নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেনিছ গাৰ্ডেনৰ মনীষ তিব্ৰেৱালে নেবুলাইজড কৰিছিল মিডলেণ্ডত

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্ৰান্ত গুৱাহাটীৰ প্ৰথমজন ব্যক্তি মনীষ তিব্ৰেৱালে চিকিৎসা কৰা মিডলেণ্ড হাস্পতালখন দেওবাৰে কামৰূপ (মঃ) জিলা প্ৰশাসনে ছীল কৰি দিয়ে । মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰ পথত থকা হাস্পতালখন প্ৰশাসনে ছীল কৰাৰ পাছত ছেনিটাইজ কৰে । জিলা প্ৰশাসনৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে , এজমা ৰোগত আক্ৰান্ত তিব্ৰেৱালে যোৱা ১২,১৩ আৰু ১৪ মাৰ্চত মিডলেণ্ড হাস্পতালত নেবুলাইজড কৰিছিল । যোৱা ৩ এপ্ৰিলত তিব্ৰেৱাল ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হোৱাৰ পাচতে তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী আৰু কনটেক্ট পাৰ্ছনৰ তথ্য সংগ্ৰহ কৰে স্বাস্থ্য বিভাগে । সেইমৰ্মে তিব্ৰেৱালে মিডলেণ্ড হাস্পতালত চিকিৎসা গ্ৰহণ কৰাৰ বিষয়ে তথ্য লাভ কৰাৰ পাচতে জিলা প্ৰশাসনে হাস্পতালখন ছীল কৰি দিয়ে ।

আনহাতে তিব্ৰেৱালে চিকিৎসা গ্ৰহণৰ বাবে যাওঁতে তেওঁৰ সংস্পৰ্শলৈ অহা মিডলেণ্ড হাস্পতালৰ চিকিৎসক , নাৰ্ছ, ৰিছেপচনিষ্ট আৰু একাউণ্টেটসহ ৬ জন লোকক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে । ইয়াৰে ৩ জনৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ বিপৰীতে আন তিনিজনৰ প্ৰতিবেদন বৰ্তমানলৈ অহা নাই ।

You might also like