নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰোগ্য নিধিলৈ বেলতলা ব’হাগী উৎসৱৰ ৫ লাখ টকা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণে এতিয়া অসমতো ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে। দৈনিক ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৰাজ্যখনত বৃদ্ধি পোৱা ঘটনাই অনাগত দিনত অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ইংগিত দিছে। এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে যথেষ্ঠখিনি পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰৰ এই প্ৰচেষ্টাক অধিক সবল ৰূপ দিয়াৰ উদ্দেশ্যেই বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৫লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰে। অনলাইন যোগে উক্ত ধনৰাশি অসম আৰোগ্য নিধিৰ একাউণ্টত প্ৰদান কৰে সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে।

You might also like