঞানৰ বহু নজনা তথ্য বহন কৰি আছে৷ উত্তৰ–পূর্বাঞ্চলৰ গুহাবোৰত এতিয়াও বহু নতুন প্রজাতি আৱিষ্কাৰৰ সম্ভাৱনা আছে৷’ গৱেষকসকলে লগতে সতর্ক কৰি দিছে যে নিয়ন্ত্রণহীন গুহা পর্যটন, চূণশিল পাহাৰৰ খনন আৰু বাসস্থান ধ্বংসৰ ফলত এনে অতি সীমিত বিস্তৃতি থকা জীৱসমূহ সহজেই বিলুপ্তিৰ পথলৈ যাব পাৰে৷ সেয়েহে এই গুহাসমূহক কেৱল পর্যটনৰ স্থান হিচাপে নহয়, এক অনন্য জীৱ–বৈচিত্র্যৰ ভঁৰাল হিচাপে সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ গৱেষকসকলে জনায়৷

The post মেঘালয়ৰ অন্ধকাৰ গুহাত আৱিষ্কাৰ দুটা ক্ষুদ্র শামুকৰ প্রজাতি first appeared on নিয়মীয়া বাৰ্তা.

তিনিচুকীয়াত ২ আলফা সদস্য আটক
তিনিচুকীয়া আৰক্ষীয়ে এক গোপন তথ্যৰ আধাৰত অভিযান চলাই জিলাখনৰ সীমান্তবৰ্ত্তী জাগুন অঞ্চলৰ পৰা আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্য চিয়ৰ অসম আৰু মনোজ অসমক আটক কৰে৷

আৰক্ষীয়ে সদস্যকেইজনৰ পৰা দুটা AK 56 ৰাইফ, ৬টা মেগজিন, 172 জাঁই সক্ৰিয় গুলী, দুটা গ্ৰেনেড, দৰবকে ধৰি বহু সামগ্ৰী আৰু অৰুণাচলৰ জয়ৰামপুৰৰ পৰা লৈ অহা এখন চুইফট গাড়ী উদ্ধাৰ কৰে৷

ম্যানমাৰৰ গভীৰ জংঘলত থকা 779 শিবিৰ ভাৰতীয় সেনাই ড্ৰোন আক্ৰমণেৰে তচনচ কৰি দিয়াৰ সময়ত এই দুই সদস্য পলায়ন কৰিছিল৷

বৰ্ত্তমানে মাৰাথন জেৰা অব্যাহত ৰখা দুই আলফা সদস্যৰ আগমনৰ উদেশ্য কি আছিল এই লৈ নিৰাপত্তা বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ২৭ জুন

The post তিনিচুকীয়াত ২ আলফা সদস্য আটক first appeared on নিয়মীয়া বাৰ্তা.

অৰুণাচলত ভূমিস্খলন, আকস্মিক বানৰ তাণ্ডৱ
অসমকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ অব্যাহত আছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেয়ি পানিয়ৰ জিলাৰ পুছাস্থিত NEEPCO প্ৰকল্প এলেকাত প্ৰবল বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু একাধিক ভূমিস্খলনে ব্যাপক ক্ষতি কৰিছে।

বুধবাৰেও উদ্ধাৰ আৰু সাহায্য অভিযান ব্যাহত হৈ থাকে। প্ৰশাসনে জনোৱা অনুসৰি এই বানত  বৰ্তমানলৈকে তিনিজন লোক নিখোজ হোৱাৰ উপৰি ১৮টা আৱাসিক গৃহ ক্ষতিগ্ৰস্ত হৈছে।

জানিব পৰা মতে, ২৩ আৰু ২৪ জুনত হোৱা মুষলধাৰ বৰষুণৰ ফলত ইয়াজালি চাৰ্কলৰ অন্তৰ্গত NEEPCO প্ৰকল্পৰ সমীপৱৰ্তী নিম্নাঞ্চলসমূহত আকস্মিক বানপানীৰ সৃষ্টি হয়। এই দুৰ্যোগত কমেও ১৮টা আবাসিক কোৱাৰ্টাৰ ক্ষতিগ্ৰস্ত হয় আৰু নিৰ্মাণাধীন এখন ৰিটেইনিং ৱাল (সংৰক্ষণ প্ৰাচীৰ) উটি যায়।

