নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৫ মাহত ৭২টা ভূমিকম্প : কেৱল মে’ মাহতে ২৫টা জোকাৰণি

ডিজিটেল ডেস্ক, ৩০ জুন : প্রকৃতিৰ ৰোষত পৰাৰ দিশে অগ্রসৰ হৈছে নেকি অসম তথা সমগ্র উত্তৰ–পূর্বাঞ্চল৷ ইণ্ডিয়ান টেকট’নিক প্লেটৰ ভূ–কম্পীয় অঞ্চল ৫ৰ অন্তর্গত অসম তথা উত্তৰ–পূর্বাঞ্চলত শেহতীয়াকৈ ধাৰাসাৰ ৰূপত আহি থকা ভূমিকম্পৰ জোকাৰণিয়ে যেন এনে ইংগিতকেই বহন কৰিছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত সঘনাই খেয়ালী ৰূপ ধাৰণ কৰা প্রকৃতিৰ ৰুষ্ট ৰূপৰ প্রতিবিম্ব প্রতিফলিত কৰি সমগ্র অঞ্চলটোত ক্রমাৎ বৃদ্ধি পাইছে মজলীয়া প্রাবল্যৰ জোকাৰণি৷

চলিত বর্ষৰ প্রথম পাঁচ মাহত অসম তথা উত্তৰ–পূর্বাঞ্চলত সঘনাই আহি থকা ভূমিকম্প আৰু বতৰৰ অস্বাভাৱিক পৰিৱর্তনে আগন্তুক সময়ত অসম তথা উত্তৰ–পূর্বাঞ্চলত ভয়াৱহ দিনৰ অশনি সংকেত কঢ়িয়াই আনিছে নেকি বুলিও সর্বস্তৰৰ লোকৰ মাজত চর্চিত হৈছে৷ ৰাষ্ট্রীয় ভূ–কম্পন বিজ্ঞান কেন্দ্র (এনচিএছ)ৰ তথ্য অনুসৰি, কেৱল মে’ মাহতে অসমত ২৫টাকৈ সৰু–মজলীয়া পর্যায়ৰ ভূমিকম্প অনুভূত হৈছে৷ যিটো ভাৰতৰ যিকোনো ৰাজ্যতকৈ সর্বাধিক৷

আনহাতে, মে’ মাহত উত্তৰ–পূর্বাঞ্চল মণ্ডলত মুঠ ৬৯টা সৰু আৰু মজলীয়া আকৃতিৰ ভূমিকম্প অনুভূত হৈছে, য’ত চুবুৰীয়া অৰুণাচল প্রদেশত ১৭টা আৰু মণিপুৰত ১১টা জোকাৰণি অনুভূত হৈছে৷ চলিত বর্ষৰ জানুৱাৰীৰ পৰা মে’ মাহপর্যন্ত অসমত সর্বমুঠ ৭৩টা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে৷ ইয়াৰ ভিতৰত মে’ মাহত ২৫টা, এপ্রিল মাহত ১৬টা, মার্চ মাহত ১৪টা, ফেব্রুৱাৰী মাহত ৯টা আৰু জানুৱাৰী মাহত ৯টা ভূ–কম্পনৰ জোকাৰণি আছে৷

উল্লেখ্য যে মে’ মাহত সমগ্র ভাৰতীয় ভূখণ্ডত মুঠ ১২৫টা জোকাৰণি অনুভূত হৈছিল আৰু ইয়াৰে ৬৯টাই আছিল অসমৰ৷ এপ্রিল মাহত সমগ্র ভাৰতীয় ভূখণ্ডত মুঠ ১৩৪টা ভূ–কম্পনৰ জোকাৰণিৰ সৃষ্টি হৈছিল৷ ইয়াৰ উত্তৰ–পূব খণ্ডত ৬৩টা জোকাৰণি আছিল৷ এই মাহত অৰুণাচলত ১২টা, অসমত ১৬টা আৰু ছিকিমত ১৭টা জোকাৰণি অনুভূত হৈছিল৷ মার্চ মাহত সমগ্র ভাৰতীয় ভূ–খণ্ড মণ্ডলত মুঠ ১১২টা ভূমিকম্পৰ জোকাৰণিৰ সৃষ্টি হৈছিল৷ ইয়াৰে উত্তৰ–পূব মণ্ডলত ৬৭টা ভূ–কম্পনৰ জোকাৰণি আছিল৷ ইয়াৰ ভিতৰত ২০টা ছিকিমত, ১৪টা অসমত আৰু ১১টা অৰুণাচল প্রদেশত জোকাৰণি আছিল৷

