নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবাৰীৰ বিপণন ক্ষেত্রত ভোগালীৰ প্রস্তুতি

হেঁপাহৰ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অসমবাসীৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন ৷ ভোগৰ উৎসৱ ভোগালী বিহুত উদৰ পূৰাই লগে–ভাগে এসাঁজ খোৱাৰ বাবে চৌদিশে ব্যাপক প্রস্তুতি চলিছে ৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ভোগালীৰ পিঠা–পনা আৰু অন্যান্য খাদ্যসামগ্রী প্রস্তুত কৰাৰ আগতীয়া প্রস্তুতি আৰম্ভ হৈছে ৷ মহানগৰীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্রত সমাগত ভোগালী বিহুত গ্রাহকসকলৰ প্রয়োজনীয় সকলো প্রকাৰৰ পিঠা–পনা আৰু অন্যান্য খাদ্যসামগ্রী প্রস্তুত কৰাৰ বাবে থলুৱা ব্যৱসায়িক প্রতিষ্ঠানটোৱে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে ৷

থলুৱা খাদ্যসামগ্রীৰ এক নির্ভৰযোগ্য প্রতিষ্ঠান হিচাপে পৰিচিত বিপণন ক্ষেত্রত সমাগত বিহুত থিতাতে পিঠা–পনা লাড়ু আদি প্রস্তুত কৰি গ্রাহকৰ চাহিদা পূৰণ কৰিবলৈ প্রতিষ্ঠানৰ কর্মচাৰীসকলে ইতিমধ্যে মাটিৰ চুলা আদি প্রস্তুতৰ কাম আৰম্ভ কৰিছে ৷ ভোগালী বিহুৰ সময়ছোৱাত প্রতিষ্ঠানটোৱে গ্রাহকৰ অভাৱ পূৰণৰ বাবে আৰম্ভণিৰে পৰা প্রচেষ্টা অব্যাহত ৰাখিছে ৷ এইবেলিও যাতে গ্রাহকসকলক ভোগালীৰ জলপানকে ধৰি সমগ্র সামগ্রী যোগান ধৰিব পাৰে তাৰ বাবে আগতীয়াকৈ প্রস্তুতি আৰম্ভ কৰিছে ৷

উল্লেখ্য যে বিহুৰ সময়ছোৱাত থলুৱা খাদ্য সম্ভাৰ বিচাৰি প্রতিষ্ঠানটোত শ শ গ্রাহকে ভিৰ কৰে৷ ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্রত প্রতিবছৰে অনুষ্ঠিত হোৱা ভোগালী মেলাতো গ্রাহক–ক্রেতাই দৈ–চিৰা–মুড়ি, লাড়ু, পিঠা–পনা, গুৰ আৰু ভোগালীৰ অন্যান্য খাদ্যসামগ্রী বিচাৰি শ শ গ্রাহকে ভিৰ কৰে ৷

You might also like