নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিলাৰী পাইছৰ ‘ৱেটিং ফৰ দ্য পিএলএ’ গ্রন্থ প্রকাশ

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ ১৯৬২ চনৰ ভাৰত–চীন যুদ্ধৰ সন্ধিক্ষণৰ কাহিনীৰে লিখি উলিওৱা ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া ড০ হিলাৰী পাইছৰ শেহতীয়া গ্রন্থ ‘ৱেটিং ফৰ দ্য পিএলএ’ প্রকাশ পাইছে৷ উল্লেখ্য যে ১৯৬১–৬২ চনত তেজপুৰত সহঃ আয়ুক্ত আৰু ’৬২ চনৰ মাজভাগৰ পৰা উত্তৰ লখিমপুৰত মহকুমাধিপতি হিচাপে কর্মৰত ড০ পাইছে ভাৰত–চীন সীমান্তত পাহাৰীয়া এলেকা, কামেং সীমান্ত অঞ্চল আৰু সোৱণশিৰি সীমান্ত অঞ্চলত চলা ভাৰত–চীনৰ যুদ্ধত আলেখ–লেখ প্রত্যক্ষ কৰিছিল৷ সেই সময়ত যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিত তেজপুৰ, উত্তৰ লখিমপুৰৰ বাসিন্দাসকলে প্রাণৰ মমতাত ঘৰ–বাৰী এৰি কেনেদৰে পলাবলগীয়া হৈছিল, কেনে উৎকণ্ঠাৰে দিন কটাইছিল, কাৰ ভুলৰ পৰিণতিত এই পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ সমগ্র তথ্যৰ ভিত্তিত প্রস্তুত কৰা এই গ্রন্থখনে শেহতীয়াকৈ যথেষ্ট সমাদৰ লাভ কৰিছে৷ মন কৰিবলগীয়া যে ভাৰত–চীন যুদ্ধৰ পৰৱর্তী সময়ত চাকৰি সূত্রে ড০ পাইছ ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়লৈ বদলি হৈ দিল্লীত কর্মৰত হয় আৰু অৱসৰৰ পাছত ১৯৭২ চনত অসমলৈ ঘূৰি আহি পূবৰ দৰং জিলাৰ সদৰ তেজপুৰত উপায়ুক্ত হিচাপে যোগদান কৰে৷ সেই সময়ছোৱাত ভাৰত–চীন যুদ্ধৰ সময়ত সংঘটিত ঘটনাৰাজিৰ চৰজমিন নিৰীক্ষণ তথা বিভিন্ন লোকৰ লগত আলোচনা কৰি গ্রন্থখনৰ সমল বুটলিবলৈ সক্ষম হৈছিল৷

You might also like