চলিত বর্ষৰ ফেব্রুৱাৰী মাহত ভাৰতীয় ভূ–খণ্ডত মুঠ ১৩৬টা জোকাৰণিৰ বিপৰীতে উত্তৰ–পূব মণ্ডলত ১০৩টা জোকাৰণি অনুভূত হৈছিল৷ ইয়াৰ ভিতৰত অসমত ৯টা আৰু ছিকিমত সর্বাধিক ৭৪টা ভূ–কম্পনৰ জোকাৰণি অনুভূত হৈছিল৷ জানুৱাৰী মাহত ভাৰতীয় ভূ–খণ্ডত মুঠ ৬৪টা ভূ–কম্পনৰ জোকাৰণি আছিল৷ ইয়াৰ ভিতৰত ৯টা অসমত অনুভূত হোৱাৰ বিপৰীতে উত্তৰ–পূব মণ্ডলত ২৫টা ভূ–কম্পন অনুভূত হৈছিল৷ উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিৰ পৰাই অসম আৰু উত্তৰ–পূর্বাঞ্চলত সঘনভাৱে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ আহিছে৷

বছৰটোৰ আৰম্ভণিতে ৫ জানুৱাৰীত নগাঁও জিলাৰ ধিং অঞ্চলক কেন্দ্র কৰি ৫.১ৰ পৰা ৫.৩ প্রাবল্যৰ এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ এই কম্পন গুৱাহাটী, মৰিগাঁও, তেজপুৰ, মঙলদৈ, নলবাৰী, বমডিলা পর্যন্ত অনুভূত হয়৷ ইয়াৰ পিছত ২৪ জানুৱাৰীত গোৱালপাৰা–দুধনৈ অঞ্চলত ৪.১ প্রাবল্যৰ ভূমিকম্প ৰেকর্ড কৰা হয়৷ ১৬ ফেব্রুৱাৰীত ডিমা হাছাও–মাইবাঙত ৪.২ প্রাবল্যৰ ভূমিকম্প অনুভূত হয়৷ ২৭ মার্চত গোৱালপাৰা অঞ্চলত ৩.৯ প্রাবল্যৰ আৰু ১৭ এপ্রিলত তিনিচুকীয়া–ডুমডুমা অঞ্চলত ৪.৩ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ ৬ মে’ত অৰুণাচল সীমান্তত সংঘটিত ৪.৬ প্রাবল্যৰ জোকাৰণি অনুভূত হৈছিল, যাৰ প্রভাৱ সমগ্র উজনি অসমত পৰিছিল৷ ৯ মে’ত ধুবুৰীৰ বিলাসীপাৰাত ৪.৪ প্রাবল্যৰ এক ভূমিকম্প অনুভূত হয়৷ এপ্রিল মাহৰ ৭ তাৰিখে হাইলাকান্দিত ৪.৮ প্রাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয়, যাৰ প্রভাৱ পৰে নামনি অসমৰ কেইবাটাও অঞ্চলত৷ শেহতীয়াকৈ ৭ জুনত ভূটানত ৫.৮ প্রাবল্যৰ ভূমিকম্পই সমগ্র উত্তৰ–পূবক জোকাৰি যায়৷ ইয়াৰ প্রভাৱ গুৱাহাটী, গেংটক, শ্বিলং আৰু কলকাতা পর্যন্ত পৰে৷ যোৱা ১১ জুনত কাছাৰত দুটাকৈ একেলেথাৰিয়ে ভূ–কম্পন অনুভূত হয়৷ এই দুটা ভূ–কম্পনৰ প্রাবল্য আছিল ক্রমে ৪.৭ আৰু ৩.৩৷

এনেধৰণে ব্যাপক মাত্রাত উত্তৰ–পূব তথা অসমৰ ভূ–কম্পন প্লেটত সঘনাই ভূমিকম্প হৈ থকা ঘটনাই ৰাজ্যবাসীক সন্ত্রস্ত কৰাই নহয়, বিগত শতিকাকেইটাত সংঘটিত ভয়াৱহ ভূমিকম্পৰ ভয়াৱহতাক সোঁৱৰাই দিছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত কেৱল ৫ মাহতে বৃহৎসংখ্যক সৰু–মজলীয়া পর্যায়ৰ ধাৰাবাহিক ভূমিকম্পৰ জোকাৰণিয়ে ভূতত্ব বিশেষজ্ঞসকলকো উদ্বিগ্ণ কৰি তুলিছে৷

You might also like