নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছদিনত ২০ হাজাৰ পৰিয়ালকহে ৰেচন প্ৰশাসনৰ

মহানগৰ জিলাৰ পাঁচ ৰাজহ চক্ৰ এলেকাৰ বহু দৰিদ্ৰ পৰিয়ালে পোৱা নাই খাদ্য সামগ্ৰী

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউন ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে জনসাধাৰণ। লকডাউনৰ সময়ছোৱাত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা শ্ৰমিক, ৰিক্সাচালক, ঠেলাচালক, পদপথ ব্যৱসায়ীসকলে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। ক’ৰোনা ভাইৰাছৰ সংক্ৰমণক কেন্দ্ৰ কৰি অব্যাহত থকা লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত দৰিদ্ৰ লোকসকলৰক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে শ্ৰমিক, ৰিক্সা চালক, ঠেলা চালক সকলৰ মাজত ৭ দিনৰ ৰেচন প্ৰদানৰ ব্য়ৱস্থা কৰিছিল। যোৱা ৩১ মাৰ্চৰ জিলা প্ৰশাসনে দিছপুৰ, গুৱাহাটী, আজাৰা, সোণাপুৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দৰিদ্ৰ পৰিয়ালসমূহক ১৪ কিঃগ্ৰাঃ চাউল, ৩ কিঃগ্ৰাঃ দাইল আৰু ১ কিঃগ্ৰাঃ কৈ নিমখ যোগান ধৰাৰ ব্যৱস্থা কৰিছিল। চক্ৰ বিষয়াৰ নেতৃত্বত প্ৰতিটো ৰাজহ চক্ৰ এলেকাত বিগত ৬ টা দিনত প্ৰায় ২০ হাজাৰ পৰিয়ালৰ মাজত এসপ্তাহৰ খাদ্য সামগ্ৰী প্ৰদান কৰিছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লবলগীয়া সাৱধানতা অৱলম্বন কৰি এই দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰা হৈছে যদিও সামাজিক দূৰত্ব বজাই নৰখাকৈ খাদ্য সামগ্ৰী লবলৈ ৰাইজে ভিৰ কৰাত বহুকেইটা স্থানত বিতৰণ বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। ইফালে মহানগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ অন্তৰ্গত বহু দৰিদ্ৰ পৰিয়ালে এতিয়াও প্ৰশাসনে যোগান ধৰা খাদ্য সামগ্ৰী লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰশাসনে দিয়া নিৰ্দেশ অনুসৰি বহু পৰিয়ালে ১৪ কিঃগ্ৰাঃ কৈ চাউল লাভ নকৰাৰো অভিযোগ উত্থাপিত হৈছে। অৱশ্যে জিলা প্ৰশাসনে লাভ কৰা তথ্যৰ ভিত্তিত দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰি থকা বুলি জানিবলৈ দিছে। লগতে এতিয়াও খাদ্য সামগ্ৰী লাভ নকৰা দৰিদ্ৰ পৰিয়াল অথবা শ্ৰমিকসকলক জিলা প্ৰশাসনৰ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

You might also like