কেয়ি পানিয়ৰ জিলাৰ উপায়ুক্ত শ্বেতা নাগৰকোটি মেহতাই জনোৱা মতে, একাধিক স্থানত ভূমিস্খলন হোৱাত প্ৰভাৱিত এলেকাটোলৈ ইয়াজালি আৰু হোজ-পোটিন দুয়োফালৰ পৰাই যাতায়াত সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

পোটিন আৰু পুছাৰ মাজত আৱদ্ধ হৈ থকা এজন ভূতত্ত্ববিদক উদ্ধাৰৰ চেষ্টা অব্যাহত আছে।প্ৰথমতে এগৰাকী মহিলাৰ নিখোজ হোৱাৰ খবৰ পোৱা গৈছিল যদিও শেহতীয়া তথ্য অনুসৰি বৰ্তমান তিনিজন লোকৰ কোনো সন্ধান পোৱা হোৱা নাই।

অৱশ্যে এতিয়াও কোনো লোকৰ মৃত্যুৰ আনুষ্ঠানিক নিশ্চিতকৰণ দিব পৰা  নাই। প্ৰকল্পস্থলীৰ হেলিপেড ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পথ-যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰাত উদ্ধাৰ অভিযান গুৰুতৰভাৱে ব্যাহত হৈছে।

উপায়ুক্তকে ধৰি জ্যেষ্ঠ বিষয়াসকল এতিয়াও ঘটনাস্থলীলৈ যাব পৰা নাই। অতিৰিক্ত উপায়ুক্ত, আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF)-ৰ দলসমূহে খোজকাঢ়ি প্ৰভাৱিত এলেকালৈ যাবলৈ চেষ্টা চলাই আছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF)-য়ো একাধিক স্থানত পথ বন্ধ হৈ থকাৰ বাবে ঘটনাস্থলীলৈ যাব পৰা নাই। বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এখন সৰু দলং দুৰ্বল হৈ পৰিছে আৰু যানবাহনৰ চলাচলৰ ফলত ই ভাঙি পৰাৰ আশংকা দেখা দিছে।

আনহাতে, সাগালীমুখী বিকল্প পথটোও কেইবাটাও স্থানত ক্ষতিগ্ৰস্ত হৈছে। ইফালে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে NEEPCO-য়ে সাময়িকভাৱে নিজৰ শক্তিকেন্দ্ৰ (পাৱাৰহাউচ) বন্ধ কৰি দিছে আৰু বান্ধৰ পৰা নিয়ন্ত্ৰিতভাৱে পানী এৰি দিছে। বতৰ অনুকূল হ’লেই পথ মেৰামতি, উদ্ধাৰ, সাহায্য আৰু পুনৰ্স্থাপন কাৰ্যত অধিক গতি অনা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে।

নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ২৪ জুন

The post অৰুণাচলত ভূমিস্খলন, আকস্মিক বানৰ তাণ্ডৱ first appeared on নিয়মীয়া বাৰ্তা.

পেট্র’–পণ্যৰ দাম বৃদ্ধি : ১৫% পর্যন্ত বাঢ়িল পর্যটন বাহনৰ ভাৰা
যাত্রীবাহী বাহনৰ ভাৰা ৭০ শতাংশপর্যন্ত বৃদ্ধি হোৱাৰ পিছত শীঘ্রেই বৃদ্ধি পাব পর্যটন বাহনৰ ভাৰাও৷ অহা ১ ছেপ্টেম্বৰৰ পৰা বৃদ্ধি হ’ব পর্যটন বাহনৰ ভাৰা৷ ১০ শতাংশৰ পৰা ১৫ শতাংশপর্যন্ত পর্যটন বাহনৰ ভাৰা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷

ইয়াৰ পৰিণতিত ৰাজ্যৰ লগতে দেশ–বিদেশৰ পর্যটকসকলে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ পৰিভ্রমণ কৰিবলৈ বর্তমানৰ ভাৰাতকৈ অধিক ধন ভৰিব লাগিব৷ দেশজুৰি পেট্র’–পণ্যৰ দাম বৃদ্ধিৰ কাৰণে অসম পর্যটন পৰিবহণ সন্থাই তেওঁলোকৰ অধীনৰ পর্যটন পৰিবহণৰ লগত জড়িত বাহনসমূহৰ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

যোৱা ১১ জুন আৰু ১৩ জুনত অসম পর্যটন পৰিবহণ সন্থাৰ সাধাৰণ সভাত এই সন্দর্ভত বিস্তৃত আলোচনাৰ অন্তত পেট্র’ল–ডিজেলজাত সামগ্রীৰ দাম বৃদ্ধিৰ লগতে বাহনৰ লগত জড়িত অন্যান্য বিষয়ত খৰচ বৃদ্ধিৰ বাবে পর্যটন বাহনৰ ভাৰাৰ তালিকাত পুনৰীক্ষণ কৰি সংশোধন কৰে৷

সেই অনুসৰি পৰিবহণৰ লগত জড়িত বিভিন্ন বাহনৰ সংশোধিত ভাৰা প্রকাশ কৰা হয়৷ উল্লেখ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাই ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ অহা ১ জুলাইৰ পৰা তেওঁলোকৰ এই নতুন বাছ ভাৰা কার্যকৰী হ’ব৷

এই অনুসৰি নূ্যনতম বাছ ভাৰা হ’ব ২০ টকা৷ মুখ্যতঃ নামনি অসমৰ সকলো জিলা বাছ সন্থাই এই নতুন বাছ ভাৰা লোৱা হ’ব বুলি ঘোষণা কৰে৷ উল্লেখ্য যে ৰাজ্যত পৰিবহণ খণ্ডত ভাৰা বৃদ্ধিৰ বাবে দাবী জনাই সদৌ অসম মটৰ পৰিবহণ সন্থাই দুই জুনত অসম চৰকাৰৰ পৰিবহণ আয়ুক্তলৈ এক পত্র প্রেৰণ কৰি আলোচনাৰ বাবে আহ্বান জনাইছিল৷

কিন্তু পৰিবহণ বিভাগে অদ্যাপি বিষয়টোক লৈ নিমাতে থকাত নামনি অসমৰ বাছ সন্থাই এক জুলাইৰ পৰা ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লয়৷ মূলতঃ ২০১৯ চনৰ ভাৰাৰ ওপৰত ৭০ শতাংশ ভাৰা বৃদ্ধিৰ প্রস্তাৱ কৰিছিল সদৌ অসম মটৰ পৰিবহণ সন্থাই৷ এতিয়া মটৰ পৰিবহণ সন্থাসমূহে নিজাববীয়াকৈ পৰিবহণৰ ভাৰা বৃদ্ধি কৰাত সর্বসাধাৰণ লোকৰ ওপৰত যে মাধমাৰ পৰিব, সি নিশ্চিত৷

ডিজিটেল ডেস্ক, ১৬ জুন

The post পেট্র’–পণ্যৰ দাম বৃদ্ধি : ১৫% পর্যন্ত বাঢ়িল পর্যটন বাহনৰ ভাৰা first appeared on নিয়মীয়া বাৰ্তা.

শিলিগুৰি–শিলচৰলৈ হ’ব এক্সপ্রেছ হাইৱে’, মুখ্যমন্ত্রীৰ বৃহৎ ঘোষণা
অৰুণোদয়, নিযুত মইনা, জীৱন প্রেৰণা আদিকে ধৰি ইতিমধ্যে বন্ধ হৈ থকা ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনি অতি সোনকালে পুনৰ আৰম্ভ কৰা হ’ব৷ অহা আগষ্ট মাহৰ প্রথম সপ্তাহৰ পৰাই এই আঁচনিসমূহৰ অধীনত ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে তেওঁলোকৰ প্রাপ্যসমূহ নিয়মীয়াকৈ লাভ কৰিব৷

২–৩ আগষ্টৰ পৰাই অৰুণোদয়ৰ হিতাধিকাৰীসকলে ১,২৫০ টকা নিয়মীয়াকৈ লাভ কৰিব৷ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সামাজিক মাধ্যম ফেচবুকযোগে মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে যে অহা ৬ জুলাইৰ পৰা আৰম্ভ হ’বলগা পূর্ণাংগ বাজেট গ্রহণ কৰাৰ পিছৰে পৰাই ৰাজ্যৰ হিতাধিকাৰীসকলে অৰুণোদয়, নিযুত মইনা, বাবু মইনা, জীৱন প্রেৰণা, অন্ন সুৰক্ষা যোজনা আদি আঁচনিৰ সুবিধাসমূহ লাভ কৰিব৷

সামাজিক মাধ্যমত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অহা ৬ জুলাইৰ পৰাই অসম বিধানসভাৰ পূর্ণাংগ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব আৰু ৰাজ্য চৰকাৰে পূর্ণাংগ বাজেট গ্রহণ কৰিব৷ আইমাতৃ হিতাধিকাৰীসকলে যোৱা মাহটোত পূর্ণাংগ বাজেট গ্রহণ নোহোৱাৰ বাবে বিভিন্ন উন্নয়নমূলক কামত জড়িত হ’ব পৰা নাই৷

কাৰণ ৰাজ্য চৰকাৰৰ ভোট অৱ একাউণ্টছৰ বাজেটৰ বাবেই এনে কাম কৰিব পৰা হোৱা নাই৷ জুলাই মাহত পূর্ণাংগ বাজেট গ্রহণ কৰাৰ লগে লগে আগষ্ট মাহৰ প্রথম সপ্তাহৰ পৰা বা ২–৩ আগষ্টৰ পৰাই হিতাধিকাৰীসকলে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব৷

হিতাধিকাৰীসকলে এই লৈ কোনোধৰণৰ চিন্তা কৰিব নালাগে৷ তাৰ উপৰি চেনি–দাইল–নিমখ আদিকে ধৰি সামগ্রী প্রদান কৰা আঁচনি অন্ন সুৰক্ষা যোজনাও অহা আগষ্ট মাহৰ পৰাই আৰম্ভ হ’ব৷

হিতাধিকাৰীসকললৈ আশাৰ বতৰা দি মুখ্যমন্ত্রীগৰাকীয়ে অন্ন সুৰক্ষা যোজনা নতুন ৰূপত হিতাধিকাৰীসকলে লাভ কৰিব বুলি উল্লেখ কৰি আগন্তুক পূর্ণাংগ বাজেটত হিতাধিকাৰীসকলে ইয়াৰ বিষয়ে সবিশেষ গম পাব বুলি স্পষ্ট কৰে৷

তেওঁ কয় যে নিযুত মইনা, নিযুত বাবু, জীৱন প্রেৰণা এই গোটেই আঁচনিসমূহ আগষ্ট মাহৰ পৰাই আৰম্ভ হ’ব৷ এই সমগ্র আঁচনি আগষ্ট মাহৰ পৰা হিতাধিকাৰীসকলে নিৰৱচ্ছিন্নভাৱে পাই থাকিব৷

অসমৰ বিকাশ আৰু উন্নয়নৰ নতুন ধাৰাৰ সূচনা কৰা কেতবোৰ আঁচনি আৰু যোজনাৰ কথাও মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমযোগে আজি সদৰী কৰে৷ নতুন চৰকাৰখনে অসমৰ বাবে বহুকেইটা বৃহৎ বৃহৎ প্রকল্প আৰু আঁচনি লৈ ৰাজ্যবাসীৰ আশা পূৰণৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই প্রকল্পসমূহৰ ভিতৰত ইতিমধ্যে গুৱাহাটী ৰিং ৰোডৰ নির্মাণকার্য আৰম্ভ হৈছে৷

কাজিৰঙা এলিভেটেড কৰিড’ৰৰ নিবিদাৰ কামো ইতিমধ্যে আৰম্ভ হৈছে৷ অহা এমাহৰ ভিতৰত নুমলীগড়–গহপুৰৰ্ মাজৰ সুৰংগ পথ অহা জুলাই মাহৰ ভিতৰতে প্রায় ১৮ হাজাৰ কোটি টকাৰে নিবিদা প্রক্রিয়াৰ কাম আৰম্ভ হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে অসমৰ ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনি সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে তেওঁ নতুন দিল্লীত থকা সময়ছোৱাত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰিক সাক্ষাৎ কৰিছিল৷

