নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীলৈ ড্রাগ্ছ সৰবৰাহত উগ্রপন্থী সংগঠন; এনচিবিৰ বিষয়াৰে আৰক্ষী আয়ুক্তৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ সক্রিয় হৈ পৰিছে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্র৷ ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ড আৰু মেঘালয় হৈ গুৱাহাটীৰ মাজেৰে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রই ন ন কৌশলেৰে ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই সংগীতা ৰাণী দেৱী নামৰ এগৰাকী ড্রাগ্ছ সৰবৰাহকাৰী মহিলাক গ্রেপ্তাৰ কৰাৰ পিছতেই আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৰ লগত মণিপুৰী উগ্রপন্থী সংগঠন জড়িত থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷

গুৱাহাটীৰ ড্রাগ্ছ মাফিয়াৰে উগ্রপন্থী সংগঠনৰ সম্পর্ক থকাৰ তথ্য পোহৰলৈ অহাত উদ্বিগ্ণ হৈ পৰিছে গৃহ মন্ত্রালয়৷ বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি গৃহ মন্ত্রালয়ে পল্টনবজাৰ থানাত ৰুজু হোৱা ৫০১/২০২০ নম্বৰৰ গোচৰটো নার্ক’টিক কণ্ড্র’ল ব্যুৰ’লৈ (এনচিবি) হস্তান্তৰ কৰে৷ গুৱাহাটীলৈ ড্রাগ্ছ সৰবৰাহৰ লগত উগ্রপন্থী সংগঠন জড়িত থকা বিষয়টোৰ তদন্ত কৰিবলৈ এনচিবিৰ এটা দল কালি গুৱাহাটীত উপস্থিত হয়৷ এনচিবিৰ দলটোৱে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাৰ লগত বৈঠকত মিলিত হয়৷ আজি এনচিবিৰ দলটোৱে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ উপ–আৰক্ষী আয়ুক্ত বৰুণ পুৰকায়স্থৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ ড্রাগ্ছ সৰবৰাহৰ লগত উগ্রপন্থী সংগঠন জড়িত হৈ থকা বিষয়টোৱে সম্প্রতি গৃহ মন্ত্রালয়ত জোকাৰণিৰ সৃষ্টি কৰিছে৷

You might also like