নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছমৰীয়াৰ অত্যাচাৰত দিশহাৰা দেশী–বিদেশী পৰিভ্রমী পক্ষী

পক্ষী অভয়াৰণ্য দীপৰ বিললৈ তীব্র ভাবুকি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ৰামচাৰ ছাইট খ্যাত অসমৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিলত মাছ মৰা উৎসৱৰ নামত দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ স্বাভাৱিক জলকেলি বাধাগ্রস্ত কৰি অহাৰ ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে তথাকথিত পাঁচপৰীয়া সমবায় সমিতি লিমিটেডৰ নামত দীপৰ বিলৰ দাঁতিকাষৰীয়া মাছমৰীয়া সম্প্রদায়ৰ একাংশ মাছমৰীয়াই দীপৰ বিলত প্রত্যেক বছৰে জানুৱাৰী মাহৰ প্রথমটো দেওবাৰে এই মাছ মৰা উৎসৱ পালন কৰি আহিছে ৷ মাছ মৰা উৎসৱৰ নামত পাঁচ শতাধিক নাৱেৰে সহস্রাধিক লোকে হাই–উৰুমি কৰি দিনে–নিশাই দীপৰ বিলত মাছ মৰাৰ ফলত পক্ষী অভয়াৰণ্যখনলৈ অহা দেশী–বিদেশী পৰিভ্রমী পক্ষীসমূহ ভীতিগ্রস্ত হৈ পৰে ৷ মাছ মৰা উৎসৱৰ নামত ভীতিগ্রস্ত হৈ পৰা পক্ষীসমূহ দিশহাৰা হৈ দীপৰ বিলৰ পৰা যেনি–তেনি আঁতৰি যায় ৷ এইদৰে আঁতৰি গৈ দাঁতিকাষৰীয়া জলাশয়, ব্রহ্মপুত্রৰ পাৰত আশ্রয় লোৱা পক্ষীসমূহক একাংশ লোকে জাল পাতি বা অন্য ধৰণে চিকাৰ কৰি বিক্রী কৰি আহিছে ৷

যাৰ ফলস্বৰূপে দীপৰ বিললৈ প্রতিবছৰে আগমন ঘটা দেশী–বিদেশী পক্ষীৰ আগমনৰ সংখ্যা ক্রমান্বয়ে কমি অহা পৰিলক্ষিত হোৱা বুলি প্রকৃতিপ্রেমীসকলে মত ব্যক্ত কৰিছে ৷ যদিহে মাছ মৰা উৎসৱৰ নামত দীপৰ বিলত এনেদৰে প্রতিবছৰে অত্যাচাৰ চলি থাকে, তেন্তে কেইবছৰমান পিছতে পক্ষী অভয়াৰণ্যৰ মানচিত্রৰ পৰা দীপৰ বিলখন নিশ্চিহ্ন হোৱাৰ আশংকা আছে ৷ উল্লেখ্য যে দীপৰ বিলত এইদৰে মাছ মৰা উৎসৱৰ নামত চলি অহা অত্যাচাৰ বন্ধ কৰাৰ বাবে স্থানীয় ৰাইজকে ধৰি প্রকৃতিপ্রেমী সংগঠনসমূহে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো বন বিভাগে এইক্ষেত্রত কোনো গুৰুত্ব প্রদান কৰা নাই ৷ মন কৰিবলগীয়া যে বনমন্ত্রী পৰিমল শুক্লবৈদ্যক বহুকেইটা প্রকৃতিপ্রেমী সংগঠনে দীপৰ বিল পক্ষী অভয়াৰণ্যক সংৰক্ষণ আৰু সংবর্ধনৰ বাবে মাছ মৰা উৎসৱ বন্ধ কৰাৰ বাবে বিভিন্ন সময়ত লিখিত আৰু মৌখিকভাৱে দাবী জনাই আহিছে ৷

আনকি বন বিভাগে দীপৰ বিলত মাছ মৰা, উচ্চ প্রাবল্যৰ শব্দ সৃষ্টি কৰা, দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ স্বাভাৱিক জলকেলি বাধাগ্রস্ত নোহোৱাৰ বাবে ১৪৪ ধাৰা জাৰি কৰি থৈছে৷ ইয়াৰ পিছতো পাঁচ শতাধিক নাৱেৰে সহস্রাধিক লোকে কেনেকৈ দীপৰ বিলত মাছ মৰা উৎসৱ পালন কৰিব পাৰে তাক লৈ সর্বত্র চর্চা চলিছে ৷ অভিযোগ অনুসৰি তথাকথিত পাঁচপৰীয়া সমবায় সমিতিৰ একাংশ বিষয়া–কর্মচাৰীয়ে বনমন্ত্রী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ বিষয়া–কর্মচাৰী আৰু আৰক্ষীক মেনেজ কৰি বছৰৰ পিছত বছৰ ধৰি পক্ষী অভয়াৰণ্যখনলৈ ভাবুকি সৃষ্টি কৰি আহিছে৷ মন কৰিবলগীয়া যে স্মার্ট চিটীৰ অন্তর্ভুক্ত কৰা দীপৰ বিলৰ জৈৱ বৈচিত্র্যৰ প্রতি ভাবুকি কঢ়িয়াই প্রতিবছৰে মাছ মৰা উৎসৱৰ নামত পাঁচপৰীয়া সমবায় সমিতিয়ে পক্ষী অভয়াৰণ্যখনক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে ৷ এই মাছ মৰা উৎসৱৰ নামত ১ কেজি ওজনৰ ৰৌ, বৰালি, ভকুৱা মাছ ১২০০ৰ পৰা ২০০০ টকালৈকে বিক্রী কৰি আহিছে ৷ জানিব পৰা মতে কালিৰ দিনটোতে মাছ মৰা উৎসৱৰ নামত দীপৰ বিলত প্রায় ৫০ লাখ টকাৰ মাছ পাঁচপৰীয়া সমবায় সমিতিয়ে বিক্রী কৰা বুলি চর্চা চলিছে ৷

You might also like