নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক লৈ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট নকৰাৰ আহ্বান ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

আজাৰা-কাঁহিকুছিত খাদ্য সামগ্ৰী বিতৰণ বিধায়কৰ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ যাতে কোনেও সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট নকৰে তাৰ বাবে সকলোৱে নজৰ দিব লাগে। এই ক্ষেত্ৰত উৰাবাতৰি বিয়পোৱা বা সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ
কৰিছে। এই মন্তব্য পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। দেওবাৰে আজৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাত দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰি বিধায়ক কলিতাই সাংবাদিকৰ আগত আৰু কয়
যে অসমত ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ২৬ জন লোকৰ ২৫ জনেই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বুলি প্ৰচাৰ হোৱাৰ পাছত একাংশ লোকে ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা চলাইছে। এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। বৰ্তমান সময়ত অপপ্ৰচাৰ চলোৱাৰ সলনি সকলোৱে সজাগ আৰু সাৱধান হৈ এই ৰোগবিধৰ
সংক্ৰমণ প্ৰতিহত কৰিব লাগে। তদুপৰি নিজামুদ্দিনৰ পৰা উভতি অহা একাংশই আত্মগোপন কৰি থকাটো অতিশয় বিপজ্জনক বিষয় বুলি উল্লেখ কৰি আজিৰ ভিতৰতে এওঁলোকক স্থানীয় আৰক্ষী-প্ৰশাসন বা স্বাস্থ্য বিভাগৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ আহ্বান জনায়। আনহাতে
কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ আৰু পঞ্চায়তৰ জিলা ভিজিলেঞ্চ কমিটিৰ সদস্য সুভাষ শৰ্মাৰ সৈতে বিধায়ক কলিতাই আজৰা কাঁহিকুছিৰ চাৰিশ দুখীয়া পৰিয়ালক চাউল, দাইল, নিমখ, আলু, গাখীৰকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে।

You might also like