কোৱাৰেণ্টাইন চেণ্টাৰত হাজাৰ হাজাৰ ৰোগীৰ মাজত বিনা চিকিৎসাই পৰি ৰৈছে গুৱাহাটীৰ যুৱতী
নিয়মীয়া বাৰ্তা, ১১ মেঃ সুদূৰ মহাৰাষ্ট্রত ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে গুৱাহাটী মহানগৰীৰ এগৰাকী যুৱতী ৷ নাম ডেইজী শইকীয়া৷ তেওঁ মুম্বাইৰ পি ডি হিন্দুজা হাস্পতালত এগৰাকী নার্ছ হিচাপে কর্মৰত৷ কিন্তু মাৰাত্মক ভাইৰাছ সংক্রমিত হোৱাৰ পাছতো তেওঁ ৩০ ঘণ্টা দীর্ঘ সময় ধৰি লাভ নকৰিলে উপযুক্ত চিকিৎসা৷ কালি স্বাস্থ্য পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাৰ পাছতেই ডেউজিক বোম্বে মিউনিচিপাল কর্প’ৰেচনে ৱাৰলীৰ এন এছ চি আই খেলপথাৰত স্থাপন কৰা অস্থায়ী চিকিৎসালয়লৈ লৈ আহে৷ কিন্তু চিকিৎসালয়ত চৰকাৰ কিম্বা চিকিৎসক কাৰোৱে সঁহাৰি লাভ কৰা নাই৷ দীর্ঘসময় মুম্বাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত হাজাৰ হাজাৰ ধৰি লঘোনে–ভোগে কদর্যময় অস্থায়ী চিকিৎসালয়ত কটোৱাৰ পিছত মানসিকভাৱে ভাগি পৰে ডেইজী৷
নিৰুপায় হৈ অৱশেষত তেওঁ ফেচবুক লাইভৰ জৰিয়তে বিচাৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সহায়৷ হাজাৰ হাজাৰ ৰোগীৰ মাজত বিনাচিকিৎসাৰে সময় কটোৱা ডেইজীয়ে কয় যে মুম্বাইৰ অৱস্থা অতি বেছি বেয়া হৈ পৰিছে৷ হাজাৰ হাজাৰ লোক আক্রান্ত হৈছে ক’ৰোনাত৷ তেওঁলোকক কালি বি এম চিয়ে অস্থায়ী চিকিৎসালয়লৈ লৈ আনে৷ বিয়লি ৪ বজাৰ পৰা নিশা ৮ বজালৈ অপেক্ষা কৰাৰ পিছতো পঞ্জীয়নেই কৰা নহ’ল৷ বিছনা চাদৰ সলনি নকৰাকৈ পুৰণি ৰোগীয়ে ব্যৱহাৰ কৰা বিছনাতেই থাকিবলৈ দিয়া হ’ল তেওঁলোকক৷
এক কদর্যময় পৰিৱেশ৷ ডেইজীয়ে কাম কৰা চিকিৎসালয় কর্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পিছতো লাভ নকৰিলে কোনো সঁহাৰি৷ এটা নিশা লাঘোনে–ভোকে কটোৱাৰ পাছত আজি দুপৰীয়া ১২.৩০ বজালৈ কৰা নহ’ল খাদ্য–চিকিৎসাৰ কোনো সুব্যৱস্থা৷ ইফালে, স্বাস্থ্যৰ অৱস্থাও অতি গুৰুতৰ হৈ আহিছে ডেইজীৰ৷ জ্বৰ আৰু বমিত আক্রান্ত যুৱতীগৰাকীৰ সর্বশৰীৰত বিষ৷ কঁকাল পোনাই ভালকৈ বহিবই পৰা নাই৷ হাত–ভৰিৰ গাঁঠিত অসহ্য বিষ৷ ঘৰতো ক’ব পৰা নাই৷ কাৰণ ঘৰৰ একমাত্র ছোৱালী তাই৷ এনে এটা খবৰ দিলে মাক–দেউতাক অসুস্থ হোৱাৰ ভয়৷ তেনেকৈয়ে এখন অস্থায়ী চিকিৎসালয়ত হাজাৰ হাজাৰ ক’ৰোনা ৰোগীৰ মাজত থাকি অসহায় হৈ পৰিল ডেইজী৷ লেতেৰা বিছনা, ঘৃণনীয় চিকিৎসালয়, বাথৰুমৰ পৰিৱেশ৷ জ্বৰৰ পৰা বাচিবলৈ লগত নিয়া পেৰাচিটামল টেবলেট খালে৷
অৱশেষত তেওঁ ফেচবুক লাইভৰ জৰিয়তে সদৰী কৰিলে নৰকসদৃশ পৰিৱেশৰ সন্মুখীন হোৱা মৰণকাতৰ যন্ত্রণাৰ বিষয়ে৷ ক’লে– মহাৰাষ্ট্র চৰকাৰৰ পৰা চৰম অমানৱীয় কথা৷ আৰু বিচাৰিলে অসম চৰকাৰৰ সহায়৷ ডেইজী শইকীয়াই থোকা–থুকি মাতেৰে কয় যে অসমত ড০ হিমন্ত বিশ্ব শর্মাই বহুখিনি সুবিধা দিছে৷ তাৰ তুলনাত মুম্বাইত ক’ৰোনা ৰোগীসকলক মানুহ বুলিয়েই গণ্য কৰা নাই৷ সেয়ে তেওঁক অসমলৈ ঘূৰাই আনি চিকিৎসা প্রদান কৰিবলৈ ডেইজীয়ে অনুৰোধ জনায়৷ নহ’লে মুম্বাইতে সু–চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷
ডেইজী শইকীয়াৰ বাতৰি অসমৰ সংবাদ মাধ্যমত প্রচাৰ হোৱাৰ পিছতে শংকিত হৈ পৰিছে চানমাৰিৰ নৱগিৰি পথত থকা তেওঁৰ পিতৃ–মাতৃ৷ একমাত্র জীয়াৰীক সহায় কৰিবলৈ তেওঁলোকে কাতৰ অনুৰোধ জনাইছে অসম চৰকাৰ আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷ ইয়াৰ পিছতে ড০ শর্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈ মহাৰাষ্ট্র চৰকাৰৰ স্বাস্থ্যমন্ত্রীৰ লগত যোগাযোগ কৰে৷ ড০ শর্মাৰ তৎপৰতাৰ পাছতে মহাৰাষ্ট্রৰ স্বাস্থ্য বিভাগে ডেইজী শইকীয়াক অস্থায়ী চিকিৎসালয়ৰ পৰা নিশা পি ডি হিন্দুজা হাস্পতাললৈ স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে৷ কিন্তু চিকিৎসা অবিহনে কদর্য পৰিৱেশত অসমৰ যুৱতীগৰাকী ৩০ ঘণ্টা সময় পৰি ৰ’ল৷ মাৰাত্মক ভাইৰাছত আক্রান্ত ডেইজী শীঘ্রে সুস্থ হৈ উঠাৰ কামনা কৰিছে ৰাজ্যবাসীয়ে৷ উল্লেখ্য, ডেইজীৰ লগতে হিন্দুজা হাস্পতালত কর্মৰত আন তিনিগৰাকী নার্ছো ক’ৰোনাত আক্রান্ত।