নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাৰ উন্নয়নৰ বাবে ৩১.৩৯ লাখৰ অনুদান গুৱাহাটী ৰিফাইনেৰীৰ

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাবে এটা সুখবৰ৷ বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু গুৱাহাটী শোধনাগাৰৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজিৰ চুক্তি৷ এই চুক্তি অনুসৰি গুৱাহাটী ৰিফাইনেৰীয়ে চিএছআৰৰ অধীনত চিৰিয়াখানাক প্রদান কৰিছে ৩১ লাখ ২৯ হাজাৰ ৩৯৫ টকাৰ চেক৷ চিৰিয়াখানাৰ সেউজীকৰণ, বিশেষকৈ কৃত্রিমভাৱে ঘাঁহ প্রস্তুত কৰা আৰু বিভিন্ন উন্নয়নমূলক কামত খৰচ কৰা হ’ব এই ধন৷ এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে চিৰিয়াখানাত এদিনত প্রস্তুত হ’ব প্রায় ১,২০০ কুইণ্টল ঘাঁহ৷ যিয়ে জীৱ–জন্তুক যথেষ্ট উপকৃত কৰিব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য যে এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্রী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ প্রিঞ্চিপাল ছীফ কনজাৰভেটৰ ড০ এ এম সিং, ছীফ ৱাইল্ডলাইফ ৱার্ডেন এম কে যাদৱ আৰুIOCL, গুৱাহাটী শোধনাগাৰৰ কার্যবাহী সঞ্চালক সঞ্জয় মানচণ্ডা, চিৰিয়াখানাৰ ডিএফ’ তেজছ মৰিস্বামীকে ধৰিবহু বিশিষ্ট ব্যক্তি৷ ইফালে ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদৰ বাবে পূর্বতকৈ দর্শনার্থীৰ সংখ্যা হ্রাস পোৱা বুলি মন্তব্য কৰিছে মন্ত্রী পৰিমল শুক্লবৈদ্যই৷ বিগত বর্ষত নৱবর্ষৰ প্রথম দিনা ১২,৩০০গৰাকী দর্শনার্থীৰ বিপৰীতে এইবাৰ দর্শনার্থীৰ সংখ্যা হৈছে ১০,১০০গৰাকী৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ আন্তঃগাঁথনি উন্নয়নৰ উপৰি শীঘ্রে বহিঃৰাষ্ট্রৰ পৰা এটা জিৰাফ আৰু ২টা জেব্রা অনা হ’ব বুলিও মন্তব্য কৰে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷

You might also like