নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱৰ স্বাস্থ্যকর্মী প্রাঞ্জল দাস সন্ধানহীনঃ শৰাইঘাট দলঙত উদ্ধাৰ বাইক

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ৰোনা ভাইৰাছক লৈ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীত চলি থকা লকডাউনৰ মাজতেই দেওবাৰে নিশা জালুকবাৰীত এক অঘটন ঘটে ৷ আমিনগাঁওস্থিত চৰকাৰী হাস্পতালত কর্মৰত প্রাঞ্জল দাস নামৰ এজন চতুর্থবর্গৰ কর্মচাৰী ৰহস্যজনকভাৱে সন্ধানহীন হোৱাক লৈ তীব্র চাঞ্চল্য সৃষ্টি হৈছে ৷ প্রাপ্ত খবৰ মতে, মাজনিশা শৰাইঘাট দলঙৰ ওপৰত কর্মচাৰীজনৰ এ এছ–০১ এ এক্স–৩৭৬৫ নম্বৰৰ বাইকখন উদ্ধাৰ হয় যদিও বাইকখনৰ গৰাকী তথা স্বাস্থ্যকর্মীজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে বাইকখনৰ পৰা কর্মচাৰীজনৰ পৰিচয়–পত্র উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত সবিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও একাংশ লোকে কর্মচাৰীজন ব্রহ্মপুত্রৰ পৰা জঁপিওৱাৰ সন্দেহ ব্যক্ত কৰে ৷ উল্লেখ্য যে সন্ধানহীন কর্মচাৰীজনৰ ঘৰ শুৱালকুছিৰ বংশৰত বুলি জানিব পৰা গৈছে ৷

You might also like