এমাহত সম্পত্তি কৰ আদায় নিদিয়া বিদ্যালয়ত ওলমিব তলা
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ: বছৰ বছৰ ধৰি কৰ ফাঁকি দি অহা মহানগৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম৷ পৌৰ নিগমৰ সকলো সুবিধা গ্রহণ কৰিও বহু বিদ্যালয়ে দীর্ঘদিন ধৰি আদায় দিয়া নাছিল পৌৰ কৰ৷ অৱশেষত নিয়ম ভংগ কৰা এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ জাননী প্রেৰণ কৰিছে গুৱাহাটী পৌৰ নিগমে৷ মহানগৰীৰ আভিজাত্য হিচাপে পৰিচিত এনে একাংশ শিক্ষানুষ্ঠান ক্রমে ডনবস্ক’ স্কুল, সৰলা বিৰলা, অসম জাতীয় বিদ্যালয়, সংস্কৃতি দ্য গুৰুকুল, মহর্ষি বিদ্যামন্দিৰ, এন পি এছ স্কুল, শ্রীমন্ত শংকৰদেৱ একাডেমীকে ধৰি ২৫০খন স্কুললৈ জাননী প্রেৰণ কৰিছে বিভাগটোৱে৷ উল্লেখযোগ্য যে এই স্কুলসমূহে বছৰ বছৰ ধৰি পৰিশোধ কৰা নাছিল বৃহৎ পৰিমাণৰ পৌৰ কৰ৷ ইফালে পৌৰ কৰ আদায় নিদিয়া শিক্ষানুষ্ঠানসমূহক এমাহৰ সময়সীমা বান্ধি দিছে গুৱাহাটী পৌৰ নিগমে৷ অন্যথা তেনে শিক্ষা প্রতিষ্ঠানত তলা ওলমোৱাৰো হুংকাৰ দিছে পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মাই৷ আনহাতে, ১০ বছৰে কিদৰে এই শিক্ষানুষ্ঠানসমূহে পৌৰ কৰ আদায় নিদিয়াকৈ চলি আছিল সেই সন্দর্ভতো তদন্ত হ’ব বুলি উল্লেখ কৰে পৌৰ আযুক্তগৰাকীয়ে৷ উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীত ২৫০ৰ পৰা ৩০০খন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে পৌৰ নিগমক দিবলৈ আছে প্রায় ৭ কোটি টকা৷ ইয়াৰ ভিতৰত পাণবজাৰৰ ডনবস্ক’ স্কুলে দিবলৈ আছে ১ কোটি টকা৷ ঠিক তেনেদৰে ৰয়েল গ্ল’বেল স্কুলে দিবলৈ আছে ৩৫ লাখ টকা৷ মন কৰিবলগীয়া যে ইতিমধ্যে ৰয়েল গ্ল’বেল স্কুলে দিবলৈ আছিল ৫৫ লাখ টকা৷ অৱশ্যে পৌৰ নিগমৰ প্রথমখন জাননীৰ পিছত বিদ্যালয়খনে আদায় দিছে ২৫ লাখ টকা৷ আন আন শিক্ষা প্রতিষ্ঠানসমূহে দিয়া নাই পৌৰ কৰ৷ সেয়ে জি এম চিয়ে কঠোৰ স্থিতি গ্রহণ কৰি এমাহৰ ভিতৰত সম্পতি কৰ আদায় দিবলৈ জাননী প্রেৰণ কৰিছে৷