নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্রাৱাস ছেনিটাইজেচনৰ দাবী

নিয়মীয়া বাৰ্তা, ৫ জুনঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্রেণীসমূহ আৰম্ভ হোৱাৰ পূর্বে ছাত্রাৱাস আৰু সমগ্র চৌহদটো ছেনিটাইজেচন কৰাৰ বাবে দাবী জনায় বিশ্ববিদ্যালয়ৰ উপাচার্যক এখন স্মাৰক–পত্র প্রদান কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই৷

স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে এই সন্দর্ভত জানিবলৈ দিয়া মতে, চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদটোক কোৱাৰেণ্টাইন কেন্দ্র হিচাপে ব্যৱহাৰ কৰিছে৷ বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা কেইবাজনো লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে, যাৰ বাবে ছাত্রাৱাসৰ আৱাসীসকল শংকিত হৈ পৰিছে৷ কিয়নো পাঠদানৰ পূর্বেই আৱাসীসকল ছাত্রাৱাসলৈ উভতি আহিব লাগিব৷ তেনেক্ষেত্রত ছাত্র–ছাত্রীসকলৰ সুৰক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষ আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগে বিশেষ সাৱধানতা অৱলম্বন কৰাৰ প্রয়োজন আছে৷ আৱাসীসকল উভতি অহাৰ পূর্বেই সতর্কতামূলক ব্যৱস্থা হিচাপে আৱাসসমূহ তিনিটা পর্যায়ত ছেনিটাইজেচন কৰাৰ লগতে সমগ্র গুৱাহাটী বিশ্ববিদ্যালয় চৌহদটো সম্পূর্ণৰূপে ছেনিটাইজেচন কৰা উচিত হ’ব৷

তদুপৰি কোৱাৰেণ্টাইন কেন্দ্র হিচাপে ব্যৱহাৰ কৰা ছাত্রাৱাসকেইটাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে নতুন ৰূপত সজাই তোলাৰ দাবী জনাইছে স্নাতকোত্তৰ ছাত্র সন্থাই৷ একেদৰে শিক্ষার্থীসকলৰ স্বাস্থ্য সুৰক্ষাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় খোলাৰ পূর্বে পর্যাপ্ত সংখ্যক ‘টেষ্টিং কীট’ৰ ব্যৱস্থা কৰিবলৈও সন্থাই উপাচার্যক দাবী জনায়৷

You might also like