নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত ২ আলফা সদস্য আটক

তিনিচুকীয়া আৰক্ষীয়ে এক গোপন তথ্যৰ আধাৰত অভিযান চলাই জিলাখনৰ সীমান্তবৰ্ত্তী জাগুন অঞ্চলৰ পৰা আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্য চিয়ৰ অসম আৰু মনোজ অসমক আটক কৰে৷

আৰক্ষীয়ে সদস্যকেইজনৰ পৰা দুটা AK 56 ৰাইফ, ৬টা মেগজিন, 172 জাঁই সক্ৰিয় গুলী, দুটা গ্ৰেনেড, দৰবকে ধৰি বহু সামগ্ৰী আৰু অৰুণাচলৰ জয়ৰামপুৰৰ পৰা লৈ অহা এখন চুইফট গাড়ী উদ্ধাৰ কৰে৷

ম্যানমাৰৰ গভীৰ জংঘলত থকা 779 শিবিৰ ভাৰতীয় সেনাই ড্ৰোন আক্ৰমণেৰে তচনচ কৰি দিয়াৰ সময়ত এই দুই সদস্য পলায়ন কৰিছিল৷

বৰ্ত্তমানে মাৰাথন জেৰা অব্যাহত ৰখা দুই আলফা সদস্যৰ আগমনৰ উদেশ্য কি আছিল এই লৈ নিৰাপত্তা বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ২৭ জুন

You might also like