আইন মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উখল-মাখল গুৱাহাটী বিশ্ববিদ্যালয়
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ : ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত পুনৰ বলিছে নিৰ্বাচনী বতাহ । বিগত ৩০ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ অহা ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্র সন্থাৰ ২০২১-২২ বর্ষৰ সাধাৰণ নিৰ্বাচন । যাৰবাবে সম্প্ৰতি ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ইতিমধ্যে আৰম্ভ হৈছে এক উখল-মাখল পৰিৱেশৰ ।
উল্লেখনীয় যে এইবেলিৰ সাধাৰণ নিৰ্বাচনত ৯ টা পদৰ বিপৰীতে ১৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে । তদুপৰি চাৰি গৰাকী প্ৰাৰ্থী ইতিমধ্যেই বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । নিৰ্বাচনত গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্র সন্থাৰ সভাপতি পদত বৰষা ডেকা আৰু ৰঞ্জন ভূঞাই প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে । আটাইতকৈ গুৰুত্বপূৰ্ণ সাধাৰণ সম্পাদক পদৰ বাবে অনুস্মিতা সাহা ৰয় আৰু তন্ময় কাজী , সহকাৰী সাধাৰণ সম্পাদক পদৰ বাবে বিদিশা শিৱম আৰু মইদুল ইছলাম মণ্ডল , সাহিত্য আৰু সুকুমাৰ কলা বিভাগৰ পদৰ বাবে জোনালী ডাকুৱা আৰু ৰুহুল আহমেদ , সাংস্কৃতিক সম্পাদক পদৰ বাবে মনীষা ডেকা আৰু পঙ্খী কলিতা , গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদৰ বাবে বৰ্ণালী বাৰো আৰু নিশা ওজা , লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদৰ বাবে মনোস্মিতা বৰ্মন আৰু ভিয়োলা শইকীয়া , ছাত্র জিৰণি কোঠাৰ সম্পাদক পদৰ বাবে বিকি লহকৰ আৰু শুভম ডেকা তথা সমাজসেৱা বিভাগৰ সম্পাদক পদৰ বাবে বৰ্ণালী ৰয় আৰু কৰিস্মিতা দাসে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে ।
ইপিনে উপ-সভাপতি পদত শুভম দত্ত , তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ সম্পাদক পদত হিমাংশু কলিতা , ছাত্ৰী জিৰণি কোঠাৰ সম্পাদক পদত নম্ৰতা ভট্টাচাৰ্যী আৰু শৰীৰচৰ্চা বিভাগৰ সম্পাদক পদত মাধুৰ্য দাস ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাস সমুহতো আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি এক উচাহমুখৰ পৰিৱেশে বিৰাজ কৰা বুলি জানিব পৰা গৈছে । অহা ১৫ ডিচেম্বৰৰ পুৱা ৯ বজাৰ পৰা বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত প্ৰাঙ্গনত ভোটদান পৰ্ব অনুষ্ঠিত হোৱাৰ বিপৰীতে একে দিনাই ভোট গণনা পৰ্বও অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে । সম্প্ৰতি প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ প্ৰাৰ্থী সকলৰ বেনাৰেৰে ভৰি পৰিছে সমগ্ৰ বিশ্ববিদ্যালয় চৌহদ ।