সেই সাক্ষাতৰ সময়ছোৱাত দুয়োগৰাকী ৰাষ্ট্রনেতাই অসমৰ বাবে তিনিখন আঁচনি তৎপৰতাৰে অনুমোদন দিয়াৰ প্রতিশ্রুতি দিছে৷ ইয়াৰ প্রথমখন আঁচনি হ’ল– বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ চাৰিলেনযুক্ত পথ নির্মাণ৷

এই দাবী দৰং–বাইহাটা চাৰিআলিবাসী ৰাইজৰ দাবী আছিল৷ ইয়াৰ ফলত তেজপুৰৰ দিশৰ পৰা ই বাইহাটা চাৰিআলিত পোনে পোনে ৰিং ৰোডত লগ লাগিব৷ দ্বিতীয়খন নতুন আঁচনি অনুসৰি গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা গড়ল–ধাৰাপুৰ–গুৱা বিশ্ববিদ্যালয় এই ১০–১২ কিলোমিটাৰ পথত এটা এলিভেটেড কৰিড’ৰ বা এখন উৰণ সেতু নির্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷

ইয়াৰ ফলত বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ মাত্র ৭–৮ মিনিটত দূৰত্ব অতিক্রম কৰিব পৰা যাব৷ এই আঁচনিখনো অহা কেইমাহমানৰ ভিতৰতে অনুমোদন কৰা হ’ব বুলি কেন্দ্রীয় চৰকাৰে অৱগত কৰিছে৷ তৃতীয়তে, শিলিগুৰিৰ পৰা শিলচৰলৈকে এটা এক্সপ্রেছ হাইৱে’ নির্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷

ইতিমধ্যে প্রথম পর্যায়ত শিলচৰৰ পৰা বৰাপানীলৈ ২৫ হাজাৰ কোটি টকাৰ এখন আঁচনিৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শিলচৰত আধাৰশিলা স্থাপন কৰিছে৷ এতিয়া দ্বিতীয় পর্যায়ত বৰাপানীৰ পৰা গুৱাহাটীলৈ থকা পথৰ অনুমোদন হ’ব৷ তৃতীয় পর্যায়ত গুৱাহাটীৰ পৰা শ্রীৰামপুৰলৈ আৰু চতুর্থ পর্যায়ত শ্রীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক সংযোগ কৰা হ’ব৷

এই আঁচনিখন অহা ৫ বছৰীয়া কার্যকালত সমাপ্ত কৰাৰ আশা কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমত চলি থকা আন কেইবাটাও অভিলাষী প্রকল্প তথা আঁচনিৰ কথা সামাজিক মাধ্যমত সদৰী কৰে৷ সেই অনুসৰি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্রেছ হাইৱে’ নির্মাণৰ প্রচেষ্টা চলি আছে বুলি সদৰী কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

তাৰ উপৰি ডিব্রুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নির্মাণ কৰা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ডিব্রুগড়ৰ উন্নয়নৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ কেবিনেটে ৫০০ কোটি টকাৰ অনুমোদন দিছে৷ ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকনক দ্বিতীয় ৰাজধানী উন্নয়ন প্রাধিকৰণৰ দায়িত্ব দি ইয়াক চোৱাচিতা কৰিবৰ বাবে আৰু ডিব্রুগড়খনক নতুনকৈ পুনঃনির্মাণৰ কাৰণে দায়িত্ব দিয়া হৈছে৷

তাৰ উপৰি শিলচৰত এটা নতুন বিমানবন্দৰ নির্মাণৰ অনুমোদনৰ চেষ্টা কৰা হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে ধুবুৰীৰ ৰূপসী বিমানবন্দৰত এটা ডাঙৰ ল’জিষ্টিক হাব নির্মাণ কৰাৰ কথা চিন্তা কৰা হৈছে বুলি সদৰী কৰে৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে যে অসমৰ উন্নয়নৰ কাৰণে নির্বাচনৰ সময়ত আমি বহু উন্নয়নমূলক কামৰ প্রতিশ্রুতি দিছিলোঁ৷

