গুৱাহাটীত ২৯ ডিচেম্বৰত ছানছিল্ক মেগা মিছ নর্থ–ইষ্টৰ গ্রেণ্ড ফিনালে
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ মেগা এণ্টাৰটেইনমেণ্টে গুৱাহাটীৰ এখন সংবাদ মেলত ছানছিল্ক মেগা মিছ নর্থ ইষ্টৰ ১৮সংখ্যক সংস্কৰণৰ গ্রেণ্ড ফিনালেৰ দিন ঘোষণা কৰে৷ সংবাদ মেলখনত মেগা এণ্টাৰটেইনমেণ্টৰ প্রতিষ্ঠাপক অভিজিৎ সিংহ, মেগা মিছ নর্থ ইষ্ট ২০১৮ জ্যোতিস্মিতা বৰুৱা আৰু মেগা এণ্টাৰটেইনমেণ্টৰ অফিচিয়েল ডিজাইনাৰ দীপিকা দেৱীয়ে জনোৱা মতে, ১৮সংখ্যক ছানছিল্ক মেগা মিছ নর্থ ইষ্টৰ গ্রেণ্ড ফিনালে ২৯ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা মাছখোৱাস্থিত আইটিএ সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত হ’ব৷ এই প্রতিযোগিতাখনৰ পৃষ্ঠপোষক হ’ল ছানছিল্ক ‘ড্রীম অন, শ্বাইন অন, উইথ ছানছিল্ক থিক এণ্ড লং’, আইটেক্স ডেজলাৰ, হস্পিটালিটী পার্টনাৰ ৰেডিচন ব্লু, শ্বপিং পার্টনাৰ শ্বোহম আৰু জুৱেলাৰী পার্টনাৰ এল গোপাল জুৱেলার্ছ৷ এই বছৰ ছানছিল্ক মেগা মিছ নর্থ ইষ্টৰ আটাইতকৈ অনন্য দিশটো হ’ল যে প্রতিযোগিতাখনত কেৱল এগৰাকী নহয়, তিনিগৰাকী বিজয়ী থাকিব৷ এইবাৰ কোনো ৰানার্ছ আপ নহ’ব আৰু তিনিওগৰাকী শীর্ষ প্রতিযোগীক একেটা পুৰস্কাৰ পেকেজৰ সৈতে সমান মর্যাদাৰে মুকুট পিন্ধোৱা হ’ব৷
লক্ষণীয়ভাৱে মেগা এণ্টাৰটেইনমেণ্টে এই বছৰ প্রতিযোগীসকলৰ বাবে নূন্যতম উচ্চতাৰ চর্তও প্রত্যাহাৰ কৰিছে, যাতে প্রতিগৰাকী প্রতিভাৱান আৰু আত্মবিশ্বাসী যুৱতীয়ে প্রতিযোগিতাত সুনাম অর্জন কৰাৰ সুযোগ পায়৷