নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবকাৰীৰ অভিযানত ৫ লক্ষাধিক টকাৰ সুৰা জব্দ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ দাবীত চলা আন্দোলনৰ পৰিপ্রেক্ষিতত সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ১১ ডিচেম্বৰৰ পৰা বন্ধ আছিল সুৰাৰ বিপণী ৷ গুৱাহাটী মহানগৰীত মঙলবাৰৰ পৰা সান্ধ্য আইন প্রত্যাহাৰ কৰাত সুৰাৰ বিপণীসমূহ খোলা হৈছে ৷ ‘কা’ৰ বিৰুদ্ধে চলা আন্দোলনৰ সময়ছোৱাত যাতে অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্রতি লক্ষ্য ৰাখি আবকাৰী বিভাগে যোৱা ১২ৰ পৰা ১৬ ডিচেম্বৰলৈ খানাপাৰাত অভিযান চলাইছিল ৷ এই সময়ছোৱাত একাংশ লোকে মেঘালয়ৰ পৰা সুৰা ক্রয় কৰি গুৱাহাটীলৈ অনাৰ সময়ত খানাপাৰাত আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ মেঘালয়ৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ আবকাৰী বিভাগে জানিবলৈ দিয়া মতে এই সময়ছোৱাত প্রায় ৫০০০ বটল বিলাতী সুৰা জব্দ কৰা হয় ৷ যাৰ বজাৰ মূল্য ৫ লক্ষাধিক টকা হ’ব বুলি আবকাৰী সূত্রত প্রকাশ ৷ ইফালে ১১ ডিচেম্বৰৰ পৰা সুৰাৰ বিপণীসমূহ বন্ধ থকাৰ পৰিপ্রেক্ষিতত আবকাৰী বিভাগে ৬ কোটি টকাৰ ৰাজহ হেৰুৱাই বুলি আবকাৰী বিভাগৰ শীর্ষ সূত্রই জানিবলৈ দিছে ৷

You might also like