নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন নদীত উটি গ’ল ৪জন, অৰুণাচললৈ ৰে’ল চলাচল বন্ধ

ধেমাজি জিলাত বান পৰিস্থিতিয়ে ক্ৰমাৎ অধিক জটিল ৰূপ ধাৰণ কৰিছে। সোমবাৰে চিমেনমুখত উফন্দি অহা চিমেন নদীৰ প্ৰবল সোঁতত ৪জন লোক উটি যোৱাৰ ঘটনা সংঘটিত হয়।

নদীৰ পাৰৰ লোকসকলে কৰা এক চাঞ্চল্যকৰ ভিডিঅ’ত দেখা যায়, প্ৰবল সোঁতৰ মাজত এজন লোকে জীৱন ৰক্ষাৰ বাবে সহায় বিচাৰি হাত জোকাৰি আছিল। ঘটনাৰ পিছত ৩জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চতুৰ্থজনৰ এতিয়াও কোনো সন্ধান পোৱা হোৱা নাই।

ইফালে, ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰি অঞ্চলত চিমেন নদীৰ ওপৰৰ এখন ৰে’ল দলং বাঢ়নী পানী আৰু গৰাখহনীয়াত ভাঙি পৰাত অৰুণাচল প্ৰদেশলৈ ৰে’ল চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NFR) মুখ্য জনসংযোগ বিষয়াই জনোৱা মতে, ধেমাজি আৰু ইয়াৰ আশে-পাশে ১১০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বান আৰু তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয়। ফলস্বৰূপে দলংখন ক্ষতিগ্ৰস্ত হোৱাত উক্ত পথত ৰে’ল চলাচল সাময়িকভাৱে স্থগিত ৰখা হৈছে। স্বাভাৱিক ৰে’ল সেৱা পুনৰ আৰম্ভ কৰিবলৈ যুদ্ধকালীন তৎপৰতা অব্যাহত আছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ তথ্য অনুসৰি, ৰাজ্যখনত চলিত বৰ্ষৰ প্ৰথমটো বানত এতিয়ালৈকে ৬খন জিলাৰ ২২ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

পাৰ্শ্বৱৰ্তী অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজিসহ বহু অঞ্চলত বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লৈছে।

বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত ধেমাজিলৈ গৈ বানপীড়িত লোকসকলৰ সৈতে সাক্ষাৎ কৰে আৰু পৰিস্থিতিৰ বুজ লয়।

ডিজিটেল ডেস্ক, ২৯ জুন

You might also like