নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত সীমান্ত সুৰক্ষা বাহিনীৰ দুই জোৱানসহ চাৰিজন ক’ৰোনাত আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ মাৰাত্মক ক’ৰোনাই সম্প্রতি গুৱাহাটী মহানগৰীৰ উপৰি পার্শ্বৱর্তী এলেকালৈ সম্প্রসাৰিত হোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ চন্দ্রপুৰ ৰাজহ চক্রৰ অন্তর্গত বিভিন্ন এলেকাত দ্রুতহাৰত ক’ৰোনা আক্রান্তৰ সংখ্যা প্রায় প্রতিদিনে বৃদ্ধি পাবলৈ লৈছে৷ বিগত তিনিটা দিনত বহুকেইজন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পিছত আজি চাৰিজনৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে৷ আজি আক্রান্ত হোৱা চাৰিজনৰ ভিতৰত দুজন জোৱানো আছে৷ প্রাপ্ত তথ্য অনুসৰি, চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ আৱাসিক এলেকাত থকা সীমা সুৰক্ষা বলৰ জোৱান প্রত্যেক্ট ৰাণা আৰু বি এছ এফৰ জোৱান ৰাজেশ কুমাৰ চৌধুৰী আক্রান্ত হৈছে৷

জানিব পৰা মতে, ৰাজেশ নামৰ বি এছ এফৰ জোৱানজনক আজি স্বাস্থ্য বিভাগে চিকিৎসালয়ত ভর্তি কৰাৰ বিপৰীতে এছ এছ বিৰ জোৱানজনক বাতৰি লিখা পৰলৈ স্থানান্তৰ কৰা নাই সংশ্লিষ্ট বিভাগে৷ উল্লেখ্য যে এই দুয়োটা বিভাগৰ আৰু তিনিজন জোৱান ক্রমে যাদৱ নিখিল, ধর্মেশ্বৰ ৰাম আৰু অৰিঞ্জয় কুমাৰ ইতিমধ্যে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ আনহাতে, আজি আক্রান্ত চাৰিজনৰ জোৱান দুজনৰ বাহিৰে বোন্দাত ৰোহি কুমাৰ শ্বাহ আৰু পানীখাইতী হাতীশিলাৰ শংকৰ লাল নামৰ দুজন আক্রান্ত হৈছে৷ তেওঁলোকক ইতিমধ্যে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰাৰ লগতে বাসগৃহকেইটা কনটেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰি ছীল কৰিছে প্রশাসনে৷ ইফালে, বৃহত্তৰ চন্দ্রপুৰত আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী৷

You might also like