নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বিবাহ অনুষ্ঠান স্থগিত ৰখাৰ আহ্বান উপায়ুক্ত বিশ্বজিৎ পেগুৰ

নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা লকডাউনৰ পৰিপ্রেক্ষিতত পণবন্দী হৈছে জনতা ৷ দেশবাসীয়েও প্রধানমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই লকডাউন মানি ঘৰতে সময় অতিবাহিত কৰিছে ৷ কেন্দ্রীয় চৰকাৰে লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই দিছে ৷ চৰকাৰ প্রশাসনেও ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ লকডাউনৰ সময়ছোৱাত জনসমাগম, বিবাহ অনুষ্ঠান আদিকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান বাতিল কৰিবলৈ ৰাইজক আহ্বান জনাইছে ৷ ইয়াৰ উপৰি সামাজিক দূৰত্ব বজাই ৰাখি কমসংখ্যক লোকৰ উপস্থিতিত এনে অনুষ্ঠান পাতিবলৈ আহ্বান জনাইছে৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মহানগৰবাসীক লকডাউনৰ সময়ছোৱাত বিবাহ অনুষ্ঠান স্থগিত ৰাখিবলৈ আহ্বান জনাইছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে কেন্দ্রীয় চৰকাৰে দিয়া নীতি–নির্দেশনা মানি একাংশ লোকে বিবাহ অনুষ্ঠান অনির্দিষ্টকাললৈ স্থগিত ৰখিছে৷ যিহেতু এপ্রিল, মে’ৰ সময়ছোৱাত ৰাজ্যত বিবাহ অনুষ্ঠান বেছিকৈ অনুষ্ঠিত হয়৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি এই সময়ছোৱাত বিবাহ অনুষ্ঠান স্থগিত ৰাখিবলৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই গুৱাহাটী মহানগৰীৰ কেইবাটাও পৰিয়ালে বিবাহ অনুষ্ঠান স্থগিত ৰখা বুলি জানিব পৰা গৈছে ৷

You might also like