নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ‘ছাত্রকণ্ঠ’

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বাতিলৰ দাবীত সমগ্র ৰাজ্যৰ ছাত্র সমাজে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰাখিছে ৷ ‘কা’বিৰোধী প্রতিবাদৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোট আৰু আইন মহাবিদ্যালয়ৰ আছু গোটৰ উদ্যোগত সোমবাৰৰ পৰা অহোৰাত্র প্রতিবাদ কার্যসূচী চলি আছে ৷ আছুৰ এই প্রতিবাদী কার্যসূচীত সহযোগিতা আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়া সন্থা, কর্মী সন্থা, শিক্ষক সন্থা, গৱেষক ছাত্র সমাজ, ঠিকাদাৰ সন্থাকে ধৰি অঞ্চলটোৰ ৰাইজে ৷

মঙলবাৰে প্রতিবাদস্থলীত শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক তিলক হাজৰিকা, বিষয়া সন্থাৰ সাধাৰণ সম্পাদক ৱাহিদুৰ ৰহমান, পদার্থ বিজ্ঞান বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক আনন্দ কুমাৰ বৰবৰা, স্নাতকোত্তৰ ছাত্র সন্থাৰ সভাপতি অনুৰাগ কল্যাণ বৰগোহাঞি, সাধাৰণ সম্পাদক মুন তালুকদাৰ, আছুৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য পিনাক কৌশিক বৰা, গোপাল দাস, উৎপল শর্মাকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে ভাষণ আগবঢ়াই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পর্যন্ত গণতান্ত্রিক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে ৷

প্রতিবাদস্থলীত গীত–মাত পৰিৱেশন কৰি প্রতিবাদ সাব্যস্ত কৰে ছাত্র সমাজে ৷ এই প্রতিবাদী কার্যসূচীৰ আজি(বুধবাৰ) দিনৰ ১১ বজাত অন্ত পৰিব ৷ ইয়াৰ পিছতে স্নাতকোত্তৰ ছাত্র সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয় চৌহদত ‘ছাত্রকণ্ঠ’ শীর্ষক এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হ’ব ৷

You might also like