তাৰ ভিতৰত প্রতিখন জিলাতে বিশ্ববিদ্যালয়, মেডিকেল কলেজ, অভিযান্ত্রিক কলেজ নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিলোঁ৷ এই প্রচেষ্টাৰ অংশ হিচাপে প্রতিখন জিলাতে বিশ্ববিদ্যালয়, মেডিকেল কলেজ, অভিযান্ত্রিক কলেজ স্থাপন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু আমি ইতিমধ্যে ইয়াৰ অংশ হিচাপে হাইলাকান্দি, হোজাই, বজালী আৰু গোৱালপাৰাত নতুনকৈ চাৰিখন মেডিকেল কলেজ বিভিন্ন পর্যায়ত নির্মাণৰ কাম আৰম্ভ কৰিছে৷

মুখ্যমন্ত্রীগৰাকীয়ে আৰু সদৰী কৰে যে অনাগত ৫ বছৰত অসমখন সর্বাংগসুন্দৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰ দায়বদ্ধ৷ ইয়াৰ অংশ হিচাপে বহু দিন বন্ধ হৈ থকা কামাখ্যা কৰিড’ৰৰ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ নির্বাচনৰ সময়ত প্রতিশ্রুতি দিয়া হৈছিল যে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে ২ লাখ চাকৰি প্রদান কৰা হ’ব৷

পূর্বে আমি ১ লাখ নিবনুৱাক নিযুক্তি প্রদান কৰিলোঁ৷ এতিয়া ২ লাখ চাকৰি প্রদানৰ বাবে ৰাজ্য চৰকাৰে বিভাগসমূহত খালী হৈ থকা পদৰ লগতে নতুনকৈ পদ সৃষ্টি কৰিব পাৰি নেকি এই বিষয়বোৰ চিন্তা–চর্চা কৰি আগবাঢ়িছোঁ৷

নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি আমাৰ বাবে কেৱল নির্বাচনী প্রতিশ্রুতি নহয়, ই অসমখনক উন্নয়নৰ মন্ত্রৰে বিকাশৰ পথলৈ লৈ যোৱাৰ আমাৰ পৱিত্র কর্তব্য আৰু দায়িত্ব৷ অসমৰ সংস্কৃতি, অসমৰ পৰিচয়– এই গোটেইবোৰ আমাৰ বাবে ৰাজনৈতিক শ্লোগান নহয়৷

অসমৰ পৰিচয়, অসমৰ সংস্কৃতি, অসমৰ ভূমি ৰক্ষণাবেক্ষণ এই গোটেই সিদ্ধান্ত বা আদর্শ ৰাজনীতি বা নির্বাচনৰ সময়ত হোৱা আদর্শ নহয়, ই আমাৰ এক কর্মযজ্ঞ৷ অসমত মূল্য বৃদ্ধিৰ প্রসংগটো মুখ্যমন্ত্রীগৰাকীয়ে ফেচবুকযোগে প্রতিক্রিয়া প্রকাশ কৰে৷

তেওঁ কয় যে পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে বিশ্বজুৰি ইন্ধনজাত সামগ্রীৰ সংকট হৈছে আৰু ইয়াৰ ফলত সমগ্র বিশ্বৰ লগতে ভাৰত আৰু অসমতো ইয়াৰ প্রভাৱ পৰিছে৷ যুদ্ধ পৰিস্থিতিৰ অন্ত পৰিলেই ৰাজ্যত পেট্র’ল–ডিজেলৰ মূল্য হ্রাস পাব বুলি আশা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

ডিজিটেল ডেস্ক, ১৫ জুন

The post শিলিগুৰি–শিলচৰলৈ হ’ব এক্সপ্রেছ হাইৱে’, মুখ্যমন্ত্রীৰ বৃহৎ ঘোষণা first appeared on নিয়মীয়া বাৰ্তা.