নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰত কেইবামহলীয়া অবৈধ অট্টালিকা নির্মাণ

জিএমচিৰ নীতি উলংঘা এ কে দাস কনষ্ট্রাকচনৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত পৌৰ নিগমৰ নীতি–নির্দেশনা উলংঘাৰে মেছার্ছ এ কে কনষ্ট্রাকচনে অবৈধ অট্টালিকা নির্মাণ কৰাৰ বাতৰি নিয়মীয়া বার্তাত প্রকাশ পোৱাৰ পিছতে পৌৰ নিগমৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ জি এম ডি এৰ অনুমতি অবিহনে জি এম চিৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ফাঁচীবজাৰৰ এছ এছ ৰোডত মেছার্ছ এ কে দাস কনষ্ট্রাকচন এণ্ড ছাপ্লায়াৰ নামৰ প্রতিষ্ঠানটোক জি প্লাছ ৪ অট্টালিকা নির্মাণৰ অনুমতি দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল৷ অভিযোগ অনুসৰি অনির্বাণ দাস আৰু আনোৱাৰ হুছেইন নামৰ বিল্ডাৰ দুজনে নাচিম আহমেদ নামৰ এজন অভিযন্তাৰ সহযোগত টাউন প্লেনাৰ, জি এম চিৰ উপ–আয়ুক্ত দ্বীজেন সিং, পৌৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰকে ধৰি কেইবাজনো বিষয়া–কর্মচাৰীক মেনেজ কৰি মাত্র কেইটামান মাহৰ ভিতৰতে গৃহ নির্মাণৰ নীতি–নির্দেশনা উলংঘাৰে বৃহৎ অট্টালিকাটো নির্মাণৰ কাম আৰম্ভ কৰে৷ অভিযোগ অনুসৰি জি প্লাছ ৪ অট্টালিকা নির্মাণৰ বাবে অনির্বাণ দাস আৰু আনোৱাৰ হুছেইন নামৰ বিল্ডাৰ দুজনে পৌৰ নিগমৰ পৰা অনুমতি উলিওৱাৰ উপৰি অগ্ণিনির্বাপক বাহিনীকে ধৰি কেইবাটাও বিভাগৰ পৰা আপত্তিবিহীন প্রমাণ–পত্র উলিয়াই মাত্র কেইমাহমানৰ ভিতৰতে অট্টালিকাটো নির্মাণ কৰিছে৷ নিয়ম অনুসৰি জি প্লাছ ২ অট্টালিকা এটা নির্মাণ কৰিলেই বিল্ডাৰে পাইলিং কৰিব লাগে৷ কিন্তু ফাঁচীবজাৰত এ কে দাস কনষ্ট্রাকচনে নির্মাণ কৰা অট্টালিকাটো পাইলিং নকৰাকৈ নির্মাণ কৰাৰ লগতে পার্কিং, ফায়াৰ ৰিজার্ভাৰ, চৌহদৰ চাৰিওকাষে মুকলি ঠাই ৰখা নাই৷ পৌৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰৰ জ্ঞাতসাৰে ফাঁচীবজাৰত নীতি–বহির্ভূতভাৱে অট্টালিকা নির্মাণ কৰাৰ পিছতো এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ ২ কঠা ৯ লেচা মাটিত জি প্লাছ ৪ অট্টালিকা নির্মাণৰ বাবে পৌৰ নিগমে কিদৰে অনুমতি দিলে, অগ্ণিনির্বাপক বাহিনীয়ে কিদৰে আপত্তিবিহীন প্রমাণ–পত্র দিলে সেয়া তদন্ত কৰিলেই পোহৰলৈ আহিব৷ ফাঁচীবজাৰৰ এ কে দাস কনষ্ট্রাকচনে গৃহ নির্মাণৰ নীতি–নির্দেশনা উলংঘাৰে নির্মাণ কৰা অট্টালিকাটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিলেই পৌৰ নিগমত গৃহ নির্মাণৰ অনুমতি প্রদানৰ নামত দালালৰাজ চলাই থকা বিষয়া–কর্মচাৰীৰ দীঘলীয়া তালিকা পোহৰলৈ আহিব৷

You might also like