যাত্রীবাহী বাহনৰ ভাৰা ৭০ শতাংশপর্যন্ত বৃদ্ধি হোৱাৰ পিছত শীঘ্রেই বৃদ্ধি পাব পর্যটন বাহনৰ ভাৰাও৷ অহা ১ ছেপ্টেম্বৰৰ পৰা বৃদ্ধি হ’ব পর্যটন বাহনৰ ভাৰা৷ ১০ শতাংশৰ পৰা ১৫ শতাংশপর্যন্ত পর্যটন বাহনৰ ভাৰা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷
ইয়াৰ পৰিণতিত ৰাজ্যৰ লগতে দেশ–বিদেশৰ পর্যটকসকলে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ পৰিভ্রমণ কৰিবলৈ বর্তমানৰ ভাৰাতকৈ অধিক ধন ভৰিব লাগিব৷ দেশজুৰি পেট্র’–পণ্যৰ দাম বৃদ্ধিৰ কাৰণে অসম পর্যটন পৰিবহণ সন্থাই তেওঁলোকৰ অধীনৰ পর্যটন পৰিবহণৰ লগত জড়িত বাহনসমূহৰ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
যোৱা ১১ জুন আৰু ১৩ জুনত অসম পর্যটন পৰিবহণ সন্থাৰ সাধাৰণ সভাত এই সন্দর্ভত বিস্তৃত আলোচনাৰ অন্তত পেট্র’ল–ডিজেলজাত সামগ্রীৰ দাম বৃদ্ধিৰ লগতে বাহনৰ লগত জড়িত অন্যান্য বিষয়ত খৰচ বৃদ্ধিৰ বাবে পর্যটন বাহনৰ ভাৰাৰ তালিকাত পুনৰীক্ষণ কৰি সংশোধন কৰে৷
সেই অনুসৰি পৰিবহণৰ লগত জড়িত বিভিন্ন বাহনৰ সংশোধিত ভাৰা প্রকাশ কৰা হয়৷ উল্লেখ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাই ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ অহা ১ জুলাইৰ পৰা তেওঁলোকৰ এই নতুন বাছ ভাৰা কার্যকৰী হ’ব৷
এই অনুসৰি নূ্যনতম বাছ ভাৰা হ’ব ২০ টকা৷ মুখ্যতঃ নামনি অসমৰ সকলো জিলা বাছ সন্থাই এই নতুন বাছ ভাৰা লোৱা হ’ব বুলি ঘোষণা কৰে৷ উল্লেখ্য যে ৰাজ্যত পৰিবহণ খণ্ডত ভাৰা বৃদ্ধিৰ বাবে দাবী জনাই সদৌ অসম মটৰ পৰিবহণ সন্থাই দুই জুনত অসম চৰকাৰৰ পৰিবহণ আয়ুক্তলৈ এক পত্র প্রেৰণ কৰি আলোচনাৰ বাবে আহ্বান জনাইছিল৷
কিন্তু পৰিবহণ বিভাগে অদ্যাপি বিষয়টোক লৈ নিমাতে থকাত নামনি অসমৰ বাছ সন্থাই এক জুলাইৰ পৰা ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লয়৷ মূলতঃ ২০১৯ চনৰ ভাৰাৰ ওপৰত ৭০ শতাংশ ভাৰা বৃদ্ধিৰ প্রস্তাৱ কৰিছিল সদৌ অসম মটৰ পৰিবহণ সন্থাই৷ এতিয়া মটৰ পৰিবহণ সন্থাসমূহে নিজাববীয়াকৈ পৰিবহণৰ ভাৰা বৃদ্ধি কৰাত সর্বসাধাৰণ লোকৰ ওপৰত যে মাধমাৰ পৰিব, সি নিশ্চিত৷
ডিজিটেল ডেস্ক, ১৬ জুন