আৰোগ্য নিধিলৈ নুনমাটি সাহিত্য সভাৰ ৬০ হাজাৰ টকাৰ অনুদান
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যতো সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা আহি পৰিছে। ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ নুনমাটি সাহিত্য সভাই উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ খেলপথাৰত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠকৰ জৰিয়তে ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধিলৈ ৬০ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। এই অনুষ্ঠানতে নুনমাটি অঞ্চলৰ উত্তৰ নুনমাটি সাৰ্বজনীন
পজা উদযাপন সমিতিয়ে ২০ হাজাৰ টকা আৰু গোপাল নগৰ উন্নয়ন সমিতিয়ে ১০ হাজাৰ টকাৰ আৰু শিৱপুৰ উন্নয়ন সমিতিয়ে ৫ হাজাৰ টকাৰ চেক অতিৰিক্ত উপায়ুক্ত গৰাকীৰ হাতত প্ৰদান কৰে। নুনমাটিবাসীয়ে সৰ্বমুঠ ৯৫ হাজাৰ টকা অসম আৰোগ্য নিধিলৈ অনুদান আগবঢ়ায়। এই অনুষ্ঠানত নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়, নুনমাটি থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰুৱাৰ লগতে প্ৰতিখন উন্নয়ন সমিতিৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে।