নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোনমৰ জামিন বাতিলৰ দাবীত ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰস্থ মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যা গোচৰৰ মুখ্য অভিযুক্ত সোনম ৰঘুবংশীক প্ৰদান কৰা জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে মেঘালয় চৰকাৰে।

ৰাজ্যৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিষয়টো অতি সোনকালে শুনানিৰ বাবে তালিকাভুক্ত কৰাৰ আবেদন জনায়। ইয়াৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে কয় যে মেঘালয় চৰকাৰৰ আবেদন শীঘ্ৰেই শুনানিৰ বাবে তালিকাভুক্ত কৰা হ’ব।

শুনানিৰ সময়ত তুষাৰ মেহতাই যুক্তি দাঙি ধৰে যে গ্ৰেপ্তাৰৰ সময়ত সোনম ৰঘুবংশীক আটক কৰাৰ কাৰণ সম্পূৰ্ণভাৱে অৱগত নকৰাৰ অভিযোগৰ ভিত্তিত জামিন মঞ্জুৰ কৰা হৈছিল। তেওঁৰ মতে, এই সিদ্ধান্ত মূলতঃ আইনৰ প্ৰাসংগিক ধাৰা উল্লেখ কৰাৰ ক্ষেত্ৰত হোৱা এটা সামান্য টাইপিং ভুলৰ ওপৰত ভিত্তি কৰি লোৱা হৈছিল।

ইয়াৰ উপৰি মেঘালয় চৰকাৰে আদালতত দাবী কৰে যে জামিনত মুক্ত হৈ থাকিলে সোনম ৰঘুবংশীয়ে পলায়ন কৰাৰ আশংকা আছে। সেইবাবে ৰাজা ৰঘুবংশী হত্যা গোচৰত তেওঁক দিয়া জামিন তৎক্ষণাত বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে ৰাজ্য চৰকাৰে।

ডিজিটেল ডেস্ক, ২ জুলাই

You might also like